Some unknown facts: ভাৰতবৰ্ষৰ মাটিতে জন্ম হৈছিল আপুনি মই ব্যৱহাৰ কৰা চেম্পুৰ ধাৰণা

বহু যুগৰ পূৰ্বেই ভাৰতবৰ্ষত আত্মপ্ৰকাশ ঘটিছিল চেম্পুৰ ধাৰণাটো । চেম্পুৰ ধাৰণা বা ইয়াৰ ব্যৱহাৰ সমগ্ৰ বিশ্বতে কেনেকৈ জনাজাত হৈ পৰিল সেইয়া জানিবলৈ পঢ়ক এই প্ৰতিবেদন(Some unknown facts) ।

Some unknown facts Concept of shampoo was born in India
ভাৰতবৰ্ষৰ মাটিতে জন্ম হৈছিল আপুনি মই ব্যৱহাৰ কৰা চেম্পুৰ ধাৰণা
নিউজ ডেস্ক, ১২ ডিচেম্বৰ: পূৰ্বতে চেম্পুৰ কোনো ব্ৰেণ্ড নাছিল (Some unknown facts)। নাছিল কোনো আকৰ্ষণীয় সৰু-ডাঙৰ চেম্পুৰ বটলো । নাছিল চুলিৰ নানান সমস্যা সমাধানৰ বাবে কোনো ভিন ভিন পন্থা অথবা পদ্ধতি । চুলি আৰু গা ধুবলৈ মাথো আছিল এবিধেই চাবোনজাতীয় সামগ্ৰী, যি কোনো বিশেষ ফল অথবা গছৰ পাতেৰে তৈয়াৰ কৰা হৈছিল । চুলিখিনিৰ যে সুকীয়াকৈয়ো যত্ন ল'ব লাগে, সেই বিষয়েও সমগ্ৰ বিশ্ববাসীয়ে নাজানিছিল । কিন্তু সেই সময়তো আমাৰ ভাৰতবৰ্ষত সকলোৱে নিজৰ চুলিখিনি পৰিস্কাৰ কৰি ৰখা বা চেম্পুৰ ব্যৱহাৰ কৰাটো নিয়মিত কাম-কাজৰ মাজৰে এক অন্যতম আছিল(Concept of shampoo was born in India) ।

চেম্পু শব্দৰ উৎপত্তি:

চেম্পু হৈছে এটা ইংৰাজী শব্দ । যিটো শব্দ হিন্দীৰ চাম্পু (Champu) বা চাম্পো (Champo) ৰ পৰা আহিছে । এই চাম্পো শব্দটো সংস্কৃত শব্দ চাপ্যাথিৰ (Chapyathi) পৰা আহিছিল । এই শব্দটোৱে মালিচ বা মাছাজ কৰাক বুজায় । অতীতত তেলেৰে মূৰ মালিচ কৰা ধাৰণাৰ পৰাই উৎপত্তি হৈছিল চেম্পু ব্যৱহাৰৰ পদ্ধতি ।

প্ৰাচীন ভাৰতত চেম্পুৰ ধাৰণাৰ উদ্ভৱ:

বহু যুগৰ আগৰে পৰাই প্ৰাচীন ভাৰতত এই চেম্পু ব্যৱহাৰৰ ধাৰণাৰ অৱস্থিতি আছিল । কিন্তু বেলেগ নাম আৰু পদ্ধতিৰেহে ইয়াক ব্যৱহাৰ কৰা হৈছিল বুলি জানিবলৈ পোৱা যায় । মোগলৰ আমোলতো মূৰ মালিচ কৰাৰ বিভিন্ন উল্লেখ বুৰঞ্জীত পোৱা যায় ৷ খ্ৰীষ্টপূৰ্ব চাৰি দশকত গ্ৰীকৰ এগৰাকী ইতিহাসবিদ স্ত্ৰাবোৱে ভাৰতবৰ্ষত চেম্পুৰ ব্যৱহাৰৰ ৰীতিৰ বিষয়ে উল্লেখ কৰিছিল । সেই সময়ত আয়ুৰ্বেদক সৰোগত কৰি চুলিৰ যত্ন লোৱা হৈছিল । যিটো প্ৰথা আজিও সমাজৰ একাংশ লোকৰ মাজত প্ৰচলিত হৈ থকা দেখা যায় । যদিও বিভিন্ন ধৰণৰ ৰাসায়নিক সামগ্ৰী বৰ্তমানৰ চেম্পুবোৰত ব্যৱহাৰ কৰা হয় ৷

