Merry Christmas 2023: দেশজুৰি বৰদিনৰ উদযাপন, ৰাষ্ট্ৰপতি মুৰ্মু, প্ৰধানমন্ত্ৰী মোডীৰ শুভেচ্ছা জ্ঞাপন

বৰদিনৰ প্ৰাকক্ষণত দেশৰ বিভিন্ন প্ৰান্তৰ গীৰ্জাঘৰসমূহত মাজনিশা প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰা পৰিলক্ষিত হয়(Merry Christmas 2023)। বৰদিন উপলক্ষ্যে দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰে ৰাইজক জনাইছে বৰদিনৰ শুভেচ্ছা ।

Merry Christmas 2023 Christmas celebration across the country, President Murmu, PM Modi extended best wishes
দেশজুৰি বৰদিনৰ উদযাপন, ৰাষ্ট্ৰপতি মুৰ্মু, প্ৰধানমন্ত্ৰী মোডীৰ শুভেচ্ছা জ্ঞাপন

নেশ্যনেল ডেস্ক, ২৫ ডিচেম্বৰ: আজি বৰদিন। যীচু খ্ৰীষ্টৰ জন্মৰ স্মৃতিত পালন কৰা বৰদিনৰ পূৰ্বে দেশৰ বিভিন্ন প্ৰান্তৰ গীৰ্জাঘৰসমূহত মাজনিশা সমূহীয়া প্ৰাৰ্থনা অনুষ্ঠিত কৰে(Merry Christmas 2023) । বৰদিন উপলক্ষ্যে দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি গৰাকীয়ে খ্ৰীষ্টধৰ্মী লোকসকলক জ্ঞাপন কৰে বৰদিনৰ শুভেচ্ছা । শুভেচ্ছা বাৰ্তাটোত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে বৰদিনৰ উৎসৱে প্ৰেম আৰু মমতাৰ বাৰ্তা প্ৰদান কৰে।

বৰদিনৰ এদিন পূৰ্বে নতুন দিল্লীৰ ছেক্ৰেড হাৰ্ট কেথেড্ৰেল পৰিদৰ্শন কৰিছিল ৰাষ্ট্ৰপতি মুৰ্মুৱে। ৰাষ্ট্ৰপতিগৰাকীয়ে বৰদিনৰ অনুষ্ঠানটোত অংশ গ্ৰহণ কৰি শিশুসকলৰ সৈতে কিছু সময় অতিবাহিত কৰি মানৱতাৰ প্ৰগতি আৰু কল্যাণৰ বাবে প্ৰাৰ্থনা কৰে। লগতে ৰাষ্ট্ৰপতিগৰাকীৰ সন্মুখত শিশুসকলে গাই শুনালে বৰদিনৰ কেৰল । বৰদিন উপলক্ষে দিল্লীৰ ছেক্ৰেড হাৰ্ট কেথেড্ৰেল কেথলিক চাৰ্চত মাজনিশা সামূহীয়া প্ৰাৰ্থনাৰো আয়োজন কৰা হয়(Christmas 2023 festival celebration)।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও সকলোকে জনালে বৰদিনৰ শুভেচ্ছা । এক্সত বৰদিনৰ শুভেচ্ছা জ্ঞাপন কৰি তেওঁ কয়, ‘সকলোকে মেৰী খ্ৰীষ্টমাছ ! এই উৎসৱৰ বতৰে সকলোৰে বাবে সুখ, শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনক। আহক আমি বৰদিনৰ প্ৰতীক সমন্বয় আৰু মমতাৰ মনোভাৱক উদযাপন কৰোঁ, আৰু সকলোৱে সুখী আৰু সুস্থ হৈ থকা এখন পৃথিৱীৰ বাবে কাম কৰোঁ। আমি প্ৰভু যীচু খ্ৰীষ্টৰ মহান শিক্ষাবোৰক মনত পেলাওঁ।’

বৰদিনৰ প্ৰাকক্ষণত বালিৰ শিল্পী সুদৰ্শন পাটনায়কে ‘গিফ্ট এ প্লাণ্ট, গ্ৰীণ দ্য আৰ্থ’ বাৰ্তাৰে পুৰীৰ ব্লু ফ্লেগ বিচত পিঁয়াজ ব্যৱহাৰ কৰি ছাণ্টা ক্লজৰ এটা বালিৰ ভাস্কৰ্য্য নিৰ্মাণ কৰে। সুদৰ্শন পাটনায়কে কয় যে, প্ৰতি বছৰে বৰদিনৰ সময়ত আমি পুৰীৰ ব্লু ফ্লেগ বিচত কিছুমান ভিন্ন ভাস্কৰ্য্য নিৰ্মাণ কৰিবলৈ চেষ্টা কৰি আহিছো। এইবাৰ আমি পিঁয়াজ আৰু বালি ইনষ্টলেচন কৰি বিশ্বৰ আটাইতকৈ ডাঙৰ চান্টাক্লজটো নিৰ্মাণ কৰিছো, যাৰ দৈৰ্ঘ্য ১০০ ফুট, ২০ ফুট ওখ আৰু ৪০ ফুট বহল। এই বিশাল প্ৰতিমূৰ্তিটো নিৰ্মাণত আমি দুই টন পিয়াঁজ ব্যৱহাৰ কৰিছো। ইয়াৰ দ্বাৰা আমি এটাই বাৰ্তা দিবলৈ চেষ্টা কৰিছো, সেয়া হৈছে ‘গছপুলি এটা উপহাৰ দিয়ক, পৃথিৱীখন সেউজীয়া কৰক।’

