Bharat in School Textbooks: বিদ্যালয়ৰ পাঠ্যপুথিত ‘ইণ্ডিয়া’ৰ পৰিৱৰ্তে ‘ভাৰত’ ৰখাৰ পৰামৰ্শ এনচিইআৰটিৰ

Bharat in School Textbooks NCERT recommends Bharat instead of India in school textbooks
বিদ্যালয়ৰ পাঠ্যপুথিত ‘ইণ্ডিয়া’ৰ পৰিৱৰ্তে ‘ভাৰত’ ৰখাৰ পৰামৰ্শ এনচিইআৰটিৰ

নতুন দিল্লী, ২৫ অক্টোবৰঃ আমাৰ দেশৰ নাম বিতৰ্কই এতিয়া লৈছে এক নতুন ৰূপ । ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে (National Council of Educational Research and Training) বিদ্যালয়ৰ পাঠ্যপুথিৰ পৰা ‘ইণ্ডিয়া’ নামটো আঁতৰোৱাৰ পৰামৰ্শ আগবঢ়াইছে(Bharat in School Textbooks) । ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ চমুকৈ এনচিইআৰটিয়ে কয় যে সকলো শ্ৰেণীৰ বিদ্যালয়ৰ পাঠ্যপুথি আৰু পাঠ্যক্ৰম(School textbooks and school curricula)ত ‘ইণ্ডিয়া’ৰ সলনি ‘ভাৰত’ ব্যৱহাৰ কৰিব লাগে । এই লৈ ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে (NCERT) পাঠ্যপুথিত দেশৰ নাম সংশোধন কৰিবলৈ এখন উচ্চ পৰ্যায়ৰ সমিতিও গঠন কৰিছে ।

এনচিইআৰটি কমিটীৰ অধ্যক্ষ চি আই আইজাকৰ(NCERT committee chairperson C I Isaac) মতে, উচ্চ পৰ্যায়ৰ এই সমিতিখনে বিদ্যালয়ৰ পাঠ্যপুথিত ‘ইণ্ডিয়া’ৰ ঠাইত ‘ভাৰত’ লিখা, পাঠ্যক্ৰমত ‘প্ৰাচীন ইতিহাস’ৰ পৰিৱৰ্তে ‘ধ্ৰুপদী ইতিহাস’ৰ প্ৰৱৰ্তন আৰু ভাৰতীয় জ্ঞান প্ৰণালীক (Indian Knowledge System) অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ আগবঢ়ায় । লগতে সকলো বিষয়ৰ বাবে নতুন পাঠ্যক্ৰমৰ পৰাই ইয়াক প্ৰৱৰ্তন কৰিবলৈও সমিতিখনে পৰামৰ্শ আগবঢ়াইছে ।

এনচিইআৰটিৰ বিষয়াগৰাকীয়ে অৱশ্যে কয় যে, সমিতিৰ পৰামৰ্শ সন্দৰ্ভত এতিয়ালৈকে কোনো চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই । কমিটীৰ অধ্যক্ষ আইজাকে সংবাদ মাধ্যমক কয় যে, “সমিতিখনে সৰ্বসন্মতিক্ৰমে পৰামৰ্শ দিছে যে সমগ্ৰ দেশৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পাঠ্যপুথিত ‘ভাৰত’ নামটো ব্যৱহাৰ কৰিব লাগে । লগতে পাঠ্যপুথিত ‘প্ৰাচীন ইতিহাস’ৰ পৰিৱৰ্তে ‘ধ্ৰুপদী ইতিহাস’ৰ প্ৰৱৰ্তনৰো পৰামৰ্শ দিছে।” তেওঁ লগতে কয় যে, “সমিতিখনে পাঠ্যপুথিত সন্নিবিষ্ট বিভিন্ন যুদ্ধত ‘হিন্দু বিজয়’ৰ (Highlighting of Hindu victories) ওপৰতো আলোকপাত কৰাৰ পৰামৰ্শ আগবঢ়াইছে ।”

আইজাকে কয়, “বৰ্তমানৰ পাঠ্যক্ৰমৰ পাঠ্যপুথিত আমাৰ বিফলতাৰ কথা উল্লেখ কৰা হৈছে । কিন্তু মোগল আৰু চুলতানৰ ওপৰত আমাৰ বিজয়ৰ কথা কোৱা উল্লেখ নাই।” কাকতলীয়াকৈ ক’বলৈ গ’লে, কমিটীৰ অধ্যক্ষ আইজাক ইণ্ডিয়ান কাউন্সিল অৱ হিষ্ট’ৰিকেল ৰিচাৰ্চ (আইচিএইচআৰ)ৰ এগৰাকী সদস্যও । এনচিইআৰটিয়ে ৰাষ্ট্ৰীয় শিক্ষা নীতি (এনইপি) ২০২০ৰ লগত সংগতি ৰাখি বিদ্যালয়ৰ পাঠ্যপুথিৰ পাঠ্যক্ৰমত সংশোধন আনিছে । শেহতীয়াকৈ পৰিষদে পাঠ্যক্ৰম, পাঠ্যপুথি আৰু শৈক্ষিক সামগ্ৰী চূড়ান্ত কৰাৰ বাবে ১৯ জনীয়া এখন ৰাষ্ট্ৰীয় পাঠ্যক্ৰম আৰু শৈক্ষিক সামগ্ৰী সমিতি গঠন কৰিছিল। আইজাকে লগতে কয়, সমিতিখনে সকলো বিষয়ৰ পাঠ্যক্ৰমত ভাৰতীয় জ্ঞান ব্যৱস্থা (IKS) প্ৰৱৰ্তনৰো পৰামৰ্শ আগবঢ়ায়।

এই সমিতিখনত থকা সদস্যসকল হৈছে আইচিএইচআৰৰ অধ্যক্ষ ৰঘুবেন্দ্ৰ তনৱাৰ, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ অধ্যাপিকা বন্দনা মিশ্ৰ, ডেকান কলেজ ডিমড ইউনিভাৰ্চিটিৰ প্ৰাক্তন উপাচাৰ্য বসন্ত শিণ্ডে আৰু হাৰিয়ানাৰ চৰকাৰী বিদ্যালয়ত সমাজবিজ্ঞানৰ অধ্যাপনা কৰা মমতা যাদৱ ।

লগতে পঢ়ক: Rajnath Singh Tawan Visit: ভাৰত-চীন সীমান্তৰ টাৱাঙত প্ৰতিৰক্ষা মন্ত্ৰীয়ে কৰিলে অস্ত্ৰ পূজা