Minor Girl Sexually Assaulted: কাতি বিহুৰ দিনাই ৰাজ্যত শিশুক যৌন নিৰ্যাতন, আটক অভিযুক্ত

Minor Girl Sexually Assaulted In Sivasagar
কাতি বিহুৰ দিনাই ৰাজ্যত শিশুক যৌন নিৰ্যাতন, আটক অভিযুক্ত

আমগুৰি, ১৯ অক্টোবৰ: ৰাজ্যত পুনৰ সংঘটিত হৈছে শিশু যৌন নিৰ্যাতনৰ আন এটা ঘটনা । শিৱসাগৰৰ এটি অঞ্চলত যৌন নিৰ্যাটনৰ বলি হ’ল এগৰাকী ৯ বছৰীয়া কিশোৰী (Minor Girl Sexually Assaulted)। কাতি বিহুৰ সন্ধিয়া আন্ধাৰৰ সুযোগ লৈ কিশোৰীগৰাকীক যৌন নিৰ্যাতন চলালে এটা লম্পটে ।

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, ৯ বছৰীয়া কণমানি কিশোৰীগৰাকীয়ে মাহ-প্ৰসাদ খাই ঘৰলৈ আহি থকাৰ পথতে আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি ৰূপজ্যোতি শেণছোৱা নামৰ এটা লম্পটে মুখত সোপা দি কিশোৰীগৰাকীক যৌন নিৰ্যাতন চলায়। নিৰ্যাতনৰ পিছতে কিশোৰীগৰাকীয়ে চিঞৰ বাখৰ কৰাত স্থানীয় লোকে কিশোৰীগৰাকীক উদ্ধাৰ কৰি অঞ্চলটোৰ স্থানীয় আৰক্ষীক অৱগত কৰে ।

আনহাতে নিৰ্যাতন চলায়ে লম্পট ৰূপজ্যোতি শেণছোৱাই সেই স্থানৰ পৰা পলায়ন কৰিছিল যদিও স্থানীয় লোকৰ তৎপৰতাত গাঁওবাসীয়ে লম্পটটোক কৰায়ত্ত্ব কৰি উত্তম-মাধ্যম দিয়াৰ লগতে এজোপা গছত বান্ধি ৰাখে। ইয়াৰ পিছতেই ঘটনাস্থলীত উপস্থিত আৰক্ষীৰ এটা দলে গছত বান্ধি ৰখা অৱস্থাত লম্পটটোক উদ্ধাৰ কৰি আৰক্ষী থানালৈ লৈ আনে ।

কাতি বিহুৰ দিনাই সন্ধিয়া সংঘটিত এই ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে । ইতিমধ্যে আৰক্ষীয়ে লম্পটটোক গ্ৰেপ্তাৰ কৰি জেৰা আৰম্ভ কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: Durga Puja 2023: এইবাৰ দেৱী দুৰ্গাৰ আগমন আৰু গমন কিহত হ’ব ?