Cyclone Hamoon updates: বাংলাদেশৰ উপকূলীয় অঞ্চলত ঘূৰ্ণীবতাহ হামুনৰ আঘাত

Cyclone Hamoon updates: Cyclone Hamoon hits coastal Bangladesh
বাংলাদেশৰ উপকূলীয় অঞ্চলত ঘূৰ্ণীবতাহ হামুনৰ আঘাত

গুৱাহাটী, ২৫ অক্টোবৰ: বাংলাদেশৰ উপকূলীয় অঞ্চলসমূহত ঘূৰ্ণীবতাহ হামুনে খুন্দিওৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে(Hamoon hits coastal part of Bangladesh)। অহা ছয় ঘণ্টাৰ ভিতৰত এই ঘূৰ্ণীবতাহ লাহে লাহে দুৰ্বল হৈ পৰিব বুলিও ভাৰতৰ বতৰ বিজ্ঞান বিভাগে জানিবলৈ দিছে । বতৰ বিজ্ঞান বিভাগে(India Meteorological Department) বুধবাৰে জনোৱা তথ্য অনুসৰি, ২৫ অক্টোবৰৰ পুৱা ৫.৩০ বজাত বাংলাদেশৰ উপকূলীয় অঞ্চলসমূহৰ ওপৰত আঘাত হনা ঘূৰ্ণীবতাহ হামুন বাংলাদেশৰ চট্টগঙৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ পূব-দক্ষিণ-পূবত(East-southeast of Chittagong) কেন্দ্ৰীভূত হৈ আছিল । এই সময়ছোৱাত বতাহ ঘণ্টাত ৮০ৰ পৰা ৯০ কিলোমিটাৰ বেগেৰে গতি কৰি আছিল আৰু ই এতিয়া প্ৰতি ঘণ্টাত ১০০ কিলোমিটাৰলৈ বৃদ্ধি পাইছে ।

টুইটাৰত প্ৰকাশিত এক পোষ্টত কোৱা হৈছে যে, অহা ছয় ঘণ্টাৰ ভিতৰত হামুন ভাৰতৰ উত্তৰ-পূব দিশলৈ গতি কৰিব (Cyclone Hamoon updates)। অৱশ্যে পৰৱৰ্তী ছয় ঘণ্টাৰ ভিতৰত ই লাহে লাহে দুৰ্বল হৈ পৰাৰ পূৰ্বানুমান কৰা হৈছে । বন্দৰ বিষয়াসকলে উল্লেখ কৰা মতে, মঙলবাৰে ৰামেশ্বৰমৰ পাম্বন বন্দৰত টাইফন ৱাৰ্নিং (Typhoon Warning Cage No 2) বলৱৎ কৰি মাছমৰীয়াসকলক বংগোপসাগৰত হৈ থকা ভয়াৱহ ঘূৰ্ণীবতাহ হামুন সন্দৰ্ভত সতৰ্ক কৰি দিয়া হৈছে(Hamun in the Bay of Bengal) ।

এই লৈ সোমবাৰেই ওড়িশা প্ৰশাসনে ৰাজ্যখনৰ সকলো নগৰীয়া স্থানীয় সংস্থা (Urban local bodies)ক সতৰ্ক কৰি দিছে । বংগোপসাগৰত ঘূৰ্ণীবতাহ হামুন সৃষ্টি হোৱাৰ পৰিপ্ৰেক্ষিতত ক্ষতিগ্ৰস্ত ৰাজ্যখনে পূৰ্বৰে পৰাই এইবাৰ অধিক সষ্টম হৈ পৰা পৰিলক্ষিত হৈছে । ইফালে, ২৪ অক্টোবৰৰ নিশা ১১:৩০ বজাত উপকূলীয় য়েমেনত হোৱা ভয়াৱহ ঘূৰ্ণীবতাহৰ গতিবেগ লাহে লাহে দুৰ্বল হৈ সাধাৰণ ধুমুহালৈ পৰিণত হয় ।

মঙলবাৰে বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, অহা ছয় ঘণ্টাৰ ভিতৰত ই পশ্চিম-উত্তৰ-পশ্চিম কোণৰ দিশে গতি কৰিব আৰু লাহে লাহে ইয়াৰ গতিবেগ দুৰ্বল হৈ পৰিব । লগতে ২৫ অক্টোবৰৰ দিনা মিজোৰামৰ বিভিন্ন ঠাইত পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ লগতে কোনো কোনো স্থানত প্ৰচণ্ড বৰষুণ হোৱাৰো সম্ভাৱনা আছে ।

তাৰোপৰি বৃহস্পতিবাৰেও মিজোৰাম আৰু ত্ৰিপুৰাৰ বিভিন্ন স্থানত পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে (Light to moderate rainfall) । একেধৰণে বুধ আৰু বৃহস্পতিবাৰে নাগালেণ্ড, মণিপুৰ আৰু পূব অৰুণাচল প্ৰদেশৰ বহুকেইটা স্থানত পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।

ইফালে বতৰ বিজ্ঞান বিভাগে সাগৰীয়া অঞ্চলসমূৰ মাছমৰীয়াসকলৰ বাবে এক পৰামৰ্শ জাৰি কৰিছে । বুধবাৰে মাছমৰীয়াসকলক উত্তৰ-পূব বংগোপসাগৰ, বাংলাদেশ আৰু উত্তৰ ম্যানমাৰৰ উপকূল, পশ্চিম বংগোপসাগৰ আৰু পূব-মধ্য বংগ উপসাগৰৰ আশে-পাশে থকা অঞ্চলত প্ৰৱেশ নকৰিবলৈ কোৱা হৈছে ।

লগতে পঢ়ক: Cyclone Hamoon: দ্ৰুতগতিত আগবাঢ়িছে ঘূৰ্ণীবতাহ হামুন, উত্তৰ-পূবৰ ৰাজ্যসমূহত ধাৰাষাৰ বৰষুণৰ সতৰ্কবাণী