Israel Palestine War: বেথলেহমত আৱদ্ধ মেঘালয়ৰ ২৭ গৰাকী তীৰ্থযাত্ৰীৰ ইজিপ্তত প্ৰৱেশ

Israel Palestine War 27 pilgrims from Meghalaya stranded in Bethlehem cross into Egypt
বেথলেহমত আৱদ্ধ মেঘালয়ৰ ২৭ গৰাকী তীৰ্থযাত্ৰীৰ ইজিপ্তত প্ৰৱেশ

নতুন দিল্লী, ৯ অক্টোবৰ: মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমা(Meghalaya Chief Minister Conrad K Sangma)ই উল্লেখ কৰে যে, যুদ্ধবিধ্বস্ত পেলেষ্টাইন আৰু ইজৰাইল(Israel Palestine War)ত আবদ্ধ হৈ থকা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যখনৰ ২৭ গৰাকী ভাৰতীয়ই ইতিমধ্যে নিৰাপদে ইজিপ্তত প্ৰৱেশ কৰিছে (War-torn Palestine and Israel)।

ছাংমাই এক্সত পোষ্ট কৰি কয় যে, শেহতীয়া তথ্য অনুসৰি বৈদেশিক পৰিক্ৰমা দপ্তৰ আৰু আমাৰ ভাৰতীয় অভিযানৰ প্ৰচেষ্টাৰ জৰিয়তে ইজৰাইল আৰু পেলেষ্টাইনৰ যুদ্ধস্থলীত(War conflict zone of Israel and Palestine) আবদ্ধ হৈ থকা মেঘালয়ৰ ২৭ গৰাকী নাগৰিকে নিৰাপদে সীমান্ত পাৰ হৈ ইজিপ্তত প্ৰৱেশ কৰিছে।

ইয়াৰ পূৰ্বে ছাংমাইয়ে আন এটা পোষ্টত উল্লেখ কৰিছিল যে, ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত হোৱা উত্তেজনাৰ বাবে জেৰুজালেমৰ পবিত্ৰ তীৰ্থযাত্ৰাৰ বাবে যোৱা মেঘালয়ৰ ২৭ গৰাকী নাগৰিক বেথলেহমত আবদ্ধ হৈ পৰিছে।

ইজৰাইলত বাস কৰা আৰু কৰ্মৰত ভাৰতীয়সকলৰ লগত এতিয়ালৈকে কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা নাই । ইফালে টেল আভিভত থকা ভাৰতীয় দূতাবাসে(Indian embassy in Tel Aviv) দেশখনত আবদ্ধ হৈ থকা পৰ্যটককে ধৰি নাগৰিকসকলৰ পৰা তেওঁলোকৰ সুৰক্ষিত প্ৰস্থানৰ বাবে সহায় বিচৰা বুলি জানিব পৰা গৈছে । ইজৰাইলে শনিবাৰে পুৱাই ইয়াৰ দক্ষিণ অংশত গাজা ষ্ট্ৰিপ শাসন কৰি অহা সন্ত্ৰাসবাদী গোট হামাছে(Hamas militant group) বায়ু, স্থল আৰু সাগৰৰ দ্বাৰা এক আচৰিত আৰু অভূতপূৰ্ব মাল্টিফ্ৰণ্ট আক্ৰমণৰ আক্ৰমণৰ সাক্ষী হৈ পৰে(Multifront attack by air land and sea) ।

ইজৰাইলত দেশখনৰ সেনা জোৱানকে ধৰি কমেও ৬০০ ইজৰাইলী নিহত হোৱাৰ লগতে ১৯০০ৰো অধিক লোক আহত হৈছে – যি দেশখনৰ বাবে কমেও ৫০ বছৰৰ ভিতৰত আটাইতকৈ ভয়ংকৰ দিনৰূপে পৰিগণিত হৈছে। দেওবাৰে সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি গাজা ষ্ট্ৰিপত ইজৰাইলৰ প্ৰতি আক্ৰমণত প্ৰায় ৩৭০ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ১৫০০ লোক আহত হৈছে। ইফালে ইজৰাইলত প্ৰায় ১৮ হাজাৰ ভাৰতীয় নাগৰিকে বাস কৰি কাম কৰি আহিছে আৰু বৰ্তমানলৈকে তেওঁলোকৰ সৈতে জড়িত কোনো অপ্ৰীতিকৰ ঘটনাৰ বাতৰি অহা নাই বুলি অৱগত সূত্ৰই পিটিআইক জনায়।

