Rajnath Singh on Israel-Hamas war: সন্ত্ৰাসবাদৰ বিৰুদ্ধে সমগ্ৰ বিশ্বই একত্ৰিত হোৱা উচিত: ৰাজনাথ সিং

Rajnath Singh on Israel-Hamas war Whole world should unite against terrorism
Rajnath Singh on Israel-Hamas war: সন্ত্ৰাসবাদৰ বিৰুদ্ধে সমগ্ৰ বিশ্বই একত্ৰিত হোৱা উচিত: ৰাজনাথ সিং

তেজপুৰ, ২৪ অক্টোবৰ: ইজৰাইল আৰু হামাছৰ মাজত চলি থকা যুদ্ধ(War between Israel and Hamas)ৰ মাজতে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে(Union Defence Minister Rajnath Singh) সোমবাৰে কয় যে সমগ্ৰ বিশ্বই সন্ত্ৰাসবাদৰ বিৰুদ্ধে একত্ৰিত হোৱা উচিত আৰু নিৰীহ সাধাৰণ নাগৰিকৰ যাতে কোনো ক্ষতি নহয়, তাৰ বাবে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰা উচিত (Rajnath Singh on Israel-Hamas war) ।

তেজপুৰত সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি ৰাজনাথ সিঙে কয়, “সন্ত্ৰাসবাদৰ বিৰুদ্ধে সমগ্ৰ বিশ্বই একত্ৰিত হোৱা উচিত (Whole world should unite against terrorism)। কিন্তু সাৱধান হ’ব লাগে যাতে ইয়াৰ বাবে কোনো নিৰীহ লোক প্ৰভাৱিত নহয়।”

উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণৰ এই সময়চোৱাত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে তেজপুৰত আয়োজিত বৰাখানাত ভাগ লৈ অঞ্চলটোত নিয়োজিত হৈ থকা সশস্ত্ৰ বাহিনীৰ জোৱানসকলৰ সৈতেও মত বিনিময় কৰে (Rajnath Singh interacted with Armed Forces personnel)।

ৰাজনাথ সিঙে অৰুণাচল প্ৰদেশ ভ্ৰমণৰ পূৰ্বে তেজপুৰত উপস্থিত হৈ সেনা জোৱানসকলৰ সৈতে দশেৰা উদযাপনৰ লগতে তেওঁলোকৰ লগত শাস্ত্ৰ পূজাও কৰে(Perform Shastra Puja)।

ইয়াৰ পূৰ্বে সোমবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Prime Minister Narendra Modi)য়ে জৰ্ডানৰ ৰজা দ্বিতীয় আব্দুল্লা(King Abdullah II of Jordan)ৰ সৈতে ইজৰাইল আৰু হামাছৰ মাজত বৰ্ধিত পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ এক গুৰুত্বপূৰ্ণ টেলিফোনিক বাৰ্তালাপ কৰে।

সন্ত্ৰাসবাদ আৰু যুদ্ধৰ ফলত হোৱা অসামৰিক লোকৰ প্ৰাণহানিক লৈ নেতাদ্বয়ে উদ্বেগ প্ৰকাশ কৰে । দুয়োগৰাকী নেতাই যুদ্ধৰ ফলত উদ্ভৱ হোৱা নিৰাপত্তা আৰু মানৱীয় প্ৰত্যাহ্বানসমূহৰ আগতীয়া সমাধানৰ বাবে একত্ৰিত প্ৰচেষ্টাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

যুদ্ধই ১৭ দিনত ভৰি দিয়াৰ লগে লগে ইজৰাইলৰ সামৰিক বাহিনীয়ে হামাছৰ বিৰুদ্ধে আকাশী আক্ৰমণ তীব্ৰতৰ কৰি তুলা পৰিলক্ষিত হৈছে (Aerial offensive against Hamas) । পেলেষ্টাইনৰ স্বাস্থ্য মন্ত্ৰালয়ৰ উদ্ধৃতিৰে চিএনএনে প্ৰকাশ কৰা অনুসৰি গাজাত নিশাটোৰ ভিতৰতে সংঘটিত আক্ৰমণত কমেও ৪৩৬ জন লোক নিহত হৈছে।

তিনিদিন পূৰ্বে অনুষ্ঠিত কায়ৰো শান্তি সন্মিলনত জৰ্ডানৰ ৰজা আব্দুল্লাই কয় যে পেলেষ্টাইনীসকলক বলপূৰ্বক বা আভ্যন্তৰীণ স্থানান্তৰ কৰাটো এক যুদ্ধ অপৰাধ হ’ব। ১৯ অক্টোবৰ বৃহস্পতিবাৰে প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী মোডীয়ে পেলেষ্টাইন কৰ্তৃপক্ষৰ ৰাষ্ট্ৰপতি মাহমুদ আব্বাছৰ সৈতে বাৰ্তালাপ কৰি এই বিষয়ত ভাৰতৰ দীৰ্ঘদিনীয়া নীতিগত স্থিতিৰ কথা পুনৰবাৰ উল্লেখ কৰে । লগতে প্ৰধানমন্ত্ৰী মোডীয়ে গাজাৰ আল আহলি চিকিৎসালয়ত প্ৰাণ হেৰুওৱাসকলৰ বাবেও শোক প্ৰকাশ কৰে ।

সন্ত্ৰাসবাদী সংগঠন হামাছৰ আক্ৰমণত প্ৰায় ১৪০০ ইজৰাইলীৰ মৃত্যু হৈছে । ইফালে চিএনএনে পেলেষ্টাইনৰ স্বাস্থ্য বিষয়াৰ উদ্ধৃতিৰে প্ৰকাশ কৰা অনুসৰি যোৱা ৭ অক্টোবৰৰ পৰা বৰ্তমানলৈকে গাজাত ৫ হাজাৰৰো অধিক লোকৰ মৃত্যু ঘটিছে ।

লগতে পঢ়ক: Shashi Tharoor Reacts on Mahua Issue: শশী-মহুৱাৰ ভাইৰেল ফটোক লৈ মুখ খুলিলে শশী থাৰুৰে