US India Partnership: ভাৰত-আমেৰিকাৰ দ্বিপাক্ষিক সম্পৰ্কত কৌশলগত আৰু প্ৰতিৰক্ষা সহযোগিতা বৃদ্ধিৰ কথা কলে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে

শুকুৰবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে(Defense Minister Rajnath Singh) প্ৰতিৰক্ষাক ভাৰত-আমেৰিকাৰ দ্বিপাক্ষিক সম্পৰ্কৰ অন্যতম গুৰুত্বপূৰ্ণ স্তম্ভ বুলি অভিহিত কৰে(Pillars of India-US bilateral relations)। তেওঁ ভাৰত-আমেৰিকাৰ অংশীদাৰিত্বক এক মুক্ত, মুকলি আৰু নিয়ম-আধাৰিত ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ বাবে গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰে (India-US bilateral relations)।

US India Partnership India US hold 2+2 talks focus on expanding strategic ties, West Asia situation
US India Partnership: ভাৰত-আমেৰিকাৰ দ্বিপাক্ষিক সম্পৰ্কত কৌশলগত আৰু প্ৰতিৰক্ষা সহযোগিতা বৃদ্ধিৰ কথা কলে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে

নতুন দিল্লী, ১০ নৱেম্বৰ: শুকুৰবাৰে ভাৰত-আমেৰিকাৰ ‘টু প্লাছ টু’ বৈদেশিক আৰু প্ৰতিৰক্ষা মন্ত্ৰীৰ বৈঠকত ভাষণ প্ৰদান কৰি দি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে(Defense Minister Rajnath Singh) কয় যে প্ৰতিৰক্ষা হৈছে দ্বিপাক্ষিক সম্পৰ্কৰ অন্যতম গুৰুত্বপূৰ্ণ স্তম্ভ (Pillars of India-US bilateral relations)। দিল্লীত অনুষ্ঠিত ‘টু প্লাছ টু’ শীৰ্ষক এই বৈঠকত উপস্থিত আছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰী এণ্টনি ব্লিংকেন আৰু আমেৰিকাৰ প্ৰতিৰক্ষা সচিব লয়ড অষ্টিন। এই বৈঠকৰ উদ্দেশ্য হৈছে ভাৰত-আমেৰিকাৰ কৌশলগত সহযোগিতাৰ বাবে ভৱিষ্যতৰ ৰোডমেপখন আগুৱাই নিয়া(India-US two plus two foreign and defense ministerial talks)।

‘টু প্লাছ টু’ৰ পঞ্চম সংস্কৰণৰ এই বৈদেশিক আৰু প্ৰতিৰক্ষা মন্ত্ৰীৰ বৈঠকখনত ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা অহা দুয়োগৰাকী অতিথিক উদ্দেশ্যি কয় যে আপোনালোকৰ ভাৰত ভ্ৰমণ এনে এক সময়ত হৈছে, যিসময়ত ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক পূৰ্বতকৈ অধিক ঘনিষ্ঠ হৈছে । নতুনকৈ উদ্ভৱ হোৱা বিভিন্ন ভূ-ৰাজনৈতিক প্ৰত্যাহ্বানৰ মাজতো আমি গুৰুত্বপূৰ্ণ আৰু দীৰ্ঘম্যাদী বিষয়বোৰত মনোনিৱেশ কৰিব লাগিব। এক মুক্ত, মুকলি আৰু নিয়ম-আৱদ্ধ ইণ্ডো-পেচিফিক অঞ্চল নিশ্চিত কৰাৰ বাবে আমাৰ অংশীদাৰীত্ব অতি গুৰুত্বপূৰ্ণ (Free open and rule-bound Indo-Pacific region)।

বৈঠকৰ পৰৱৰ্তী আলোচনাত ভাৰতীয় প্ৰতিনিধি দলটোৰ নেতৃত্বত থাকিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু বৈদেশিক মন্ত্ৰী জয়শংকৰ(Foreign Minister Jaishankar)। প্ৰতিৰক্ষা মন্ত্ৰালয়ে জানিবলৈ দিয়া অনুসৰি, ‘টু প্লাছ টু’ শীৰ্ষক বৈঠক আৰু ৰাজনাথ সিং-লয়ড অষ্টিনৰ মাজত অনুষ্ঠিত হ’বলগীয়া দ্বিপাক্ষিক বৈঠকত বিভিন্ন কৌশলগত, প্ৰতিৰক্ষা আৰু প্ৰযুক্তি সম্পৰ্কীয় বিষয়ৰ ওপৰত আলোচনা হ’ব বুলি আশা কৰা হৈছে (US India Partnership)।

আমেৰিকা যুক্তৰাষ্ট্ৰৰৰ প্ৰতিৰক্ষা সচিব লয়ড অষ্টিনে কয় যে, ভাৰত আৰু আমেৰিকাই যোৱা এটা বছৰত প্ৰতিৰক্ষাৰ ক্ষেত্ৰখনত অংশীদাৰিত্ব গঢ়ি তোলাৰ ক্ষেত্ৰত এক আকৰ্ষণীয় অগ্ৰগতি লাভ কৰিছে। প্ৰতিৰক্ষা সচিবগৰাকীয়ে ভাৰত আৰু আমেৰিকাই বিভিন্ন জৰুৰী গোলকীয় প্ৰত্যাহ্বানৰ সন্মুখীন হৈ থকাৰ মাজতে দুয়োখন দেশৰ জনসাধাৰণৰ বাবে চিন্তা-চৰ্চাৰ আদান-প্ৰদান, উমৈহতীয়া লক্ষ্য বিচাৰি উলিওৱাৰ লগতে কাম কৰি যোৱাটো অতিকে প্ৰয়োজনীয় বুলি অভিহিত কৰে।

ভাৰত-আমেৰিকাৰ টু প্লাছ টু শীৰ্ষক এই বৈঠকত অংশগ্ৰণ কৰি প্ৰাৰম্ভিক ভাষণত অষ্টিনে কয় যে দুয়োখন দেশৰ এক বৃহৎ গতিৰ সময়তে আমি এই বৈঠকত মিলিত হৈছো। বিশ্বব্যাপী হোৱা জৰুৰী প্ৰত্যাহ্বানৰ মাজতে ভাৰত-আমেৰিকাৰ অংশীদাৰিত্বৰ মাজেৰে, বিশ্বৰ দুখন বৃহৎ গণতন্ত্ৰই ধাৰণাৰ বিনিময় কৰা, উমৈহতীয়া লক্ষ্য বিচাৰি উলিওৱাৰ লগতে দেশদুখনৰ জনসাধাৰণৰ বাবে কাম কৰাটো পূৰ্বতকৈ অধিক গুৰুত্বপূৰ্ণ।

লগতে পঢ়ক: ED attaches properties of Hero Group: ইডিয়ে জব্দ কৰিলে হিৰ’ মট’কৰ্পৰ চিএমডি পৱন মুঞ্জালৰ ২৫ কোটি টকাৰ সম্পত্তি

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)