আজিৰ পৰা প্ৰায় তিনি-চাৰিশ বছৰৰ পূৰ্বে তেল বা কোনো মিশ্ৰণ তৈয়াৰ কৰি চুলিত ব্যৱহাৰ কৰা হৈছিল । সাধাৰণতে আয়ুৰ্বেদৰ গুণসম্পন্ন নানান ফল আৰু গছৰ পাতৰ পৰা উলিওৱা ৰস মূৰত লগোৱা হৈছিল । এই মিশ্ৰণ বা তেল তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা উপাদান সমূহৰ ভিতৰত অন্যতম হৈছে, আমলখি, জবাফুল, শিলিখা, মেথি, তুলসী আদিকে ধৰি বিভিন্ন উপাদান । ইয়াৰ আঁৰতো আছিল বহুকেইটা কাৰণ । আমলখিয়ে চুলিবোৰ মজবুত কৰে । ইয়াত থকা ভিটামিন-C য়ে চুলিৰ গুৰি শক্তিশালী কৰে ।তাৰোপৰি আমলখিয়ে চুলি সৰাও হ্ৰাস কৰে । এনেদৰে ওপৰত উল্লেখিত সকলোবোৰ উপাদানৰে আছিল কিছুমান সুকীয়া সুকীয়া বৈশিষ্ট্য । পূৰ্বৰ সেই সময়ত চুলি পৰিস্কাৰ কৰি ৰখাৰ এক বিশেষ ৰীতি আছিল । যিটো সকলোৱে নিয়মিতভাৱে প্ৰয়োগ কৰিছিল । পৰৱৰ্তী সময়ত বৃটিছসকল ভাৰতলৈ আহিও সেই ৰীতিকে অনুসৰণ কৰিছিল । তাৰেপৰি তেওঁলোকে নিজৰ দেশলৈকো নি সেই ৰীতিবোৰ প্ৰয়োগ কৰিছিল আৰু তেনেদৰে লাহে লাহে সমগ্ৰ বিশ্বতেই চেম্পুৰ ধাৰণাটো আৰম্ভ হয় ।

১৯ শতিকাত পণ্য হিচাপে চেম্পুৰ আত্মপ্ৰকাশ:

১৯ শতিকাত চেম্পু ব্যৱহাৰ কৰাটো ইংলেণ্ডত এক ফেচনৰ বিষয় হৈ পৰে । তেতিয়াৰ পৰাই কেশসজ্জা কৰা লোকসকলে নানান পদ্ধতিৰে মূৰ মালিচ কৰাৰ লগতে চুলি ধুৱাৰ পদ্ধতিৰ আৱিস্কাৰ কৰে । সেই সময়ছোৱাত ইয়াৰ লগত লগত জড়িত থকা এগৰাকী লোক আছিল পাটনাৰ শেখ ডিন মাহমুদ । ১৮০০ চনত তেওঁ ইংলেণ্ডলৈ যায় আৰু তাতেই এখন চেলুন খুলিছিল আৰু ইয়াৰ নাম আছিল মাহমুদ বাথ্ছ । চেলুনখনত মূৰৰ মালিচৰ কাম চলিছিল । অতি কম সময়ৰ ভিতৰতে জনপ্ৰিয়ও হৈ পৰিছিল মাহমুদৰ লগতে মাহমুদৰ চেলুনখন । পৰৱৰ্তী সময়ত তেওঁ নিজৰ দোকান এৰি ৰাজ পৰিয়ালৰ সদস্যৰ চুলিৰ যত্ন লোৱা কাৰ্যত নিয়োজিত হয় ।

১৮৯০ চনত পোনপ্ৰথমে জাৰ্মানীৰ বজাৰত পণ্য হিচাপে আত্মপ্ৰকাশ ঘটিছিল চেম্পুৰ । ইয়াৰ পাছত ১৮৯৮ চনত আমেৰিকাৰ জ’ন ব্ৰেক নামৰ এজন দমকল ভাল কৰা লোকে চেম্পু তৈয়াৰ কৰাৰ পৰিকল্পনাৰে গৱেষণাৰ কাম আৰম্ভ কৰে । গৱেষণাৰ অন্তত বিভিন্ন ৰাসায়নিক দ্ৰব্য মিহলি কৰি তেওঁ চেম্পু তৈয়াৰ কৰে । অৱশ্যে এই গৱেষণা আৰু ব্যৱহাৰৰ পাছত অতি কম বয়সতে তেওঁৰ চুলিবোৰ সৰি যায় ৷ তথাপিও তেও গৱেষণা অব্যাহত ৰাখে আৰু ১৯০৮ চনত তৰল চেম্পুৰ ব্যৱহাৰ আৰম্ভ কৰে । অৰ্থাৎ সেই মিশ্ৰণত তেলৰ পৰিৱৰ্তে পানী প্ৰয়োগ কৰি চেম্পুৰ ব্যৱহাৰ আৰম্ভ কৰে । ফলস্বৰূপে ১৯৩০ চনত চুলিৰ যত্ন ল’বলৈ আৰম্ভ কৰা এই অভিনৱ পন্থাই বিশ্বজুৰি বিখ্যাত হৈ পৰে ।

লগতে পঢ়ক: Impact of spirituality on youth: যুৱ মানসিকতা আৰু তাৰ ওপৰত আধ্যাত্মিকতাৰ প্ৰভাৱ

(MoJo India – সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে । সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)