Indian Navy foils hijacking attempt: ভাৰতীয় নৌসেনাই বিফল কৰিলে আৰৱ সাগৰত বিদেশী জাহাজ অপহৰণৰ প্ৰচেষ্টা

ভাৰতীয় নৌসেনাই আৰৱ সাগৰত এখন লাইবেৰিয়ান জাহাজ অপহৰণৰ প্ৰচেষ্টাক বিফল কৰিবলৈ সক্ষম হয়(Indian Navy foils hijacking attempt)। ভাৰতীয় নৌসেনাই এক বিবৃতিত কয়, "বৃহস্পতিবাৰে আৰৱ সাগৰত এখন বিদেশী জাহাৰক অপহৰণৰ চেষ্টাৰ বিষয়ে তথ্য পোৱাৰ পিছতে আমি তৎক্ষণাৎ সঁহাৰি জনাই ইয়াক বিফল কৰিবলৈ সক্ষম হও।"

Indian Navy foils hijacking attempt in Arabian Sea, ensures safety of Liberia-flagged bulk carrier
ভাৰতীয় নৌসেনাই বিফল কৰিলে আৰৱ সাগৰত বিদেশী জাহাজ অপহৰণৰ প্ৰচেষ্টা

নতুন দিল্লী, ৫ জানুৱাৰী: ভাৰতীয় নৌসেনাই আৰৱ সাগৰত এখন বিদেশী জাহাজ অপহৰণৰ প্ৰচেষ্টাক ব্যৰ্থ কৰে(Indian Navy foils hijacking attempt)। এই ঘটনাটো বৃহস্পতিবাৰে সংঘটিত হৈছিল। ইয়াৰ পিছতে ভাৰতীয় নৌসেনাই শুকুৰবাৰে এক বিবৃতি প্ৰকাশ কৰি ঘটনাটোৰ বিষয়ে অৱগত কৰে। ভাৰতীয় নৌসেনাৰ এগৰাকী বিষয়াই কয় যে বৃহস্পতিবাৰে সন্ধিয়া ইউকেএমটিও প ‘ৰ্টেলত প্ৰায় পাঁচৰ পৰা ছয়জন আক্ৰমণকাৰীৰ খবৰ পোৱা গৈছিল। ভাৰতীয় সেনাই তৎক্ষণাত ইয়াৰ প্ৰত্যুত্তৰ দিয়ে। নৌসেনাৰ মতে, অপহৰণ কৰিবলৈ চেষ্টা কৰা লাইবেৰিয়ান পতাকা সংলগ্ন জাহাজখন এখন বাল্ক কঢ়িওৱা জাহাজ আছিল ।

ভাৰতীয় নৌসেনাই শুকুৰবাৰে প্ৰকাশ কৰা বিবৃতিটোত এই কথা উল্লেখ কৰি কয়, “আমি জাহাজখন অপহৰণৰ প্ৰচেষ্টা বিফল কৰিছো। লগতে পুৱা জাহাজখনৰ সৈতে যোগাযোগো স্থাপন কৰি নাবিকসকলৰ সুৰক্ষা নিশ্চিত কৰা হৈছে। ভাৰতীয় নৌসেনাই বিবৃতিটোত লগতে কয় যে সমগ্ৰ এৰিয়াটোৰ অন্যান্য সংস্থা আৰু এমএনএফৰ সৈতে সমন্বয় ৰক্ষা কৰি সামগ্ৰিক পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখা হৈছে।

উল্লেখ্য যে শেহতীয়াকৈ আৰব আৰু লোহিত সাগৰত বাণিজ্যিক জাহাজত আক্ৰমণৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। অনুমান কৰা অনুসৰি, ইজৰাইল-হামাছ যুদ্ধৰ প্ৰতিক্ৰিয়া স্বৰূপে এনে ঘটনাসমূহৰ সংঘটিত হৈছে। এনে ঘটনাক লৈ ইতিমধ্যে আমেৰিকা যুক্তৰাষ্ট্ৰই উদ্বেগ প্ৰকাশ কৰাও পৰিলক্ষিত হৈছে। এনে ঘটনাসমূহৰ প্ৰতি লক্ষ্য ৰাখি আমেৰিকাই এই বিষয়ত বিশ্বব্যাপী মিত্ৰজোঁট গঠনৰ ওপৰতো গুৰুত্ব আৰোপ কৰি আহিছে।

ইফালে বৃহস্পতিবাৰেও য়েমেনৰ ফালৰ পৰা লোহিত সাগৰীয় পথত ড্ৰোন আক্ৰমণ চলোৱা হৈছিল। অৱশ্যে এই আক্ৰমণত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই। ড্ৰোণখনে কোনো জাহাজত আঘাত কৰাৰ আগতেই ইয়াক ধ্বংস কৰা হৈছিল।

লগতে পঢ়ক: Jammu And Kashmir Encounter : জম্মু-কাশ্মীৰত পুনৰ সংঘৰ্ষ: নিহত এটা সন্ত্ৰাসবাদী, সেনা অভিযান অব্যাহত