Cyclone Hamoon: দ্ৰুতগতিত আগবাঢ়িছে ঘূৰ্ণীবতাহ হামুন, উত্তৰ-পূবৰ ৰাজ্যসমূহত ধাৰাষাৰ বৰষুণৰ সতৰ্কবাণী

Cyclone Hamoon intensifying rapidly IMD issues heavy rain alert in North Eastern states
Cyclone Hamoon: দ্ৰুতগতিত আগবাঢ়িছে ঘূৰ্ণীবতাহ হামুন, উত্তৰ-পূবৰ ৰাজ্যসমূহত ধাৰাষাৰ বৰষুণৰ সতৰ্কবাণী

নতুন দিল্লী, ২৪ অক্টোবৰ: কেন্দ্ৰীয় বতৰ বিজ্ঞান বিভাগে(India Meteorological Department) ওড়িশা, পশ্চিমবঙ্গকে ধৰি উত্তৰ পূবৰ কেইবাখনো ৰাজ্যলৈ ঘূৰ্ণীবতাহৰ লগতে ধাৰাষাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে (IMD issues heavy rain alert) । মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয় আৰু অসমৰ দক্ষিণ প্ৰান্তকে ধৰি উত্তৰ-পূবৰ কেইবাখনো ৰাজ্যৰ বাবে জাৰি কৰিছে বৰষুণৰ এই সতৰ্কবাণী ।

বতৰ বিজ্ঞান বিভাগে দিয়া বৰষুণৰ এই আগজাননী অনুসৰি, ২৪ ৰ পৰা ২৬ অক্টোবৰৰ ভিতৰৰ সময়চোৱাত উত্তৰ-পূবৰ ৰাজ্যকেইখনত পাতলৰ পৰা ধাৰাষাৰ বৰষুণ হৈ থকাৰ সম্ভাৱনা আছে (Rain alert in North Eastern states)।

উত্তৰ-পশ্চিম বংগোপসাগৰত হোৱা গভীৰ চাপৰ ফলত তীব্ৰৰূপত সৃষ্টি হৈছে এই ঘূৰ্ণীবতাহ । বংগোপসাগৰত হোৱা গভীৰ চাপৰ ফলত সৃষ্টি হোৱা এই ঘূৰ্ণীবতাহৰ নাম ৰখা হৈছে ‘হামুন’ । এই নাম ইৰাণে দিয়া এটা পাৰ্চী শব্দ, যাৰ অৰ্থ হৈছে আভ্যন্তৰীণ মৰুভূমিত হোৱা হ্ৰদ ।

বতৰ বিজ্ঞান বিভাগৰ মতে এই ঘূৰ্ণীবতাহ উত্তৰ-পশ্চিম বিঅ’বিৰ ওপৰেৰে প্ৰতি ঘণ্টাত ২১ কিলোমিটাৰ গতিবেগেৰে উত্তৰ-পূবৰ দিশে আগবাঢ়িছে (Cyclone Hamoon intensifying rapidly) ।

বতৰ বিজ্ঞান বিভাগে আগন্তুক কেইঘণ্টামানৰ ভিতৰত হামুনে তীব্ৰ ঘূৰ্ণীবতাহৰ ৰূপ লোৱাৰ আশংকা প্ৰকাশ কৰিছে । অৱশ্যে এই ঘূৰ্ণীবতাহ উত্তৰ-পূবৰ ফালে আগুৱাই অহাৰ সময়ত লাহে লাহে দুৰ্বল হৈ পৰাৰ সম্ভাৱনা আছে বুলিও উল্লেখ কৰিছে ।

এই ঘূৰ্ণীবতাহে অহা ২৫ অক্টোবৰৰ বিয়লিৰ ফালে বাংলাদেশৰ খেপুপাৰা আৰু চিটাগঙৰ মাজৰ উপকূলীয় অঞ্চলত খুন্দা মৰাৰ সম্ভাৱনা আছে(Poses imminent threat to Bangladesh) । সেই সময়ত হামুনৰ গতিবেগ প্ৰতি ঘণ্টাত ৬৫ ৰ পৰা ৭৫ কিলোমিটাৰ হ’ব বুলি কেন্দ্ৰীয় বতৰ বিজ্ঞান বিভাগে উল্লেখ কৰিছে । লগতে এই অঞ্চলসমূহত ধাৰাসাৰ বৰষুণ অব্যাহত থকাৰ সম্ভাৱনাৰ কথাও উল্লেখ কৰিছে ।

অৱশ্যে বতৰ বিজ্ঞান বিভাগৰ মতে, ২৫ অক্টোবৰৰলৈকে ঘূৰ্ণীবতাহৰ প্ৰভাৱ ক্ৰমান্বয়ে হ্ৰাস হোৱাৰ লগতে এই অঞ্চলসমূহত পাতলৰ পৰা মধ্যমীয়া বৰষুণ অব্যাহত থাকিব ।

লগতে পঢ়ক: Rajnath Singh on Israel-Hamas war: সন্ত্ৰাসবাদৰ বিৰুদ্ধে সমগ্ৰ বিশ্বই একত্ৰিত হোৱা উচিত: ৰাজনাথ সিং