বেংগালুৰুৰ ছেইণ্ট ফ্ৰান্সিছ জেভিয়াৰ কেথেড্ৰেলতো বৰদিনৰ সামূহীয়া প্ৰাৰ্থনা অনুষ্ঠিত কৰা হয়। কেৰলৰ গায়কী, উজ্জ্বল খ্ৰীষ্টমাছ লাইট আৰু সজ্জিত খ্ৰীষ্টমাছ গছবোৰে সকলোকে ২৫ ডিচেম্বৰৰ এই বৰদিন উৎসৱত অংশগ্ৰহণ কৰিবলৈ আকৰ্ষিত কৰে। পশ্চিম বংগৰ শিলিগুৰিৰ আৱাৰ লেডী কুইন চাৰ্চতো মাজনিশা হোৱা সামূহীয়া প্ৰাৰ্থনাত বহু লোক সমবেত হয়।

পানাজীৰ ইমাকুলেট কনচেপচন চাৰ্চৰ পেৰিছ প্ৰিষ্ট ফাদাৰ ৱালটাৰ ডি ছাই কয় যে আন ধৰ্মৰ লোকসকলেও বৰদিন উদযাপন কৰিছে। মাজনিশা আমি বৰদিন উদযাপন কৰিছিলোঁ আৰু তাত আন ধৰ্মৰ লোককে ধৰি ভাল সংখ্যক লোক উপস্থিত আছিল। সকলোৱে আমাৰ বৰদিনৰ উদযাপনত আনন্দৰে অংশগ্ৰহণ কৰিছিল। সকলো ভাই-ভনী আৰু বন্ধু-বান্ধৱীলৈ মোৰ আন্তৰিক অভিনন্দন জনাইছো আৰু সকলোকে বৰদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছো ।

চেন্নাইৰ কেথেড্ৰেল বেচিলিকা চেন্থোম চাৰ্চতো একেই পৰিবেশ দেখিবলৈ পোৱা যায়। বৰদিন হৈছে মানৱতাৰ বাবে পৃথিৱীলৈ অহা আনন্দ, শান্তি আৰু প্ৰেমৰ প্ৰতীক। তেওঁ সকলো মানুহৰ বাবে আহে। মানুহৰ মাজত কোনো পাৰ্থক্য নাথাকে। এইদৰে বৰদিনৰ বিষয়ে ব্যাখ্যা কৰি চেন্নাইৰ চেন্থম কেথেড্ৰেল বেচিলিকা চাৰ্চৰ মুৰব্বী আৰ্চবিশ্বপ জৰ্জ এণ্টনিছামিয়ে কয় যে তেওঁ আমাৰ প্ৰত্যেকৰে ওচৰলৈ আহে।

বৰদিন উপলক্ষ্যে সমগ্ৰ উত্তৰ পূৱ ভাৰততো এক উৎসৱমূখৰ পৰিবেশ দেখিবলৈ পোৱা যায় । অসমতে ধৰি উত্তৰ পূৱৰ আটাইকেইখন ৰাজ্যতে মাজনিশা অগনন লোকৰ উপস্থিতিত গীৰ্জাঘৰসমূহত সামূহীয়া প্ৰাৰ্থনা কৰা দেখিবলৈ পোৱা যায় ।

যিহেতু বিশ্বৰ অন্যান্য প্ৰান্তৰ দৰে আমাৰ দেশতো বৰদিনৰ শীতকালীন উৎসৱ উদযাপন কৰা হৈছে, তেনে পৰিপেক্ষিতত এই উৎসৱৰ উপলক্ষ্যে সকলোৰে প্ৰিয় পৰ্যটনস্থলী চিমলাক অতি মনোমোহাকৈ সজাই তোলা হৈছে। কিন্তু গীৰ্জাঘৰৰ ফাদাৰৰ অসুস্থতাৰ বাবে মাজনিশাৰ মিছ বাতিল হোৱাত চহৰখনৰ একাংশ লোকক অলপ হতাশ হোৱা দেখিবলৈ পোৱা যায়।

লগতে পঢ়ক: Medicinal Plant market of Northeast: যোৰহাটৰ চিএছআইআৰ-এনইআইএছটিলৈ ২০০ কোটি টকাৰ বিনিয়োগৰ আশ্বাস সৰ্বানন্দ সোণোৱালৰ

(MoJo India –সূক্ষ্ম, শুদ্ধ আৰু বিশ্বাসযোগ্যতাৰ বাবে। সামাজিক মাধ্যমত আমাৰ X (Twitter),  Facebook,  YouTube,  Threads তথা Instagram ৰ পেজকেইটা অনুসৰণ কৰক ।)