ইতিমধ্যেই ভাৰতৰ দূতাবাসে দেশখনত আবদ্ধ হৈ থকা ভাৰতীয় পৰ্যটকসকলৰ পৰা প্ৰস্থানৰ সুবিধাৰ বাবে অনুৰোধ লাভ কৰিছে। অধিকাংশ পৰ্যটকে দলবদ্ধভাৱে দেশখনৰ পৰা প্ৰস্থানৰ চেষ্টা চলাই থকা বুলি জানিব পৰা গৈছে। প্ৰাপ্ত তথ্য অনুসৰি ইজৰাইল ভ্ৰমণৰত বহুসংখ্যক ব্যৱসায়ীও এই উত্তেজনাত আবদ্ধ হৈ পৰিছে । এইসকল লোকক দেশখনৰ পৰা স্থানান্তৰিত কৰাৰ বাবে ভাৰতৰ দূতাবাসে চেষ্টা অব্যাত ৰাখিছে । টেল আভিভত থকা ভাৰতীয় মিছন আৰু পেলেষ্টাইনস্থিত ভাৰতৰ প্ৰতিনিধি কাৰ্যালয়ে শনিবাৰে এক পৰামৰ্শ জাৰি কৰি সংশ্লিষ্ট পক্ষৰ ভাৰতীয় নাগৰিকসকলক সতৰ্ক হৈ থাকিবলৈ আৰু জৰুৰীকালীন অৱস্থাত কাৰ্যালয়ৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰিবলৈ কোৱা বুলি জানিব পৰা গৈছে ।

দূতাবাসৰ এটা সূত্ৰই পিটিআইক জনোৱা মতে, তেওঁলোকে ভাৰতীয় নাগৰিকসকলক উদ্ধাৰৰ বাবে বাবে দিনে-নিশাই চেষ্টা চলাই থকাৰ লগতে আৰু তেওঁলোকক বিভিন্ন নিৰ্দেশনা প্ৰদান কৰি আহিছে। ইজৰাইলত বাস কৰা ভাৰতীয়সকলৰ এটা বৃহৎ অংশই দেশখনত কেয়াৰগিভাৰ্চ হিচাপে কাম কৰে যদিও ইয়াত প্ৰায় এহাজাৰ শিক্ষাৰ্থীকে ধৰি কেইবাজনো আই টি পেছাদাৰী আৰু হীৰা ব্যৱসায়ীও আছে । হিব্ৰু বিশ্ববিদ্যালয়ৰ ডক্টৰেটৰ শিক্ষাৰ্থী বিন্দু নামৰ যুৱতীগৰাকীয়ে পিটিআইক জনোৱা মতে, শনিবাৰে তেওঁ গোটেই দিনটো ভাৰতীয় দূতাবাসৰ নিৰ্দেশনাবোৰ অনুসৰণ কৰি বহুখিনি সুৰক্ষিত অনুভৱ কৰিছিল।

সকলো ভাৰতীয় শীক্ষাৰ্থীয়ে ইজনে সিজনৰ সংস্পৰ্শত থাকি অহৰহ পৰিস্থিতিৰ বুজ লৈ আছে বুলিও ছাত্ৰীগৰাকীয়ে উল্লেখ কৰে । হিব্ৰু বিশ্ববিদ্যালয়ৰ গিভাত ৰাম কেম্পাছৰ পোষ্ট ডক্টৰেট ফেলো বিকাশ শৰ্মাই কয় যে “আক্ৰমণৰ বাবে ইজৰাইলত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছে যদিও সকলো ভাৰতীয় শিক্ষাৰ্থী সুৰক্ষিত হৈ আছে । আমি ইজনে সিজনৰ লগতে ভাৰতীয় দূতাবাসৰ সৈতে হোৱাটছএপৰ জৰিয়তে অহৰহ যোগাযোগত আছো ।

