Bangladesh Train Accident: পূজাৰ মাজতে ভয়ংকৰ ৰে’ল দুৰ্ঘটনা; ২০জনৰ মৃত্যু, শতাধিক আহত

Bangladesh Train Accident At least 20 killed scores injured as two trains collide in Bangladesh
Bangladesh Train Accident: পূজাৰ মাজতে ভয়ংকৰ ৰে’ল দুৰ্ঘটনা; ২০জনৰ মৃত্যু, শতাধিক আহত

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৩ অক্টবৰ: শাৰদীয় দুৰ্গা পূজাৰ মাজতে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত দুখন ৰে’লৰ সংঘৰ্ষত কমেও ২০ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ১০০ৰো অধিক যাত্ৰী আহত হোৱাৰ আশংকা কৰা হৈছে (Two trains collided in Bangladesh) । ভয়াৱহ দুৰ্ঘটনাটোত আহতৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি স্থানীয় বিষয়াসকলে আশংকা কৰিছে ।

সংবাদ প্ৰতিষ্ঠানৰ তথ্য অনুসৰি এখন মালবাহী ৰে’লে বিপৰীত দিশত গৈ থকা যাত্ৰীবাহী এখন ৰে’লত খুন্দা মৰাৰ ফলতেই সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো (Bangladesh Train Accident)।

দুৰ্ঘটনাটো সংঘটিত হৈছে দেশখনৰ পূবে অৱস্থিত ভৈৰৱ চহৰত (Eastern city of Bhairab) । বাংলাদেশৰ ৰাজধানী ঢাকাৰ পৰা প্ৰায় ৬০ কিলোমিটাৰ উত্তৰ-পূবে অৱস্থিত এই ভৈৰৱ চহৰ।

ঘটনাস্থীত উপস্থিত বিষয়াসকলে উল্লেখ কৰা অনুসৰি, এই সংঘৰ্ষৰ ফলত যাত্ৰীবাহী ৰেলখনৰ দুটা ডবা লাইনচ্যুত হয় । ভৈৰৱৰ চৰকাৰী প্ৰশাসক ছাদিকুৰ ৰহমানে(Government administrator in Bhairab) সংবাদ প্ৰতিষ্ঠান এ এফ পিক কোৱা অনুসৰি, বৰ্তমানলৈকে দুৰ্ঘটনাগ্ৰস্ত ৰেলখনৰ ডবাৰ পৰা ১৫ টা মৃতদেহ উদ্ধাৰ কৰিছে । লগতে দুৰ্ঘটনাটোৰ ফলত শতাধিক যাত্ৰী আহত হোৱা বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে ।

ৰহমানে জানিবলৈ দিয়া মতে, বিয়লি প্ৰায় ৪:০০ বজাত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো । এখন ৰে’লে আনখন ৰে’লৰ সৈতে একেটা লাইনতে প্ৰৱেশ কৰাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হবলৈ পালে বুলি তেওঁ উল্লেখ কৰে ।

ঢাকা ৰে’ল আৰক্ষীৰ অধীক্ষক(Superintendent of Dhaka Railway Police) আনোৱাৰ হোছেইনে জনোৱা মতে, মালবাহী ৰে’লখনে পিছফালৰ পৰা যাত্ৰীবাহী ৰেল এগাৰো সিন্ধুৰত খুন্দা মৰাৰ ফলত ৰেলখনৰ দুটা ডবা লাইনচ্যুত হয় ।

ইফালে স্থানীয় আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, বৰ্তমান উদ্ধাৰ অভিযান অব্যাহত আছে । লগতে মৃতকৰ সংখ্যা অধিক বৃদ্ধি পাব পাৰে বুলিও আৰক্ষীয়ে উল্লেখ কৰিছে । সংবাদ প্ৰতিষ্ঠান এ এফ পিৰ মতে, এতিয়ালৈ এই দুৰ্ঘটনাটোত ১৫ গৰাকী লোকৰ মৃত্যু হৈছে । আনহাতে, বাংলাদেশৰ সংবাদ মাধ্যমৰ তথ্য অনুসৰি মৃতকৰ সংখ্যাই ২০ৰ ঘৰ অতিক্ৰম কৰিছে ।

ৰে’ল দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ লগতে উদ্ধাৰকাৰী দল উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: Swiss woman killed by boyfriend: নতুন দিল্লীত চুইজাৰলেণ্ডৰ যুৱতীক হত্যা, গ্ৰেপ্তাৰ অভিযুক্ত বন্ধু