Israel Palestine War: হামাছৰ আক্ৰমণত ধ্বংসপ্ৰাপ্ত ইজৰাইল, তিনি শতাধিক লোকৰ মৃত্যু

Israel Palestine War 300 Deaths 1700 Injured Know The Gaza Strip Situation
Israel Palestine War 300 Deaths 1700 Injured Know The Gaza Strip Situation

ইণ্টাৰনেচনেল ডেস্ক,৮ অক্টোবৰ: তীব্ৰতৰ হৈ পৰিছে ইজৰাইল-হামাছৰ সংঘাত (Israel Palestine War) । ইজৰাইলৰ ওপৰত পুনৰ আক্ৰমণ চলাইছে পেলেষ্টাইনী সন্ত্ৰাসবাদী সংগঠন হামাছে । হামাছে প্ৰথমে আক্ৰমণ কৰাৰ পাছতেই ইজৰাইলেও ইয়াৰ প্ৰত্যোত্তৰ দিছে যদিও হামাছৰ এই আক্ৰমণত ইজৰাইলত বৰ্তমানলৈকে অতিকমেও ৩০০ লোকৰ মৃত্যু ঘটিছে। ইয়াৰ পূৰ্বে শনিবাৰে পুৱা স্থানীয় সময় অনুসৰি হামাছৰ ৰকেটে আঘাত কৰিছিল ইজৰাইলক। তাৰ পিছতে ইজৰাইলেও প্ৰতি আক্ৰমণ কৰিছে যদিও অব্যাহত আছে হামাছৰ আক্ৰমণ। এনে পৰিস্থিতিৰ সৈতে ইজৰাইলে এতিয়া কেনেদৰে মোকাবিলা কৰে, সেয়া হ’ব লক্ষ্যণীয়।

শনিবাৰে হঠাৎ ক’লা ধোঁৱাৰে আবৃত হৈ পৰে ইজৰাইলৰ আকাশ । হাজাৰ হাজাৰ ৰকেটে খুন্দিয়ালেগৈ ইজৰাইলক । এই আক্ৰমণৰ বাবে একেবাৰেই সাজু নাছিল ইজৰাইল। ফলত দেশখনত এক আতংক আৰু বিশৃংখল পৰিস্থিতি বিয়পি পৰে । এই আকষ্মিক আক্ৰমণৰ পৰিপ্ৰেক্ষিতত বৰ্তমানলৈকে কমেও ৩০০ লোকৰ মৃত্যু হোৱাৰ লগতে এই সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে । ইয়াৰ উপৰিও ১ হাজাৰ ৫৯০ গৰাকীতকৈ অধিক লোক আহত হৈছে । ইফালে এই আক্ৰমণৰ পিছতে সন্ত্ৰাসবাদী সংগঠন হামাছৰ বিৰুদ্ধে ইজৰাইল চৰকাৰে যুদ্ধ ঘোষণা কৰে ।

উল্লেখ্য যে পেলেষ্টাইন আৰু ইজৰাইলৰ সংঘাত বহু পুৰণি । জেৰুজালেম আৰু গাজা ষ্ট্ৰিপ দখলক লৈ দুয়োখন দেশৰ মাজত পূৰ্বৰে পৰা অব্যাহত আছে সংঘাত । শেহতীয়াকৈ ইজৰাইল চৰকাৰে গাজা সীমান্তলৈ পেলেষ্টাইনী শ্ৰমিকৰ যাতায়ত বন্ধ কৰি দিছিল। তেতিয়াৰ পৰা দেশদুখনৰ মাজত ক্ৰমান্বয়ে বাঢ়ি আহিছিল উত্তেজনা । ইয়াৰ মাজতে কালি অৰ্থাৎ শনিবাৰে হামাছ গোটে দেশখনৰ ওপৰত হঠাৎ আক্ৰমণ চলাই ।

হামাছে এই আক্ৰমণক ‘অপাৰেচন আল-আকচা ফ্লাড’ বুলি অভিহিত কৰিছে। হামাছৰ এই আকষ্মিক আক্ৰমণক ৰুধিবলৈ ইজৰাইলৰ ফালৰ পৰা চলোৱা প্ৰতিআক্ৰমণৰ পাছতে দেশখনত এক যুদ্ধসদৃশ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে । ইতিমধ্যে ভাৰত আৰু আমেৰিকাৰ দৰে দেশেও এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। ইজৰাইলৰ কাষত থিয় দিয়াৰ বাৰ্তা দিলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই সন্দৰ্ভত এটা টুইট কৰি মোদীয়ে কয়, “ইজৰাইলৰ ওপৰত সন্ত্ৰাসবাদী আক্ৰমণৰ খবৰ পাই মই গভীৰ দুখ প্ৰকাশ কৰিছে। নিৰীহ ভুক্তভোগী আৰু তেওঁলোকৰ পৰিয়াললৈ মই সমবেদনা জনাইছো। তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰিছো। দেশখনৰ এই কঠিন সময়ত আমি ইজৰাইলৰ সৈতে থিয় হৈ আছো।”

ইয়াৰ উপৰিও হোয়াইট হাউছে জনোৱা অনুসৰি, আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ সৈতে বাৰ্তালাপ কৰিছে। বাইডেনে টুইট কৰি কয়, “মই প্ৰধানমন্ত্ৰী নেতানিয়াহুক স্পষ্ট কৰি দিছো যে মই ইজৰাইল চৰকাৰ আৰু ইজৰাইলী জনসাধাৰণক সকলো সহায় আগবঢ়াবলৈ সাজু আছো।”