Mizoram Assembly Election 23: মিজোৰামত পুনৰ ক্ষমতালৈ অহাৰ ওপৰত আত্মবিশ্বাসী জোৰামথাংগা

Mizoram Assembly Election 23: Zoramthanga confident of MNF returning to power in Mizoram
Mizoram Assembly Election 23: মিজোৰামত পুনৰ ক্ষমতালৈ অহাৰ ওপৰত আত্মবিশ্বাসী জোৰামথাংগা

আইজল, ৭ নৱেম্বৰ: ইলেক্ট্ৰনিক ভোটিং মেচিন(Electronic Voting Machine)ৰ বিজুতিৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰাৰ ক্ষেত্ৰত প্ৰথমে অসুবিধাৰ সন্মুখীন হৈছিল যদিও পিছত মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাঙ্গাই উত্তৰ আইজল -২ বিধানসভা সমষ্টিৰ অন্তৰ্গত এটা ভোটকেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে।

ভোটদানৰ অন্তত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত জোৰামথাংগাই কয় যে, “মই মোৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ লগতে মোৰ সমষ্টিটোৰ প্ৰায় আধা অংশ এতিয়ালৈকে ভ্ৰমণ কৰিছো। ভোটদানৰ এই দিনটোৰ ৰাজনৈতিক পৰিৱেশ প্ৰত্যক্ষ কৰি মোৰ বিশ্বাস যে আমি বিপুল ভোটত জয়ী হৈ পুনৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ম। আৰু আশা কৰা মতে মোৰ সমষ্টিত এক সন্তুসজনক জয় লাভ কৰিব পাৰিম।”

জোৰামথাংগাই কয় “মই নিশ্চিতভাৱে বিশ্বাস কৰোঁ যে আমি কোনো মিত্ৰতা অবিহনে নিজাববীয়াকৈ চৰকাৰ গঠন কৰিব পাৰিম। এনে কোনো পৰিস্থিতিৰ সৃষ্টি নহ’ব যাৰ বাবে আমাক আন দলৰ প্ৰয়োজন হ’ব। এমএনএফে নিজেই চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ব পাৰিম” ।

মুখ্যমন্ত্ৰীগৰাকীয়ে পুৱাই ১৯-আইজল ভেংলাই-আই ৱাই এম এ হ’লত স্থাপন কৰা ভোটগ্ৰহণ কেন্দ্ৰটোত ভোটদান কৰিব গৈছিল যদিও ভোটগ্ৰহণ কেন্দ্ৰটোৰ পৰা ওলাই আহি তেওঁ জনাইছিল যে ভোটিং মেচিনটোৱে কাম কৰা নাই। আৰু সেয়েহে কেন্দ্ৰটোত কিছু সময় অপেক্ষা কৰি নিজৰ সমষ্টিটোৰ বহুকেইটা স্থান ভ্ৰমণ কৰাৰ লগতে পুৱাৰ আহাৰ গ্ৰহণ কৰাৰ অন্তত ভোটগ্ৰহণ কেন্দ্ৰটোলৈ পুনৰ আহি ভোটদান কৰিছিল।

এই নিৰ্বাচনত এজন অন্যতম গুৰুত্বপূৰ্ণ ব্যক্তি হিচাপে প্ৰতিদ্বন্দিতা কৰিছে জোৰামথাংগাই । ইয়াৰ পূৰ্বে ২০১৮ চনৰ বিধানসভা নিৰ্বাচনত ইষ্ট আইজল -১ ৰ পৰা জয়ী হোৱা জোৰামথাংগাই এইবাৰো একেটা সমষ্টিৰ পৰাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। মঙলবাৰে অৰ্থাৎ আজি মিজোৰাম বিধানসভাৰ ভোটগ্ৰহণ পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছিল আৰু এই পৰ্যন্ত প্ৰায় ৫৩ শতাংশ ভোটদান সম্পন্ন হৈছে।

লগতে পঢ়ক: Shootout between police and dacoits: গোৱালপাৰাত আৰক্ষী-ডকাইতৰ মাজত প্ৰচণ্ড গুলীয়াগুলী, নিহত দুটা ডকাইত

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)