গাজাত বাস কৰা এগৰাকী ভাৰতীয় নাগৰিকে তেওঁৰ লগত যোগাযোগ কৰাত কয় যে, পৰিস্থিতি ভয়ংকৰ যদিও তেওঁ আৰু তেওঁৰ পৰিয়ালটো নিৰাপদে আছে(Indian national living in Gaza) । তেওঁ সংবাদ প্ৰতিষ্ঠান পিটিআইক কয়, “ইয়াত বৰ্তমান ইণ্টাৰনেট সংযোগ আৰু বিদ্যুৎ নাই। পৰিস্থিতি ভয়ংকৰ যদিও আমি ঠিকেই আছো। জেৰুজালেমত থকা পিটিআইৰ সংবাদদাতাগৰাকীৰ মতে, শনিবাৰে নিশা অধিকাংশ লোকে নিৰাপত্তা বাহিনীয়ে দিয়া নিৰ্দেশনাবোৰক অনুসৰণ কৰি নিজৰ নিজৰ অট্টালিকাত থকা আশ্ৰয় গৃহৰ কাষতে শুই পৰিছিল ।

মাল্টিফ্ৰণ্ট আক্ৰমণ আৰু চোৰাংচোৱাৰ এক বৃহৎ বিফলতাক(Massive intelligence failure) লৈ ইজৰাইলী লোকসকল এতিয়াও স্তম্ভিত হৈ আছে । জেৰুজালেমৰ পুৰণি চহৰখনক বেথলেহমৰ সৈতে সংযোগ কৰা পথটো দেওবাৰে জনশূন্য হৈ পৰিছিল – যি দৃশ্য স্বাভাৱিক সময়ত কল্পনাতীত। সুৰক্ষা বাহিনীয়ে পথসমূহত টহল দি থকাৰ লগতে ইয়াৰ পৰিস্থিতি নিৰীক্ষণ কৰি আছে । লাহে লাহে জেৰুজালেম শান্ত হৈ আহিছে । দেওবাৰে ইয়াত কোনো আক্ৰমণ হোৱা নাই আৰু কোনো অপ্ৰীতিকৰ ঘটনাও সংঘটিত হোৱা নাই।

“ইজৰাইলৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি, ইজৰাইলৰ সকলো ভাৰতীয় নাগৰিকক স্থানীয় কৰ্তৃপক্ষৰ পৰামৰ্শ অনুসৰি সতৰ্ক হৈ থাকিবলৈ আৰু সুৰক্ষা প্ৰটক’লসমূহ পালন কৰিবলৈ অনুৰোধ জনোৱা হৈছে। অনুগ্ৰহ কৰি সকলোৱে সাৱধানতা অৱলম্বন কৰক, অপ্ৰয়োজনীয় চলাচল পৰিহাৰ কৰক আৰু সুৰক্ষা শিবিৰৰ কাষত থাকক – দূতাবাসে দিয়া পৰামৰ্শটো ইংৰাজী, হিন্দী, মাৰাঠী, তামিল, তেলেগু, মালায়ালম আৰু কানাড়া ভাষাত জাৰী কৰা হৈছিল।

দেওবাৰে ইজৰাইলে গাজাত আক্ৰমণ অব্যাহত ৰাখিছিল যদিও ইজৰাইলৰ দক্ষিণ অংশত লুকাই থকা একাংশ অনুপ্ৰৱেশকাৰীয়ে ইজৰাইলী সৈন্যৰ সৈতে গুলীচালনা অব্যাহত ৰাখিছিল।

লগতে পঢ়ক: Israel Palestine War: ইজৰাইললৈ এয়াৰ ইণ্ডিয়াৰ বিমানসেৱা ১৪ অক্টোবৰলৈকে বন্ধ