Salaar release in Spanish: স্পেনিছ ভাষাত মুক্তি পাব প্ৰভাস অভিনীত ছবি ‘ছালাৰ’

সমগ্ৰ দেশতে আলোড়ন সৃষ্টি কৰাৰ পিছত, এতিয়া দক্ষিণৰ ছুপাৰষ্টাৰ প্ৰভাস অভিনীত ছবি ছালাৰ অতি সোনকালেই স্পেনিছ ভাষাত মুক্তি পাব(Salaar release in Spanish)। জানো আহক স্পেনিছ ভাষাত কেতিয়া মুক্তি পাব প্ৰভাস অভিনীত এই ছবিখন ।

Salaar release in Spanish Salaar is now ready to rock in Latin America, know the date to be released in Spanish language
স্পেনিছ ভাষাত মুক্তি পাব প্ৰভাস অভিনীত ছবি 'ছালাৰ'

এণ্টাৰটেইণ্টমেণ্ট ডেস্ক. ৫ জানুৱাৰী: দক্ষিণৰ ছুপাৰষ্টাৰ প্ৰভাস অভিনীত হাই-অকটেন একচন ড্ৰামা ‘ছালাৰঃ পাৰ্ট 1 চিজফায়াৰ “-এ সমগ্ৰ দেশৰ বক্স অফিচ জোকাৰি গৈছে(Salaar release in Spanish)। বক্স অফিচত ছালাৰৰ গতি বৰ্তমানলৈকে লেহেমীয়া হোৱাৰ কোনো লক্ষণেই দেখা পোৱা নাই । সমান্তৰালকৈ প্ৰভাসৰ লগতে পৃথ্বীৰাজৰ অভিনয়ক লৈও সৰ্বত্ৰে চৰ্চা অব্যাহত আছে।

ইফালে, প্ৰশান্ত নীলৰ একচন এণ্টাৰটেইনাৰে বিশ্বজুৰি বক্স অফিচত ৬৫০ কোটি টকা উপাৰ্জন কৰি এই মাইলৰ খুঁটি অৰ্জন কৰিবলৈ সক্ষম হৈছে। এতিয়া ছবিখনে লেটিন আমেৰিকাত ইয়াৰ স্পেনিছ সংস্কৰণ মুকলি কৰি দক্ষিণ আমেৰিকাতো এক জোকাৰণি দিবলৈ সাজু হৈছে(Salaar is now ready to rock in Latin America)।

লেটিন আমেৰিকাত স্পেনিছ ভাষাত ছালাৰ ২০২৪ চনৰ ৭ মাৰ্চত মুক্তি পাব। কেজিএফ 2 খ্যাত প্ৰশান্ত নীলৰ দ্বাৰা পৰিচালিত, ছালাৰঃ পাৰ্ট 1-চিজফায়াৰত মূল চৰিত্ৰত অভিনয় কৰিছে প্ৰভাস, পৃথ্বীৰাজ সুকুমাৰন আৰু শ্ৰুতি হাছানে । শেহতীয়াকৈ ছবিখনৰ সফলতাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰভাসে কয়, “দৰ্শকসকলে দিয়া মৰম আৰু সমৰ্থনত মই অতিকে বিনয়ী আৰু কৃতজ্ঞ হৈছো।

প্ৰভাসে লগতে কয় যে বক্স অফিচত ছালাৰৰ ইমান ভাল প্ৰদৰ্শন কৰাটো মোৰ বাবে এক অবিশ্বাস্য পুৰস্কাৰৰ বাহিৰে আন একো নহয়। ছালাৰৰ সৈতে জড়িত আমি প্ৰতিগৰাকী কলা কুশলীয়ে নিজৰ শ্ৰেষ্ঠখিনি দিবলৈ চেষ্টা কৰিছিলো আৰু দৰ্শকৰ পৰা ইয়াৰ ইতিবাচক সঁহাৰি দেখি আমি অতিকে ৰোমাঞ্চিত হৈ পৰিছো। প্ৰশান্ত নীল আৰু ‘বাহুবলী’ৰ তাৰকা প্ৰভাসে এই মেগা একচন ধৰ্মী দৰ্শনীয় ছবিখনত প্ৰথমবাৰৰ বাবে একেলগে কাম কৰিছে ।

হোম্বালে ফিল্মছৰ বেনাৰত ছবিখনৰ প্ৰযোজনা কৰিছে বিজয় কিৰাগান্দুৰে। বক্স অফিচত শ্বাহৰুখ খান অভিনীত আৰু ৰাজকুমাৰ হিৰাণী পৰিচালিত ‘ডিংকি’ৰ সৈতে হোৱা সংঘৰ্ষৰ মাজতো ছবিখনে বক্স অফিচত অতিকে সুন্দৰ প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা পৰিলক্ষিত হৈছে।

লগতে পঢ়ক: Agenda behind entertainment: কলাত্মক স্বাধীনতাৰ নামত অৰাজকতা গ্ৰহনযোগ্য নে ? অ’টিটি-ৰ মায়াজাল