ED attaches properties of Hero Group: ইডিয়ে জব্দ কৰিলে হিৰ’ মট’কৰ্পৰ চিএমডি পৱন মুঞ্জালৰ ২৫ কোটি টকাৰ সম্পত্তি

ধনতেৰাছৰ দিনটোতে প্ৰৱৰ্তন সঞ্চালকালয়ে(Enforcement Directorate) আজি হিৰ' মট’কৰ্পৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক পৱন কুমাৰ মুঞ্জলৰ বাবে বৃদ্ধি কৰিলে এটা ডাঙৰ সমস্যা(Hero MotoCorp Chairman and Managing Director Pawan Kumar Munjal) । তথ্য অনুসৰি পৱন মুঞ্জালৰ বিৰুদ্ধে বৰ্তমান চলি আছে মানি লণ্ডাৰিং সম্পৰ্কীয় এটা গোচৰৰ তদন্ত (Money laundering case)। এই সন্দৰ্ভতে ইডিয়ে এই পদক্ষেপ গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।

ED attaches properties of Hero Group
ED attaches properties of Hero Group: ইডিয়ে জব্দ কৰিলে হিৰ' মট’কৰ্পৰ চিএমডি পৱন মুঞ্জালৰ ২৫ কোটি টকাৰ সম্পত্তি

নতুন দিল্লী, ১০ নৱেম্বৰ: আজি সমগ্ৰ দেশজুৰি আৰম্ভ হৈছে ধনতেৰাছ উৎসৱ । এই শুভ দিনটোতে ইডিয়ে হিৰ’ মট’কৰ্পৰ অধ্যক্ষ(Hero MotoCorp Chairman) তথা পৰিচালনা সঞ্চালক পৱন কুমাৰ মুঞ্জালৰ বিৰুদ্ধে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হয়। তথ্য অনুসৰি, ইডিয়ে দিল্লীস্থিত পৱন মুঞ্জালৰ তিনিটাকৈ সম্পত্তি জব্দ কৰিছে। যাৰ মূল্য প্ৰায় ২৫ কোটি বুলি উল্লেখ কৰা হৈছে। ইডিৰ এই গুৰুত্বপূৰ্ণ অভিযানটো ধন ৰপ্তানিৰ লগত সম্পৰ্কীত এটা গোচৰ(Money laundering case)ৰ লগত জড়িত বুলি উল্লেখ কৰা হৈছে।

ইডিয়ে জনালে এই তথ্য:
প্ৰৱৰ্তন সঞ্চালকালয়ে(Enforcement Directorate) ছ’চিয়েল মিডিয়াত পোষ্ট কৰি জনালে এই গুৰুত্বপূৰ্ণ তথ্য। পোষ্টটোত ইডিয়ে উল্লেখ কৰা অনুসৰি, হিৰ’ মট’কৰ্পৰ বিৰুদ্ধে গ্ৰহণ কৰা এই পদক্ষেপ ধন সৰবৰাহৰ লগত সম্পৰ্কীত এটা গোচৰৰ অধীনত লোৱা হৈছে(Hero MotoCorp is under money laundering)। ইডিৰ শেহতীয়া এই অভিযানটোত যিসমূহ সম্পত্তি জব্দ কৰা হৈছে তাৰ মূল্য প্ৰায় ২৫ কোটি টকা হ’ব। ইয়াৰ পূৰ্বেও পৱন মুঞ্জালৰ প্ৰায় ৫০ কোটি টকাৰ সম্পত্তি জব্দ কৰা হৈছিল ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও চলিত বৰ্ষৰ আগষ্ট মাহত পিএমএলএৰ অধীনত এটা গোচৰ ৰুজু হোৱাৰ পিছত মুঞ্জাল আৰু তেওঁৰ মালিকানাধীন কোম্পানীসমূহৰ বিৰুদ্ধে ইডিয়ে অভিযান চলাইছিল। ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে (DRI) ভাৰতৰ পৰা অবৈধভাৱে বিদেশী মুদ্ৰা কঢ়িয়াই নিয়াৰ অভিযোগ উত্থাপন কৰি দিয়া অভিযোগপত্ৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি গোচৰটো ৰুজো কৰা হৈছিল।। ইডিয়ে জনালে, ‘‘সংশ্লিষ্ট বিভাগে(Directorate of Revenue Intelligence) দাখিল কৰা অভিযোগটোত ৫৪ কোটি টকাৰ বিদেশী মুদ্ৰা ভাৰতৰ পৰা অবৈধভাৱে স্থানান্তৰ কৰাৰ কথা উত্থাপন কৰা হৈছে।’’

লগতে পঢ়ক: Delhi air quality improves: এজাক পাতল বৰষুণৰ পিছত সামান্য উন্নত দিল্লীৰ বায়ুৰ গুণাগুণ, আজি অধিক বৰষুণৰ সম্ভাৱনা

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)