Israel PM Netanyahu vows to end Hamas: বেঞ্জামিন নেতানিয়াহুৰ হুংকাৰ, আমি শেষ কৰি পেলাম হামাছক

They thought we would break Israel PM Netanyahu vows to end Hamas
Israel PM Netanyahu vows to end Hamas: বেঞ্জামিন নেতানিয়াহুৰ হুংকাৰ, আমি শেষ কৰি পেলাম হামাছক

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৬ অক্টোবৰ: ইজৰাইলে হামাছৰ বিৰুদ্ধে প্ৰতিশোধ অব্যাহত ৰখাৰ মাজতে দেওবাৰে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে কয় যে হামাছে ইজৰাইল ধ্বংস কৰিম বুলি ভাবিছিল যদিও আমিহে হামাছক শেষ কৰি পেলাম (Israel PM Netanyahu vows to end Hamas)।” দ্য টাইমছ অফ ইজৰাইলত প্ৰকাশ পাইছে বেঞ্জামিন নেতানিয়াহুৰ এই হুংকাৰ ।

দেশখনৰ মন্ত্ৰী পৰিষদৰ জৰুৰীকালীন কেবিনেট বৈঠকত প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ মন্ত্ৰীপৰিষদৰ সৈতে এক মিনিট মৌনতাৰে থিয় হৈ হামাছৰ ভয়াৱহ আক্ৰমণত প্ৰাণ হেৰুওৱা সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। নিহতসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি নেতানিয়াহুৱে কয়, “শীতল মস্তিষ্কৰে আমাৰ ভাই-ভনীহঁতক হত্যা কৰা হৈছে (Deadly Hamas attack) । হামাছে ভাবিছিল যে আমি ভাঙি যাম; কিন্তু আমিহে হামাছক ভাঙি পেলাম।

তেওঁ লগতে জোৰ দি কয় যে ইজৰাইলে ঐক্যবদ্ধভাৱে দিনে নিশাই কাম কৰিছো আৰু ই হামাছ আৰু বিশ্বৰ বাবে এক স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিবলৈ সক্ষম হ’ব (Israel–Hamas war) ।

সমগ্ৰ ইজৰাইলবাসী ফ্ৰণ্ট লাইনত থকা যোদ্ধাসকলৰ লগত আছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে (Israel PM Benjamin Netanyahu) কলে,”ফ্ৰণ্ট লাইনত থকা আমাৰ যোদ্ধাসকলে দেশখনৰ বাবে যুঁজ দি গৈছে । তেওঁলোকে জানে যে সমগ্ৰ ইজৰাইলবাসী তেওঁলোকৰ লগত আছে।”

তেওঁ লগতে কয়, “তেওঁলোকে কামৰ পৰিসৰ বুজি পায়। সেয়েহে যিকোনো মুহূৰ্তত আমাৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ অহা দানৱবোৰক নিঃশেষ কৰিবলৈ তেওঁলোক সাজু (Front-line warriors of Israel)।”

যুদ্ধৰ মাজত প্ৰথমবাৰৰ বাবে চৰকাৰে জৰুৰীকালীন ভাৱে অনুষ্ঠিত কৰা এই বৈঠকখনত নেশ্যনেল ইউনিটি পাৰ্টিৰ পাঁচজন সদস্য উপস্থিত আছিল(Government first meeting of emergency war) । তেওঁলোক হৈছে বেনি গেণ্টজ্, গাডি আইজেনকট, চিলি ট্ৰপাৰ, গিডিয়ান ছা’ৰ, আৰু ইফাত শ্বাছা-বিটন।

ইফালে দেওবাৰে পুৱাৰ ভাগতে লেবানন সীমান্তৰ আন এটা সামৰিক চাউনীত এণ্টি টেংক গাইডেড মিছাইলেৰে আক্ৰমণ কৰি ধ্বংস কৰা হয় বুলি ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে প্ৰকাশ কৰিছে।

প্ৰতিৰক্ষা বাহিনীয়ে ছ’চিয়েল মিডিয়াৰ জৰিয়তে উল্লেখ কৰে যে প্ৰথমে লেবাননৰ পৰা ইজৰাইলৰ ভূখণ্ডলৈ ৯টা ৰকেট নিক্ষেপ কৰা হৈছিল । যদিও আইডিএফৰ এৰিয়েল ডিফেন্স এৰেয়ে প্ৰট’কল অনুসৰি 5 টা ৰকেট প্ৰতিৰোধ কৰে (IDF Aerial Defense Array intercepted 5 rockets)।

ইয়াত লগতে উল্লেখ কৰা হৈছে যে আইডিএফে লেবাননৰ যি স্থানৰ পৰা ৰকেট নিক্ষেপ কৰা হৈছিল সেই স্থানত আমাৰ সৈন্যই ইতিমধ্যে আঘাত হানিবলৈ সক্ষম হৈছে।

আনহাতে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইয়োভ গেলেণ্টে (Israeli Defence Minister Gallant) দেশবাসীক প্ৰতিশ্ৰুতি প্ৰদান কৰি কৈছে যে, যে গাজা ষ্ট্ৰিপত পেলেষ্টাইনী সন্ত্ৰাসবাদী গোটসমূহৰ বিৰুদ্ধে আমাৰ যুদ্ধ অতিকে মাৰাত্মক কৰি তোলা হ’ব আৰু ইয়াৰ পিছতেই দক্ষিণ ইজৰাইলৰ পৰিস্থিতি স্থায়ীভাৱে সলনি হৈ পৰিব ।

লগতে এই যুদ্ধ শক্তিশালী আৰু মাৰাত্মক হ’ব বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে, “এই যুদ্ধ এখন শক্তিশালী, মাৰাত্মক আৰু নিখুঁত যুদ্ধ হ’ব । ই এনে এখন যুদ্ধ হ’ব যি পূৰ্বৰ পৰিস্থিতি চিৰদিনৰ বাবে সলনি কৰি তুলিব ।”

ইফালে দ্য জেৰুজালেম পোষ্টত প্ৰকাশ পোৱা শেহতীয়া আপডেট অনুসৰি,এই যুদ্ধত ১৩০০ লোক নিহত হোৱাৰ বিপৰীতে ৩৬০০ ৰো অধিক লোক আহত হৈছে ।

লগতে পঢ়ক: Leaders of Hamas: ইজৰাইল হামাছৰ যুদ্ধৰ মাজতে চৰ্চালৈ অহা কেইজনমান ব্যক্তি