Murder In Delhi: যৌন নিৰ্যাতনৰ প্ৰতিশোধ লবলৈকে তিনি নাবালকে হত্যা কৰিলে এজন যুৱকক !

দিল্লীৰ হজৰত নিজামুদ্দিন অঞ্চলত এজন যুৱকক তিনি নাবালকে শিল আৰু লাঠিৰে নিৰ্মমভাৱে প্ৰহাৰ কৰি হত্যা কৰা বুলি দিল্লী আৰক্ষীয়ে জানিবলৈ দিয়ে(Murder In Delhi)। ঘটনাটো সন্দৰ্ভত দিল্লী আৰক্ষীয়ে ইতিমধ্যে তিনিজন নাবালককো আটক কৰিছে।

Murder In Delhi Teenage boys kill 25-year-old man in Delhi, set body afire
যৌন নিৰ্যাতনৰ প্ৰতিশোধ লবলৈকে তিনি নাবালকে হত্যা কৰিলে এজন যুৱকক !

নতুন দিল্লী, ২৫ ডিচেম্বৰ: দিল্লীৰ হজৰত নিজামুদ্দিন অঞ্চলত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা(Murder In Delhi)। তথ্য অনুসৰি হত্যাকাণ্ডৰ পিছত অভিযুক্তই মৃতদেহটো জ্বলাই প্ৰমাণ নষ্ট কৰাৰ চেষ্টা চলাইছিল। সমগ্ৰ বিষয়টো সন্দৰ্ভত ইতিমধ্যে তিনিজন নাবালকক আটক কৰিছে আৰক্ষীয়ে(Police detained three minors)।

আৰক্ষীৰ মতে, মৃত যুৱকজনে নাবালককেইজনৰ মাজৰ এজনক যৌন নিৰ্যাতন চলাইছিল । ইয়াৰ প্ৰতিশোধ ল’বলৈকে তেওঁলোকে যুৱকজনক হত্যা কৰাৰ পৰিকল্পনা কৰি ইয়াক বাস্তৱ ৰূপ দিছিল(Teenage boys kill 25-year-old man in Delhi)। ইতিমধ্যে দিল্লী আৰক্ষীয়ে ঘটনা সন্দৰ্ভত হত্যাৰ এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। নিহত যুৱকজন হজৰত নিজামুদ্দিন অঞ্চলৰ বাসিন্দা আজাদ(২৫ বছৰ) বুলি চিনাক্ত কৰা হৈছে। লগতে আধা পোৰা মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰ্গত ৰখাৰ ব্যৱস্থা কৰা হৈছে।

দেওবাৰে দিল্লীৰ দক্ষিণ-পূব জিলাৰ ডিচিপি ৰাজেশ দেৱে ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমক কয় যে শনিবাৰে নিশা ৯:২৮ বজাত আৰক্ষীয়ে তিনিজন নাবালকে এটা হত্যাকাণ্ড সংঘটিত কৰি মৃতদেহটো খুছৰো পাৰ্কত পেলাই থোৱা বুলি তথ্য লাভ কৰিছিল। এই তথ্যৰ পাছতে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আধা পোৰা মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে তিনি নাবালকক আটক কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

২১ ডিচেম্বৰৰ নিশা প্ৰায় ১০ বজাত এই হত্যাকাণ্ডটো সংঘটিত কৰা বুলি নাবালককেইজনে জেৰাৰ সময়ত আৰক্ষীক জানিবলৈ দিছে। নাবালককেইজনে দিয়া স্বীকাৰুক্তি অনুসৰি, তেওঁলোকে যুৱকজনক শিল আৰু লাঠিৰে প্ৰহাৰ কৰি হত্যা কৰিছিল।

আৰক্ষীৰ জেৰাত হত্যাকাণ্ডৰ আঁৰৰ কাৰণটো পোহৰলৈ অহা অনুসৰি, মৃত যুৱকজনে তেওঁলোকৰ মাজৰ এজনক কেইবাবাৰো যৌন নিৰ্যাতন চলাবলৈ চেষ্টা চলাইছিল। অভিযুক্ত নাবালককেইজনে ইয়াৰ প্ৰতিশোধ ল’বলৈকে এই ঘটনাটো সংঘটিত কৰে। ইতিমধ্যে আৰক্ষীয়ে এই হত্যাকাণ্ডৰ ঘটনাটোৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰাৰ লগতে তিনিওজন নাবালকক জিম্মাত লৈছে।

লগতে পঢ়ক: Students protest at JNU: জেএনইউত বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে শিক্ষাৰ্থীৰ বিশাল জোৰ সমদল

(MoJo India –সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে। সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)