Shardiya Navratri 2023: দেশৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ হাতীমূৰাৰ ঐতিহাসিক দুৰ্গা মন্দিৰতো নৱৰাত্ৰি পালন

Shardiya Navratri 2023 Navratri celebration at historical Durga temple at Hatimura in Kaliabor
দেশৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ হাতীমূৰাৰ ঐতিহাসিক দুৰ্গা মন্দিৰতো নৱৰাত্ৰি পালন

কলিয়াবৰ, ২০অক্টোবৰ: ১৫ অক্টোবৰৰ পৰা আৰম্ভ হৈছে শাৰদীয় নৱৰাত্ৰি (Shardiya Navratri 2023)। এই নৱৰাত্ৰি ২৩ অক্টোবৰলৈ চলিব। মা প্ৰতিবাৰেই বিভিন্ন বাহনত আহে। অৱশ্যে মা দুৰ্গা এইবাৰ ঘোৰাত আহি ঘোৰাতেই পৃথিৱীৰ পৰা গমন কৰিব কৈলাশলৈ ।

দেশৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ কলিয়াবৰস্থিত হাতীমূৰাৰ ঐতিহাসিক মহিষমৰ্দ্দিনী দুৰ্গা মন্দিৰতো পালন কৰা হৈছে নৱৰাত্ৰি পূজা । নৱৰাত্ৰি পূজা উপলক্ষ্যে যোৱা নিশাৰ আঁৰতি অনুষ্ঠানত ভাগ লয় অগনন ভক্তপ্ৰাণ ৰাইজে।

কলিয়াবৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত পাহাৰ আৰু সমভূমিৰে পৰিপূৰ্ণ প্ৰাকৃতিকভাৱে মনোমোহা এটি স্থান হাতীমূৰা । এই হাতীমূৰাতে ১৬৬৭ শক ইং ১৭৪৫ চনত প্ৰতিষ্ঠা কৰা হৈছিল মহিষৰ্দিনী দুৰ্গা মন্দিৰ। অৱলীলা ক্ৰমে লুইতৰে কৰা যাত্ৰা কালত হাতীৰ মূৰসদৃশ এটি শিলত স্বৰ্গদেউ প্ৰমত্ত সিংহই দশভূজা দুৰ্গাদেৱীৰ খুদিত কৰা প্ৰতিমাৰ সম্ভেদ পাই এই স্থানত প্ৰতিষ্ঠা কৰিছিল এই দুৰ্গা মন্দিৰটি । এই মন্দিৰ অসমৰ অন্যতম উল্লেখযোগ্য এক শক্তি উপাসনাস্থলী।

স্বৰ্গদেউ প্ৰমত্ত সিংহই শিলত খুদিত দূৰ্গা প্ৰতিমাৰে প্ৰতিষ্ঠা কৰা হাতীমূৰাৰ এই ঐতিহাসিক দুৰ্গা মন্দিৰতো আনবাৰৰ দৰেই পালন কৰা হৈছে নৱৰাত্ৰি পূজা । নৱৰাত্ৰি উপলক্ষ্যে মন্দিৰ প্ৰাংগণত মাৰ অসংখ্য ভক্তৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে ।

উল্লেখযোগ‍্য যে, এই দুৰ্গা মন্দিৰভাগ প্ৰতিষ্ঠা কৰাৰ পাছৰে পৰাই ইয়াত দুৰ্গা পূজাৰ পৰম্পৰা ধাৰাবাহিকভাৱে চলি আহিছে। এইবাৰো প্ৰতিপদৰ পৰা দশমীলৈকে পূজা পালন কৰা হৈছে এই ঐতিহাসিক মন্দিৰটোত।

চৰকাৰে লোৱা আঁচনিৰ ধনেৰে ৰাজ‍্যৰ প্ৰত্নতত্ব বিভাগে মন্দিৰটোৰ উন্নতিৰ লগতে সৌন্দৰ্য‍্যবৰ্দ্ধনৰ বাবে গ্ৰহণ কৰিছে বিভিন্ন পদক্ষেপ।

লগতে পঢ়ক: Durga Puja 2023: এইবাৰ দেৱী দুৰ্গাৰ আগমন আৰু গমন কিহত হ’ব ?