মাতৃৰ গৰ্ভত থকা শিশুটিৰ আছেনে অধিকাৰ ?

চৰ্চাত আদালতৰ ৰায়দান

মাতৃৰ গৰ্ভত বাঢ়ি অহা সন্তানটোৰো আছে নিজস্ব অধিকাৰ। এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে দিয়া এটা ৰায়ৰ ওপৰত চলিছে চৰ্চা

কি আছিল এই ৰায়?

সোমবাৰে, উচ্চতম ন্যায়ালয়ৰ দুগৰাকী ন্যায়াধীশৰ বিচাৰপীঠে এগৰাকী মহিলাক ২৬ সপ্তাহ বয়সৰ এটা ভ্ৰূণ গৰ্ভপাতৰ অনুমতি প্ৰদান কৰে। অৱশ্যে এই ৰায়দানৰ এদিন পাছতেই ন্যায়ালয়ে সলনি কৰিলে সিদ্ধান্ত।

কিয় সলনি কৰিলে সিদ্ধান্ত?

এই ৰায়দান পিছত যেতিয়া এইমছৰ চিকিৎসকে তেওঁলোকৰ অসুবিধাৰ বিষয়ে ক’লে, তাৰ পিছতেই মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ বিচাৰপীঠে এই গৰ্ভপাত নিষিদ্ধ কৰাৰ নিৰ্দেশ দিয়ে ।

গৰ্ভত ভ্ৰুণটো জীয়াই আছিল

কেন্দ্ৰীয় চৰকাৰৰ হৈ উপস্থিত থকা অতিৰিক্ত ছলিচিটৰ জেনেৰেল ঐশ্বৰ্য ভাটিয়ে বিচাৰকসকলক কৈছিল যে ভ্ৰূণটোৱে মহিলাগৰাকীৰ গৰ্ভত উশাহ লৈ আছে।

কি হ'ব ভ্ৰূণটোৰ অধিকাৰ ?

ছলিচিটৰ জেনেৰেল গৰাকীয়ে কলে, গৰ্ভত শিশুটোৰ উশাহ-নিশাহ চলি আছে। এনে পৰিস্থিতিত, মহিলাগৰাকীয়ে ইয়াক নষ্ট কৰাৰ অধিকাৰ নাই। ই গৰ্ভজাত সন্তানটোৰ অধিকাৰ।

কিয় বিভাজন হৈছিল বিচাৰকসকল?

বিচাৰপীঠৰ অংশ হৈ থকা ন্যায়াধীশ হিমা কোহলীয়ে কয় যে মহিলাগৰাকীক গৰ্ভপাত কৰাবলৈ দিয়াটো উচিত নহয়। ইয়াৰ বিপৰীতে ন্যায়াধীশ বি.ভি. নাগাৰত্নাৰ চিন্তাধাৰা আছিল বিপৰীত ।

সিদ্ধান্তক সন্মান কৰক

ন্যায়াধীশ বি.ভি. নাগাৰত্নাই, মহিলাগৰাকীয়ে গৰ্ভপাত বিচাৰিছে, সেয়েহে আদালতে তেওঁৰ সিদ্ধান্তক সন্মান কৰা উচিত।

অধিক পানী খোৱাটোও স্ৱাস্থ্যৰ বাবে হানিকাৰক