Students protest at JNU: জেএনইউত বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে শিক্ষাৰ্থীৰ বিশাল জোৰ সমদল

শনিবাৰে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ সংগঠনৰ উদ্যোগত শিক্ষাৰ্থীসকলে জোৰ লৈ এক বিশাল পদযাত্ৰা উলিয়াই বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে সাব্যস্ত কৰিলে প্ৰতিবাদ(Students protest at JNU)। এই প্ৰতিবাদস্থলীৰ পৰাই তেওঁলোকে হুংকাৰ প্ৰদান কৰি কয় যে, কৰ্তৃপক্ষই যদি আমাৰ দাবী মানি নলয়, তেন্তে ভৱিষ্যতে আৰু বৃহৎ প্ৰতিবাদৰ আয়োজন কৰা হ’ব।

Students protest at JNU Student groups protest against new rules at Jawaharlal Nehru University campus in Delhi
জেএনইউত বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে শিক্ষাৰ্থীৰ বিশাল জোৰ সমদল

নতুন দিল্লী, ২৪ ডিচেম্বৰ: শনিবাৰে দিল্লীত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ লগতে বহুকেইটা বাওঁ ছাত্ৰ সংগঠনে জোৰ লৈ এক বিশাল প্ৰতিবাদী শোভাযাত্ৰা বাহিৰ কৰে(Students protest at JNU)। দৰাচলতে বিগত সময়চোৱাত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বহুকেইটা নিয়মৰ পৰিৱৰ্তন কৰিছে। এই নিয়মৰ অধীনত যিকোনো প্ৰশাসনিক বা শৈক্ষিক ভৱনৰ পৰা ১০০ মিটাৰৰ ভিতৰত প্ৰতিবাদ কৰিলে ২০ হাজাৰ টকা পৰ্যন্ত জৰিমনা আৰু কেম্পাছত দেশদ্ৰোহী শ্লোগান উত্থাপন কৰিলে ১০ হাজাৰ টকা জৰিমনা বিহাৰ দৰে নিয়ম প্ৰণয়ন কৰা হৈছে। ইয়াৰ পিছতেই বিশ্ববিদ্যালয়খনৰ বহুকেইটা ছাত্ৰ সংগঠনে এই নিয়মৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে(Jawaharlal Nehru University campus in Delhi)।

প্ৰতিবাদস্থলীত উপস্থিত জে এন ইউ এছ ইউৰ সভাপতিগৰাকীয়ে কয় যে যেতিয়ালৈকে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আমাৰ দাবী মানি নলয় তেতিয়ালৈকে আমাৰ প্ৰতিবাদ অব্যাহত থাকিব। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই শীক্ষাৰ্থী বিৰোধী নিয়ম প্ৰৱৰ্তন কৰিছে। হোষ্টেলবোৰত মৌলিক সা-সুবিধাখিনিৰো অভাৱ থকাৰ পিছতো কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীসকলৰ মতামতখিনিও শুনিব নিবিচাৰে। শেহতীয়াকৈ জে এন ইউ এছ ইউৰ সভাপতি আই চি ঘোষৰ লগতে কেইবাজনো শিক্ষাৰ্থীৰ বিৰুদ্ধেও ৩০ হাজাৰ টকাৰ জৰিমনা আৰোপ কৰা হৈছিল। এনে পৰিপেক্ষিতত আগন্তুক সময়তো ইয়াৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদ হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ।

এই প্ৰতিবাদত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ওপৰিও বিশ্ববিদ্যালয়খনৰ আন ছাত্ৰ সংগঠনসমূহেও অংশগ্ৰহণ কৰে। প্ৰতিবাদৰ অন্তত আই চি ঘোষে কয় যে এফালে আমাৰ বিজেপি আৰু আৰএছএছৰ ভিচি সকলে বিভিন্ন ডাঙৰ ডাঙৰ মঞ্চলৈ গৈ শিক্ষাৰ কথা কৈছে আৰু আনফালে এই নিয়মসমূহে ছাত্ৰ-ছাত্ৰীৰ কণ্ঠ দমন কৰি এক ভয়ৰ পৰিৱেশ সৃষ্টি কৰিবলৈ প্ৰয়াস কৰিছে। আমাৰ দাবী, বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আমাৰ লগত কথা পাতক। যদি এনে নহয়, তেন্তে আমি আৰু বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিম।

জেএনইউৰ গংগা ধাবাৰ পৰা আৰম্ভ হৈ শনিবাৰৰ এই জোৰ সমদলটো কেম্পাছৰ সকলো হোষ্টেলৰ মাজেৰে পাৰ হৈ শেষত চন্দ্ৰভগা হোষ্টেলত সমাপ্ত হয়।

লগতে পঢ়ক: Retired police officer shot dead: নামাজ পঢ়ি থকাৰ সময়তে সন্ত্ৰাসবাদীৰ গুলীত নিহত এগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া

(MoJo India –সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে। সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)