Gaius Appuleius Diocles: ইতিহাসৰ সৰ্বাধিক দৰমহা পোৱা খেলুৱৈ

roman history

বিশ্বৰ ক্ৰীড়া ইতিহাসত এনে কিছু সংখ্যক কিংবদন্তি খেলুৱৈ আছে যিয়ে দক্ষতা আৰু অসাধাৰণ উপাৰ্জনৰ দ্বাৰা নিজৰ নাম সোণালী আখৰে জিলিকাই গৈছে । ৰোমান ৰথচালক গাইয়াছ এপুলেয়াছ ডাইঅক্লিছ হৈছে এই সকলৰ মাজৰ এগৰাকী কিংবদন্তি খেলুৱৈ । প্ৰাচীন ক্ৰীড়া ইতিহাসত গাইয়াছ এপুলেয়াছ ডাইঅক্লিছ হৈছে সৰ্বাধিক দৰমহা পোৱা এক মাত্ৰ খেলুৱৈ ।

গাইয়াছ এপুলেয়াছ ডাইঅক্লিছৰ ক্ৰীড়া ইতিহাসে আজিৰ দিনত উৎকৃষ্টতা আৰু আৰ্থিক সফলতাৰ বাবে চেষ্টা  চলাই অহা আধুনিক খেলুৱৈসকলক অনুপ্ৰাণিত কৰি আহিছে । ক্ৰীড়াৰ জৰিয়তে সংগ্ৰহ কৰা ডাইঅক্লিছৰ অভূতপূৰ্ব উপাৰ্জনে প্ৰাচীন আৰু বৰ্তমানৰ পেছাদাৰী ক্ৰীড়াৰ লাভজনক স্বৰূপক প্ৰতিফলিত কৰে । তদুপৰি তেখেতৰ ক্ৰীড়া ইতিহাসে প্ৰাচীন ৰোমত ক্ৰীড়া সমৃদ্ধি আৰু জনপ্ৰিয়তাকো প্ৰতিফলিত কৰে ।

ডাইঅক্লিছ বিশ্বৰ ক্ৰীড়া ইতিহাসত জিলিকি থকাৰ  মূলতে হৈছে, তেখেতৰ অচৰিত ধৰণৰ ধন-সম্পত্তি  আৰু ধাৰাবাহিক জয় । ৰথচালক গাইয়াছ এপুলেয়াছ ডাইঅক্লিছে তেখেতৰ ৰেছিং কেৰিয়াৰত ৩৫,৮৬,৩১২০ চেষ্টাৰচ ( ৰোমান মুদ্ৰা) ধন জমা কৰিবলৈ সক্ষম হৈছিল । আজিৰ তাৰিখত ইয়াৰ মূল্য হৈছে ১৫ বিলিয়ন ডলাৰ ।

অত্যাধিক ধনী হোৱাৰ উপৰিও গাইয়াছ এপুলেয়াছ ডাইঅক্লিছৰ আছিল-বিলাসী অট্টালিকা, বিশাল বাগিচা  । তেখেতে অতি বিলাসীতাৰে জীৱন-যাপন কৰিছিল । উন্নতমানৰ খাদ্যৰ বাবে লাখ লাখ টকা খৰচ কৰাৰ লগতে ডাইঅক্লিছে মদ আৰু মনোৰঞ্জনৰ নামত অত্যাধিক ধন খৰচ কৰিছিল ।

ডাইঅক্লিছে তেখেতৰ ক্ৰীড়া জীৱনক ২৪ বছৰ সময় দিছিল । ই কেতিয়াও এগৰাকী খেলুৱৈৰ বাবে একেবাৰে সাধাৰণ হ’ব নোৱাৰে । ডাইঅক্লিছে সৰ্বমুঠ ৪,২৫৭ খন ৰথ দৌৰত অংশগ্ৰহণ কৰিছিল । ইয়াৰে ১,৪৬২ খন ৰথ দৌৰত জয়ী হৈছিল আৰু ২,৯০০ খন ৰথ দৌৰত শীৰ্ষ তিনিটা স্থান দখল কৰিছিল ডাইঅক্লিছে ।

এইগৰাকী ডাইঅক্লিছে ৰোমৰ চাৰ্কাছ মেক্সিমাছত অনুষ্ঠিত হোৱা সেই সময়ৰ অতি জনপ্ৰিয় ৰথ দৌৰত অংশগ্ৰহণ কৰিছিল । নিজৰ দক্ষতা আৰু কৌশলগত বুদ্ধিমত্তাৰ বাবে ধাৰাবাহিক সফলতা অৰ্জন কৰিছিল ডাইঅক্লিছে ।

ডাইঅক্লিছে অংশগ্ৰহণ কৰা প্ৰতিখন ৰথ দৌৰত ভিৰ কৰা দৰ্শকৰ মাজৰ সৰ্বাধিক দৰ্শক তেখেতৰ সমৰ্থক আছিল। প্ৰতিখন ৰেছিং চাৰ্কিটত তেখেতৰ অনুৰাগীয়ে ভিৰ কৰিছিল আৰু সফলতাৰ বাবে তেখেত ৰোমান সমাজৰ এগৰাকী প্ৰিয় ব্যক্তি হৈ পৰিছিল । প্ৰাচীন ক্ৰীড়া ইতিহাসৰ ধনী খেলুৱৈ গাইয়াছ এপুলেয়াছ ডাইঅক্লিছৰ জন্ম হৈছিল ১০৪ খ্ৰীষ্টাব্দত লুচিটানিয়া(বৰ্তমানৰ পৰ্তুগাল)ৰ এখন সৰু চহৰ লেমেকাত ।