Retired police officer shot dead: নামাজ পঢ়ি থকাৰ সময়তে সন্ত্ৰাসবাদীৰ গুলীত নিহত এগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া

দেওবাৰে জম্মু-কাশ্মীৰৰ বাৰামুল্লাত এগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াক সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰাৰ এক শোকাৱহ ঘটনা সংঘটিত হয়(Retired police officer shot dead) । স্থানীয় আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, আজি পুৱা মছজিদৰ ভিতৰত নামাজ পঢ়ি থকা অৱস্থাতে মহম্মদ শ্বাফ নামৰ অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীক সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰে ।

Retired police officer shot dead by terrorists at Baramulla mosque in Jammu and kashmir
নামাজৰ সময়তে সন্ত্ৰাসবাদীৰ গুলীত নিহত এগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া

নেশ্যনেল ডেস্ক, ২৪ ডিচেম্বৰ: নামাজ পঢ়ি থকা অৱস্থাতে জম্মু কাশ্মীৰৰ বাৰামুল্লাত অৱসৰপ্ৰাপ্ত এগৰাকী আৰক্ষী বিষয়াক সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰে(Retired police officer shot dead)। নিহত অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ নাম মহম্মদ শ্বাফি। আৰক্ষীয়ে জনোৱা মতে, অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে মছজিদত নামাজ আগবঢ়াই থকাৰ অৱস্থাত সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰে।

স্থানীয় আৰক্ষীয়ে জনোৱা অনুসৰি, এই ঘটনাৰ পাছতেই নিৰাপত্তা বাহিনীৰ দ্বাৰা সমগ্ৰ অঞ্চলটো ঘেৰাও কৰা হয়। কাশ্মীৰ মণ্ডল আৰক্ষীয়ে Xত পোষ্ট কৰা এটা টুইট অনুসৰি, মছজিদত নামাজ পঢ়ি থকাৰ সময়তে শ্বেৰী বাৰামুল্লাৰ গণ্টমুল্লাত সন্ত্ৰাসবাদীয়ে কৰা গুলীচালনাত অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহম্মদ শ্বাফীক আঘাতপ্ৰাপ্ত হয়(Jammu kashmir Retired police officer)। ইতিমধ্যে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি অভিযান আৰম্ভ কৰা হৈছে। বৰ্তমানলৈকে সবিশেষ অহা নাই যদিও অধিক তথ্যৰ বাবে অপেক্ষা কৰা হৈছে।

ইফালে, বৃহস্পতিবাৰে সন্ত্ৰাসবাদীয়ে কৰা এটা ভয়াৱহ এম্বুছত কেইবাগৰাকীও সেনা জোৱান নিহত হোৱাৰ পিছতে ৰাজৌৰী খণ্ডৰ ডেৰা কি গালিৰ বনাঞ্চলত সন্ত্ৰাসবাদীৰ সন্ধানত চলি থকাৰ অভিযানৰ বাবে পুঞ্চ জিলাৰ বাফ্লিয়াজ অঞ্চলত অতিৰিক্ত নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে। ইয়াৰ পূৰ্বে যোৱা ২১ ডিচেম্বৰত পুঞ্চ-ৰাজৌৰী খণ্ডত সংঘটিত আন এক সন্ত্ৰাসবাদী আক্ৰমণত তিনিজন সাধাৰণ নাগৰিকৰ মৃত্যু হৈছিল । ঘটনা সন্দৰ্ভত ভাৰতীয় সেনাই বৰ্তমানেও তদন্ত অব্যাহত ৰখাৰ লগতে চলাই আছে অভিযান ।

ভাৰতীয় সেনাই অফিচিয়েল X হেণ্ডেলত কৰা এটা পোষ্টৰ জৰিয়তে অঞ্চলটোত তিনিজন সাধাৰণ নাগৰিকৰ মৃত্যুৰ খবৰ পোৱা গৈছিল। পোষ্টটোত উল্লেখ কৰা অনুসৰি, গোচৰটোৰ তদন্ত অব্যাহত আছে। পোষ্টটোত কোৱা হৈছিল যে, ভাৰতীয় সেনাই তদন্ত চলোৱাৰ ক্ষেত্ৰত সপূৰ্ণ সমৰ্থন আৰু সহযোগিতা প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।

লগতে পঢ়ক: Terrorists attack in Jammu and Kashmir: জম্মু-কাশ্মীৰত সেনাৰ বাহনত এম্বুছ; সন্ত্ৰাসবাদীৰ এই আক্ৰমণত পাঁচজন জোৱান শ্বহীদ

(MoJo India –সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে। সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)