Indias economic growth: ভাৰতৰ অৰ্থনৈতিক বিকাশৰ দিশত নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ সুপ্ৰভাৱ সুদূৰপ্ৰসাৰী হৈ ৰ’ব: সৰ্বানন্দ সোণোৱাল

ডিল'ইত ইণ্ডিয়াৰ দ্বাৰা আয়োজিত 'আৰোহণ: প্ৰভাৱৰ সৈতে বিকাশ' শীৰ্ষক সন্মিলনত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ(Indias economic growth) । আভ্যন্তৰীণ জলপথৰ জৰিয়তে পৰিবহণ কৰা কাৰ্গ'ৰ পৰিমাণ যোৱা ৯ বছৰত ১৭০০%তকৈও অধিক বৃদ্ধি পাইছে বুলি উল্লেখ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে(Cargo transportation through inland waterways)।

Narendra Modis leadership will have a far-reaching impact on Indias economic growth says Union Minister Sarbananda Sonowal
ভাৰতৰ অৰ্থনৈতিক বিকাশৰ দিশত নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ সুপ্ৰভাৱ সুদূৰপ্ৰসাৰী হৈ ৰ'ব: সৰ্বানন্দ সোণোৱাল
নতুন দিল্লী, ১২ ডিচেম্বৰ: নতুন দিল্লীত ডিল'ইত ইণ্ডিয়াৰ দ্বাৰা আয়োজিত 'আৰোহণ: প্ৰভাৱৰ সৈতে বিকাশ' শীৰ্ষক সন্মিলনত আজি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে আৰু ভাৰতৰ অৰ্থনৈতিক বিকাশৰ দিশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ প্ৰভাৱ তথা ২০৪৭ চনৰ অমৃতকালৰ ভিতৰত এখন বিকশিত ভাৰত গঢ়ি তোলাৰ দিশত চৰকাৰৰ পৰিকল্পনা তথা ভৱিষ্যতৰ ৰূপৰেখাৰ সন্দৰ্ভত আলোকপাত কৰে(Indias economic growth)।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাষণ প্ৰসংগত কয়, “মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত ভাৰত এতিয়া বিশ্বৰ দ্ৰুত উন্নয়নমুখী অৰ্থনীতিলৈ ৰূপান্তৰিত হৈছে। ২০১৪ চনৰ দশম বৃহত্তম অৰ্থনীতি হোৱাৰ পৰা আমি এতিয়া বিশ্বৰ পঞ্চম বৃহত্তম অৰ্থনীতি হৈ পৰিছোঁ আৰু বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হোৱাৰ দিশত ভাৰতে দ্ৰুতগতিত আগুৱাই গৈছে। আমাৰ উৎপাদন খণ্ডই প্ৰধানমন্ত্ৰীৰ মেক ইন ইণ্ডিয়া আৰু উৎপাদন সংযোজিত ইনচেণ্টিভ আঁচনিৰ সহায়ত যোৱা তিনিমাহত সৰ্বাধিক ১৩.৯% বৃদ্ধি পঞ্জীয়ন কৰিছে। মেড ইন ইণ্ডিয়াৰ সামগ্ৰীৰ চাহিদা এতিয়া আমেৰিকাতো ক্ৰমান্বয়ে বৃদ্ধি পোৱা দেখা গৈছে। চীনৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰলৈ সামগ্ৰীৰ আমদানি ২০১৮ চনৰ পৰা ২০২২ চনলৈ ১০% হ্ৰাস পাইছে, আনহাতে এই সময়ছোৱাত ভাৰতৰ পৰা আমদানি ৪৪% বৃদ্ধি পাইছে। ভাৰত আজি ম’বাইল ফোনৰ দ্বিতীয় সৰ্ববৃহৎ নিৰ্মাতা, তীখা, কয়লা আৰু এলুমিনিয়ামৰ দ্বিতীয় সৰ্ববৃহৎ উৎপাদক হৈ পৰিছে।”

আনহাতে, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে(Union Minister Sarbananda Sonowal) কয়, “আভ্যন্তৰীণ জল পৰিবহণত আমাৰ চৰকাৰে যথেষ্ট গুৰুত্ব দিয়াৰ ফলত ২০১৪ চনৰ ৫টাৰ বিপৰীতে এতিয়া ১১১টা ৰাষ্ট্ৰীয় জলপথৰ ত্বৰান্বিতকৰণ ঘোষণা কৰা হৈছে। আভ্যন্তৰীণ জলপথৰ জৰিয়তে পৰিবহণ কৰা কাৰ্গ’ৰ পৰিমাণ যোৱা ৯ বছৰত ১৭০০%তকৈও অধিক বৃদ্ধি পাইছে(Cargo transportation through inland waterways)। শেহতীয়াকৈ অনুষ্ঠিত হোৱা গ্ল’বেল মেৰিটাইম ইণ্ডিয়া ছামিট ২০২৩ত মাননীয় প্ৰধানমন্ত্ৰীয়ে অভিলাষী সামুদ্ৰিক অমৃতকাল ভিজন ২০৪৭ৰ শুভাৰম্ভণি কৰে। এই সময়ছোৱাত সামুদ্ৰিক খণ্ডৰ বিকাশৰ বাবে ৮০ লাখ কোটি টকাৰ বিনিয়োগ মুকলি কৰাৰ পৰিকল্পনা কৰা হৈছে। এই দৃষ্টিভংগী প্ৰাপ্ত কৰাৰ দিশত উক্ত সন্মিলনত ১০ লাখ কোটি টকাতকৈও অধিক বিনিয়োগৰ প্ৰতিশ্ৰুতি লাভ কৰা হৈছে। এনেদৰেই মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত দেশৰ বিভিন্ন খণ্ডত উন্নয়নৰ এক নৱজাগৰণৰ সূচনা হৈছে।”

লগতে পঢ়ক: Kalyan Barua Memorial Award:”পক্ষপাতহীন আৰু বস্তুনিষ্ঠ সাংবাদিকতাই সত্যক প্ৰতিফলিত কৰে”: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)