Israel Palestine War: ইজৰাইললৈ এয়াৰ ইণ্ডিয়াৰ বিমানসেৱা ১৪ অক্টোবৰলৈকে বন্ধ

Israel Palestine War: ইজৰাইললৈ এয়াৰ ইণ্ডিয়াৰ বিমানসেৱা ১৪ অক্টোবৰলৈকে বন্ধ
Israel Palestine War: ইজৰাইললৈ এয়াৰ ইণ্ডিয়াৰ বিমানসেৱা ১৪ অক্টোবৰলৈকে বন্ধ

নতুন দিল্লী, ৮ অক্টোবৰ: ইজৰাইলৰ টেল আভিভলৈ অহা-যোৱা কৰা এয়াৰ ইণ্ডিয়াৰ যাত্ৰী আৰু কৰ্মচাৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি (Safety of passengers and crew) অহা ১৪ অক্টোবৰ, শনিবাৰৰলৈকে বিমান সেৱা বন্ধ থাকিব । বিমান সংস্থাটোৰ এগৰাকী মুখপাত্ৰই দেওবাৰে এই কথা সদৰি কৰিছে।

এয়াৰ ইণ্ডিয়াৰ মুখপাত্ৰগৰাকীয়ে লগতে কয় যে, এই সময়ছোৱাত যিকোনো বিমানত বুকিং নিশ্চিত কৰা যাত্ৰীসকলক এয়াৰ ইণ্ডিয়াই সকলো ধৰণৰ সহায় আগবঢ়াব।

প্ৰথম অৱস্থাত ইজৰাইলৰ ওপৰত হামাছৰ আক্ৰমণ (Hamas attack on Israel)ৰ পৰিপ্ৰেক্ষিতত শনিবাৰে নতুন দিল্লীৰ পৰা টেল আভিভলৈ যাত্ৰা কৰিব লগা এয়াৰ ইণ্ডিয়াৰ বিমান(Air India Flight from New Delhi to Tel Aviv) আৰু টেল আভিভৰ পৰা নতুন দিল্লীলৈ আহিব লগা বিমানকেইখনৰ যাত্ৰা বাতিল কৰা হৈছিল।

ইতিমধ্যে হামাছৰ যোদ্ধ বিমানৰ অনুপ্ৰৱেশ আৰু গাজাৰ পৰা ক্ষেপণাস্ত্ৰ আক্ৰমণৰ পিছত ইজৰাইল চৰকাৰে দেশখনত যুদ্ধৰ অৱস্থা ঘোষণা কৰিছে (Hamas fighters and missile attacks from Gaza)।

হামাছে গাজা ষ্ট্ৰিপৰ পৰা ইজৰাইলৰ ওপৰত ৰকেট আক্ৰমণ কৰাৰ পিছত শনিবাৰে ইজৰাইলত থকা ভাৰতীয় দূতাবাসে দেশখনত থকা ভাৰতীয় নাগৰিকসকল(Indian nationals in Israel)ৰ বাবে এক পৰামৰ্শ জাৰি কৰি তেওঁলোকক সজাগ হৈ থাকিবলৈ আৰু সুৰক্ষাৰ প্ৰট’কলবোৰ মানি চলিবলৈ অনুৰোধ জনায় (Rocket attacks on Israel from Gaza Strip by Hamas) ।

ইজৰাইলত থকা ভাৰতীয় দূতাবাসে ভাৰতীয় নাগৰিকসকলক পৰামৰ্শ জাৰি কৰি লিখিলে, “ইজৰাইলৰ বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইজৰাইলত থকা সকলো ভাৰতীয় নাগৰিকক স্থানীয় কৰ্তৃপক্ষৰ পৰামৰ্শ অনুসৰি সজাগ হৈ থাকিবলৈ আৰু সুৰক্ষা প্ৰট’কল পালন কৰিবলৈ অনুৰোধ কৰা হৈছে । অনুগ্ৰহ কৰি সকলোৱে সাৱধান হওক । অপ্ৰয়োজনীয় চলাচল পৰিহাৰ কৰি সুৰক্ষাৰ বাবে নিৰ্মিত আশ্ৰয় শিবিৰসমূহৰ কাষত অৱস্থান কৰক ।”

ইজৰাইলৰ স্বাস্থ্য মন্ত্ৰালয়ৰ উদ্ধৃতি দি টাইমছ অৱ ইজৰাইলত প্ৰকাশ পোৱা বাতৰি অনুসৰি, এতিয়ালৈকে ইজৰাইলৰ পক্ষৰ ৩০০ৰো অধিক লোক নিহত হৈছে আৰু হামাছৰ সন্ত্ৰাসবাদী আক্ৰমণত আহত লোকৰ সংখ্যা ১৮৬৪ গৰাকী হৈছেগৈ। ইজৰাইলৰ নিৰাপত্তা বাহিনীয়ে হামাছৰ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলাৰ লগতে প্ৰতিআক্ৰমণ অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: Israel Palestine War: হামাছৰ আক্ৰমণত ধ্বংসপ্ৰাপ্ত ইজৰাইল, তিনি শতাধিক লোকৰ মৃত্যু