ৰূপৰ পাত্ৰত ৰখা পানী খাওক, লাভ কৰিব এইকেইটা সুবিধা

ৰূপৰ ব্যৱহাৰ

ৰূপৰ ব্যৱহাৰ

ৰূপৰ পৰা তৈয়াৰী সামগ্ৰীয়ে সৌন্দৰ্য বৃদ্ধি কৰাই নহয়, স্বাস্থ্যৰ বাবেও বহু উপকাৰী। পাৰস্যৰ ৰজাসকলেও সেই সময়ত ৰূপৰ পাত্ৰত ৰখা পানী পান কৰিছিল।

আয়ুৰ্বেদত কি উল্লেখ আছে ?

আয়ুৰ্বেদৰ মতে যদি আমি দৈনিক ৰূপৰ পাত্ৰত ৰখা পানী খাওঁ তেন্তে ই কফ, বাটবিষ আৰু পিত্ত দোষৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে।

ৰূপে কি দৰে কাম কৰে ?

২০০৬ চনত কৰা এক অধ্যয়ন অনুসৰি ৰূপত থকা এন্টি-মাইক্ৰ’বিয়াল প্ৰভাৱ পানীত থকা বিপজ্জনক বেক্টেৰিয়াক নিৰ্মূল বা হ্ৰাস কৰাত ফলপ্ৰসূ বুলি প্ৰমাণিত হৈছে।

ষ্টেমিনা বৃদ্ধি হয়

ৰূপ এটা শীতল ধাতু আৰু ইয়াক বহুতো আয়ুৰ্বেদিক পদ্ধতিত ব্যৱহাৰ কৰা হয়। ইয়াৰ ফলত শৰীৰত শক্তি পোৱা যায় আৰু লগতে ষ্টেমিনাও বৃদ্ধি পায়।

বেক্টেৰিয়া প্ৰতিৰোধী গুণ আছে

ৰূপৰ এন্টিবেক্টেৰিয়েল, এন্টি ভাইৰেল আৰু এন্টি ফাংগেল গুণ আছে। এই উপাদানসমূহৰ বাবে ইয়াক ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত ফলপ্ৰসূ বুলি গণ্য কৰা হয়।

সুস্থ হৈ থাকে পাচনতন্ত্ৰ

যদি কাৰোবাৰ পেটৰ লগত জড়িত সমস্যা যেনে অন্ত্ৰত মলি, ফুলা বা কোষ্ঠকাঠিন্যৰ দৰে সমস্যা আছে, তেন্তে তেওঁ নিশ্চিতভাৱে ৰূপৰ পাত্ৰত ৰখা পানী খাব লাগে।

প্ৰস্ৰাৱৰ সংক্ৰমণত সকাহ

ৰূপৰ পাত্ৰত ৰখা পানী প্ৰস্ৰাৱৰ সংক্ৰমণৰ পৰা সকাহ পোৱাত সহায়ক বুলি বিবেচিত হয়। অৱশ্যে ইয়াক ব্যৱহাৰ কৰাৰ আগতে এবাৰ চিকিৎসকৰ পৰমৰ্শ ল'ব।

অধিক পানী খোৱাটোও স্ৱাস্থ্যৰ বাবে হানিকাৰক