অধিক পানী খোৱাটোও স্ৱাস্থ্যৰ বাবে হানিকাৰক

এগৰাকী প্ৰাপ্তবয়স্ক লোকে দৈনিক ৩-৪ লিটাৰ পানী খোৱাটো উচিত

পানী কমকৈ খালে ডিহাইড্ৰেশ্যনৰ লগতে বৃক্কত পাথৰ হোৱাৰ সম্ভাৱনা থাকে

সেইবুলি প্ৰয়োজনতকৈ অধিক পানী খোৱাটোও উচিত নহয়

অধিক পানী খোৱাৰ ফলত ঘটিব পৰা পাৰ্শ্বক্ৰিয়াসমূহ কি কি হ'ব পাৰে ?

অধিক পানী খালে শৰীৰত বিষক্ৰিয়াৰ দৰে সমস্যা আহিব পাৰে

অধিক পানী খোৱাৰ ফলত বৃক্কৰ কাম বহুখিনি বাঢ়ি যায়

তাৰোপৰি শৰীৰত থকা ইলেক্ট্ৰলাইটবোৰ অতিকে পাতল হৈ পৰিব পাৰে

অৱশ্যে প্ৰতিদিনে কিমান পানী খোৱাটো দৰকাৰ, ইয়াৰ কোনো নিৰ্দিষ্ট সূত্ৰ নাই

টোপনি অহাৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ যোগাসন