Ayurvedic Drinks: এই ৬বিধ আয়ুৰ্বেদিক পানীয়ই ৫ মিনিটত চকুৰ পতালৈ আনিব টোপনি

6 Ayurvedic Drinks Can Naturally Improve Sleep Quality
এই ৬বিধ আয়ুৰ্বেদিক পানীয়ই ৫ মিনিটত চকুৰ পতালৈ আনিব টোপনি

নিশা টোপনি নাহিলে গোটেই দিনটোৰ বাবে শৰীৰটো খুৱেই ভাগৰুৱা হৈ পৰে । তাৰোপৰি শৰীৰত এলাহভাৱ দেখা যায়। যদি আপুনি এদিন, দুদিন এই সমস্যাত ভুগিছে তেন্তে আতংকিত হোৱাৰ কোনো কাৰণ নাই। কিন্তু দৈনিক পৰ্যাপ্ত পৰিমাণে টোপনি নহাটো খুবেই বিপদজনক।

নিশা পৰ্যাপ্ত পৰিমাণে টোপনি নগলে বিভিন্ন ৰোগে আপোনাক আঁৱৰি ধৰিব । ডায়েবেটিছ, ৰক্তচাপ আৰু হতাশাৰ দৰে একাধিক সমস্যাৰ সৃষ্টি হ’ব । বিশেষজ্ঞসকলৰ মতে শৰীৰটো সুস্থ কৰি ৰাখিবলৈ ৭-৮ ঘন্টা টোপনিৰ প্ৰয়োজন ।

যদি আপুনি নিশা টোপনি অহাত অসুবিধা পাইছে, সঘনাই সাৰ পায় বা ৭ ঘণ্টাৰ কম সময় শুই থাকে, তেন্তে আপুনি সচেতন হোৱাটো প্ৰয়োজন। এনে হ’লে নিয়মিতভাৱে ব্যায়াম কৰি টোপনিৰ মান উন্নত কৰিব লাগে । লগতে শুৱাৰ আগতে তলত উল্লেখিত ৬ বিধ আয়ুৰ্বেদিক পানীয়ৰ যিকোনো এবিধ খাওক(Ayurvedic Drinks Can Naturally Improve Sleep Quality)।

আয়ুৰ্বেদত অশ্বগন্ধাৰ ব্যাপক ব্যৱহাৰ দেখিবলৈ পোৱা যায়। নিশা শুৱাৰ আগতে একাপ অশ্বগন্ধাৰ চাহ খাব লাগে। ই স্নায়ুতন্ত্ৰক শান্ত কৰি শৰীৰটোত এক শিথিল প্ৰভাৱ পেলায়। এই পানীয়ই মানসিক চাপ কমোৱাতো সহায় কৰে। ১/২ চামুচ অশ্বগন্ধাৰ গুড়ি গৰম পানীত মিহলাই খাব।

নিশা শুৱাৰ আগতে একাপ অশ্বগন্ধাৰ চাহ খাব লাগে

আয়ুৰ্বেদত, ঘিউ পূৰ্বৰে পৰাই অনাদি । ঘিয়ে টোপনিৰ মানো উন্নত কৰে। নিশা শুবলৈ যোৱাৰ আগতে গৰম পানীৰ সৈতে ঘিউ মিহলি কৰি খাব। ই মগজুক শান্ত কৰাত আৰু টোপনিৰ সমস্যা দূৰ কৰাত সহায় কৰিব (Ayurvedic drinks and sleep)।

ঘিয়ে টোপনিৰ মান উন্নত কৰে

কেশৰ আৰু ইলাচীৰ সৈতে মিহলি গাখীৰ খাব লাগে। আয়ুৰ্বেদৰ মতে, এই পানীয়বিধে চাপ হ্ৰাস কৰাত সহায় কৰে। গৰম গাখীৰত কেশৰ আৰু ইলাচিৰ গুড়ি এচিকুট মিহলাই খাব লাগে। আপুনি শুবলৈ যোৱাৰ আগতে এই পানীয়বিধ খাব ।

কেশৰ আৰু ইলাচীৰ সৈতে মিহলি গাখীৰ খাব লাগে

নিশা শুবলৈ যোৱাৰ আগতে, গৰম গাখীৰত অলপ হালধি গুৰি মিহলি কৰি ইয়াক খাব পাৰে। হালধিৰ সৈতে মিহলি কৰা গাখীৰত বহু পৰিমাণে পুষ্টিকৰ উপাদান পোৱা যায়। ইয়াত থকা কাৰকিউমিন যৌগটোৱে টোপনিৰ মানদণ্ড উন্নত কৰাৰ লগতে বিভিন্ন স্বাস্থ্যজনিত সমস্যা দূৰ কৰাত সহায় কৰে।

হালধিৰ সৈতে মিহলি কৰা গাখীৰত বহু পৰিমাণে পুষ্টিকৰ উপাদান থাকে

আপুনি হালধিৰ সৈতে জায়ফল গুৰি মিশ্ৰিত গৰম গাখীৰও খাব পাৰে। গৰম গাখীৰত এচিকুট হালধি আৰু জায়ফলৰ গুৰি মিহলি কৰক। ই আপোনাৰ শাৰীৰিক প্ৰদাহ হ্ৰাস কৰাৰ লগতে শৰীৰটোৰ ওপৰত এক আৰামদায়ক প্ৰভাৱ পেলাব।

হালধিৰ সৈতে জায়ফল গুৰি মিশ্ৰিত গৰম গাখীৰও খাব পাৰে

টোপনিৰ সমস্যাৰ বাবে কেমোমিল চাহ সহায়ক। কেমোমিল চাহে মানসিক চাপ কমোৱাত সহায় কৰে। লগতে ই আপোনাৰ চকুলৈ সহজতেই টোপনিৰ ভাৱটো আনে আৰু টোপনিৰ মান উন্নত কৰাত সহায় কৰে।

টোপনিৰ সমস্যাৰ বাবে কেমোমিল চাহ সহায়ক