Afghanistan earthquake: আফগানিস্তানত হোৱা ভূমিকম্পত মৃতকৰ সংখ্যাই ২০০০ অতিক্ৰম কৰিলে

Afghanistan earthquake: আফগানিস্তানত হোৱা ভূমিকম্পত মৃতকৰ সংখ্যাই ২০০০ অতিক্ৰম কৰিলে
Afghanistan earthquake: আফগানিস্তানত হোৱা ভূমিকম্পত মৃতকৰ সংখ্যাই ২০০০ অতিক্ৰম কৰিলে

কাবুল, ৮ অক্টোবৰ : শেহতীয়াকৈ আফগানিস্তানত হোৱা ভয়াৱহ ভয়াৱহ ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যাই ২০০০ অতিক্ৰম কৰিলে । শনিবাৰে এক প্ৰবল ভূমিকম্পই জোকাৰি গৈছিল পশ্চিম আফগানিস্তানৰ হেৰাট প্ৰদেশ । তালিবান চৰকাৰৰ এগৰাকী মুখপাত্ৰই দেওবাৰে এই কথা উল্লেখ কৰি কয় যে, যোৱা দুটা দশকৰ ভিতৰত আফগানিস্তানত সংঘটিত হোৱা ভয়াৱহ ভূমিকম্পৰ ভিতৰত অন্যতম আছিল শনিবাৰে হোৱা এই ভূমিকম্পটো(Afghanistan earthquake) ।

শনিবাৰে পুৱা প্ৰায় ১১ বজাত আফগানিস্তান-ইৰাণ সীমান্তৱৰ্তী অঞ্চলৰ উত্তৰ-পশ্চিম অঞ্চল হেৰাটক এটা ভূমিকম্পই ভয়াৱহভাৱে কঁপাই তুলিছিল। এই ভূমিকম্পৰ ৰিখটাৰ স্কেলত প্ৰাবল্য আছিল ৬.৩ । এই শক্তিশালী ভূমিকম্পৰ পিছত কমেও পাঁচটা আফটাৰশ্বকে আফগানিস্তানক কঁপাই তুলিছিল ।

আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ বিভাগে প্ৰকাশ কৰা অনুসৰি, এই ভয়ংকৰ ভূমিকেন্দ্ৰটোৰ অভিকেন্দ্ৰ আছিল হেৰাট চহৰৰ পৰা ৪০ কিলোমিটাৰ উত্তৰ-পশ্চিমে । আমেৰিকাৰ সংস্থাটোৱে লগতে উল্লেখ কৰে যে, ভূমিকম্পৰ পাছত অহা তিনিটা আফটাৰশ্বকৰ তীব্ৰতা আছিল ক্ৰমে ৬.৩, ৫.৯ আৰু ৫.৫। ইফালে দেশখনৰ তথ্য আৰু সাংস্কৃতিক মন্ত্ৰালয়ৰ মুখপাত্ৰ আব্দুল ৱাহিদে খোৱা অনুসৰি, বাতৰিত হেৰাটত হোৱা এই ভূমিকম্পত মৃতকৰ সংখ্যাৰ তথ্য ভুলকৈ দেখুওৱা হৈছে। বাস্তৱত এই সংখ্যা বহুত বেছি । ভয়াৱহ ভূমিকম্পটোত প্ৰায় ছখন গাঁও সম্পূৰ্ণৰূপে ধ্বংসস্তুপলৈ পৰিণত হৈছে । বৰ্তমানেও ধ্বংসাৱশেষৰ তলত শ শ লোক আৱদ্ধ হৈ আছে । লোকসকলক উদ্ধাৰৰ বাবে উদ্ধাৰ অভিযান অব্যাহত আছে।

আফগানিস্তানস্থিত বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণৰ বাবে তেওঁলোকে ১২খন এম্বুলেন্স ঘটনাস্থলীলৈ প্ৰেৰণ কৰিছে। এই ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগৰ কথা বৰ্ণন কৰি অঞ্চলটোৰ এগৰাকী বাসিন্দা আব্দুল ছামাদীয়ে কয়, ” ভূমিকম্পৰ সময়ত লোকসকলে নিজৰ নিজৰ ঘৰৰ পৰা ৰাজপথলৈ ওলাই আহিছিল। বাসগৃহ, কাৰ্যালয়, দোকান -পোহাৰ সকলোবোৰ এতিয়াও খালী হৈ আছে। পুনৰ ভূমিকম্প অহাৰ আশংকাত তেওঁলোক এতিয়াও আতংকিত হৈ আছে।”

আফগানিস্তান-ইৰাণ সীমান্তৰ পৰা হেৰাট ১২০ কিলোমিটাৰ দূৰত্বত অৱস্থিত । প্ৰায় ১৯ লাখ লোকে বাস কৰা প্ৰদেশখনক আফগানিস্তানৰ সাংস্কৃতিক ৰাজধানী হিচাপে গণ্য কৰা হয় । উল্লেখ্য যে, আফগানিস্তান বিশ্বৰ অন্যতম ভূমিকম্প প্ৰৱণ অঞ্চল । ইউৰেছিয়ান আৰু ভাৰতীয় টেকটনিক প্লেটৰ সংযোগস্থলত অৱস্থিত হিন্দু কুছ পৰ্বতমালাকে ধৰি সমগ্ৰ অঞ্চলটোত বিশেষভাৱে ভূমিকম্পৰ প্ৰৱণতা থাকে। বিগত বৰ্ষৰ জুন মাহত পাক্তিকা প্ৰদেশত ৫.৯ প্ৰাবল্যৰ এটা ভূমিকম্প আহিছিল য’ত ১০০০ৰো অধিক লোকৰ মৃত্যু হোৱাৰ লগতে বহু হাজাৰ লোকে নিজৰ ঘৰ হেৰুৱাই ৰাজপথত থাকিব লগা হৈছিল ।

লগতে পঢ়ক: Israel Palestine War: হামাছৰ আক্ৰমণত ধ্বংসপ্ৰাপ্ত ইজৰাইল, তিনি শতাধিক লোকৰ মৃত্যু