OIL pipeline blast: দুলীয়াজানত অইল ইণ্ডিয়াৰ তৈলখাদত ভয়ংকৰ কাণ্ড, আতংকিত স্থানীয় লোক

OIL pipeline blast triggers oil and gas leak at Duliajan
দুলীয়াজানত অইল ইণ্ডিয়াৰ তৈলখাদত ভয়ংকৰ কাণ্ড, আতংকিত স্থানীয় লোক

দুলীয়াজান, ২০ অক্টোবৰ: ৰাজ্যৰ চৌদিশে চলি আছে দুৰ্গা পূজাৰ ব্যাপক আয়োজন । ইয়াৰ মাজতেই বৃহস্পতিবাৰে নিশা দুলীয়াজানত অইল ইণ্ডিয়া লিমিটেডৰ এটা তৈলখাদত সংঘটিত হয় এক অঘটন । এটা বৃহৎ শব্দ কৰি হোৱা বিস্ফোৰণৰ পাচতেই ভূগৰ্ভৰ পৰা নিৰ্গমন হয় প্রাকৃতিক গেছ আৰু তেল (OIL pipeline blast) ।

পুৰণি ডিৰিয়াল চাহ বাগিচাৰ গজালবস্তিৰ নিচেই কাষতে পৰিত্যক্ত অৱস্থাত থকা ৩৬৭ নম্বৰৰ তৈলখাদটোত এই ভয়ংকৰ বিস্ফোৰণটো সংঘটিত হয় । বহুদিনৰ পৰা ব্যৱহাৰ নোহোৱা এই তৈলখাদটোত এতিয়া যিকোনো মুহূৰ্ততে ভয়ংকৰ অগ্নিকাণ্ড হোৱাৰ আশংকাৰ কৰা হৈছে ৷ যাৰ ফলত অঞ্চলটোত এক আতংকময় পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে ।

ইফালে বিস্ফোৰণৰ এই ঘটনাটোৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত অইল ইণ্ডিয়া লিমিটেডৰ অগ্নিনির্বাপনৰ দল আৰু অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ বিষয়াই পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ৷ অইল ইণ্ডিয়াৰ বিভাগীয় অভিযন্তা, কৰ্মচাৰীৰ দল ঘটনাস্থলীত উপস্থিত হৈ গেছ নিৰ্গমন বন্ধ কৰাৰ চেষ্টা চলাই আছে যদিও এই মুহূৰ্তলৈকে বন্ধ হোৱা নাই গেছ আৰু তেলৰ নিৰ্গমন (Oil and gas leak at Duliajan) ।

অসাধু চক্ৰই পৰিত্যক্ত তৈলখাদটোৰ পাইপ ফুটাই প্রাকৃতিক তেল চুৰি কৰিবলৈ চেষ্টা কৰাৰ ফলতেই এই বিস্ফোৰণ সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ। আনহাতে স্থানীয় লোকসকলৰ অভিযোগ, অইল ইণ্ডিয়াৰ তেল পৰিবাহী পুৰণি পাইপবোৰ মেৰামতি নকৰাৰ বাবেই এই ঘটনা সংঘটিত হ’বলৈ পালে ৷

লগতে পঢ়ক: Shardiya Navratri 2023: দেশৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ হাতীমূৰাৰ ঐতিহাসিক দুৰ্গা মন্দিৰতো নৱৰাত্ৰি পালন