RSS holds Vijayadashmi Utsav: প্ৰধানমন্ত্ৰীৰ বাবেই ভাৰত বিশ্বৰ শীৰ্ষত জিলিকিছে: মোহন ভাগৱত

RSS Holds Annual Vijayadashmi Utsav In Nagpur
RSS Holds Vijayadashami Utsav: প্ৰধানমন্ত্ৰীৰ বাবেই ভাৰত বিশ্বৰ শীৰ্ষত জিলিকিছে: মোহন ভাগৱত

নাগপুৰ, ২৪ অক্টোবৰ: আজি বিজয়া দশমী অৰ্থাৎ দশেৰা ৷ সমগ্ৰ দেশতে আজি উদযাপন কৰা হৈছে এক মুখ্য হিন্দু উৎসৱ বিজয়া দশমী । এই উপলক্ষ্যে প্ৰতি বছৰৰ দৰে এইবাৰো ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ স্বেচ্ছাসেৱকসকলে বিজয়া দশমী উপলক্ষে উলিয়ালে পদযাত্ৰা (RSS holds Vijayadashmi Utsav in Nagpur) ।

বিজয়া দশমী উপলক্ষে নাগপুৰত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উদ্যোগত আয়োজিত এক অনুষ্ঠানত মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হয় কণ্ঠশিল্পী তথা সুৰকাৰ শংকৰ মহাদেৱনক (Singer-composer Shankar Mahadevan) । বিজয়া দশমী উপলক্ষে উলিওৱা এই পদযাত্ৰাৰ কাৰ্যসূচীত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ মুৰব্বী মোহন ভাগৱত আৰু কণ্ঠশিল্পী শংকৰ মহাদেৱনেও অংশগ্ৰহণ কৰে ।

বিজয়া দশমী উপলক্ষে সকলোকে শুভেচ্ছা জনাই গায়ক শংকৰ মহাদেৱনে কয়, “এই অনুষ্ঠানলৈ মোক মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনোৱাটো মোৰ বাবে এক বৃহৎ সন্মান । ইয়াৰ বাবে মই আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱত আৰু সমগ্ৰ স্বয়ংসেৱক সংঘ পৰিয়ালক ধন্যবাদ জনাইছো । এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ পাই মই অতিশয় উৎসাহিত হৈছো ।”

অনুষ্ঠানত উপস্থিত থকা মোহন ভাগৱতে(RSS chief Mohan Bhagwat) তেখেতৰ বক্তব্যত কয়, “সমগ্ৰ বিশ্বতে ভাৰতৰ সুনাম প্ৰতি বছৰে বাঢ়ি গৈ আছে্ । আমাৰ দেশে জি-২০ শীৰ্ষ সন্মিলন সফলতাৰে আয়োজন কৰিলে । ভাৰতবাসীৰ আতিথ্য আৰু সংস্কৃতি সমগ্ৰ বিশ্বই অনুভৱ কৰিছে । আফ্ৰিকান ইউনিয়নক সদস্য হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত ভাৰতৰ ৰাজনৈতিক দক্ষতা বিশ্বই দেখিবলৈ পালে । ভাৰতে নিজৰ নেতৃত্বৰ বাবেই বিশ্বত আজি স্থান অৰ্জন কৰিবলৈ সক্ষম হৈছে । ভাৰতে এছিয়ান গেমছত পতাকা উত্তোলন কৰিলে । আমাৰ অৰ্থনীতি দ্ৰুতগতিত বৃদ্ধি পাইছে । প্ৰধানমন্ত্ৰী মোডীৰ বাবেই ভাৰতে আজি বিশ্বৰ শীৰ্ষত অৱতৰণ কৰিছে ।”

নাগপুৰত বিজয়দশমী উপলক্ষে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উদ্যোগত আয়োজিত কাৰ্যসূচীৰ সভাখনত ভাষণ প্ৰদান কৰি আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে লগতে কয়, ” নিৰ্বাচন আহি আছে। মনত ৰাখিব ভোটদান কৰাটো প্ৰতিগৰাকী নাগৰিকৰ কৰ্তব্য । সকলোৱে এই কৰ্তব্য পালন কৰা উচিত। কোন ভাল আৰু কোনে ভাল কাম কৰিছে নিজৰ শান্ত মনেৰে এবাৰ ভালদৰে চিন্তা কৰিব ।”

এই অনুষ্ঠানত সংঘৰ পৰম্পৰাগত সাজ-পাৰ পৰিধান কৰি মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনৱীছ(Maharashtra Deputy Chief Minister Devendra Fadnavis) আৰু কেন্দ্ৰীয় পথ আৰু পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়েও(Union Minister Nitin Gadkari) অংশগ্ৰহণ কৰে।

লগতে পঢ়ক: Dussehra 2023: বিজয়দশমীৰ ইতিহাস আৰু তাৎপৰ্য্য