Hamas attack on Israel: ইজৰাইল বায়ুসেনাই ধ্বংস কৰিলে হামাছৰ নৌসেনাৰ মুখ্য কাৰ্যালয়

Israel Air Force destroys headquarters linked with senior Hamas naval force
ইজৰাইল বায়ুসেনাই ধ্বংস কৰিলে হামাছৰ নৌসেনাৰ মুখ্য কাৰ্যালয়

ইণ্টাৰনেশ্যনেল ডেস্ক, ৯ অক্টোবৰ: ইজৰাইলৰ ওপৰত হামাছৰ আক্ৰমণ(Hamas attack on Israel)ৰ বিৰুদ্ধে প্ৰতিশোধমূলক পদক্ষেপ হিচাপে ইজৰাইল বায়ুসেনাই সোমবাৰে সন্ত্ৰাসবাদী সংগঠন হামাছৰ কেইবাটাও কাৰ্যালয়ত আক্ৰমণ চলায় । সন্ত্ৰাসবাদী সংগঠনটোৰ শীৰ্ষ পদবীৰ নেতাসকল থকা বিভিন্ন অট্টালিকাত ইজৰাইল বায়ুসেনাই আক্ৰমণ কৰে । এই আক্ৰমণত হামাছৰ তিনি মহলীয়া মুখ্য কাৰ্যালয়টোৰ লগতে কেইবাটাও কাৰ্যকৰী কাৰ্যালয় ধ্বংস হোৱা বুলি জানিব পৰা গৈছে (Terrorist organization Hamas)।

তাৰোপৰি বায়ুসেনাই জাবালি অঞ্চলৰ এটা মছজিদৰ মাজমজিয়াত অৱস্থিত সন্ত্ৰাসবাদী সংগঠনটোৰ আন এটা গুৰুত্বপূৰ্ণ কাৰ্যালয়ো ধ্বংস কৰে । ছ’চিয়েল মিডিয়া ‘এক্স’ত এই কথা শ্বেয়াৰ কৰি ইজৰাইল বায়ুসেনাই উল্লেখ কৰে যে,, “বায়ু সেনাই সন্ত্ৰাসবাদী সংগঠন হামাছৰ বহুকেইজন কৰ্মকৰ্তা থকা এটা অট্টালিকাত আক্ৰমণ চলাই ।

একে সময়তে সন্ত্ৰাসবাদী সংগঠনটোৰ কেইবাটাও অপাৰেচনেল মুখ্য কাৰ্যালয়তো আক্ৰমণ চলাইছিল । ইয়াৰ ভিতৰত তিনি মহলীয়া এটা মুখ্য কাৰ্যালয় আৰু হামাছৰ নৌসেনা মহম্মদ কাষ্টা(Muhammad Kashta)ৰ সৈতে জড়িত এটা মুখ্য কাৰ্যালয় আছিল । ইয়াৰ উপৰিও সন্ত্ৰাসবাদী সংগঠনটোৱে জাবালিয়া অঞ্চলৰ এটা মছজিদৰ মাজমজিয়াত ৰখা বহুখিনি সম্পত্তিও ধ্বংস কৰা হয় (Air Force destroyed an operational asset)।”

শনিবাৰে হামাছে ইজৰাইলৰ দক্ষিণ আৰু মধ্য অংশত ৰকেটেৰে আকস্মিকভাৱে আক্ৰমণ চলাইছিল (Hamas launched surprise attack)। দ্য টাইমছ অৱ ইজৰাইলে হিব্ৰু সংবাদ মাধ্যমৰ উদ্ধৃতি দি উল্লেখ কৰে যে, হামাছৰ এই আক্ৰমণত ইজৰাইলত মৃত্যুৰ সংখ্যাই ৭০০ অতিক্ৰম কৰিছে ।

হামাছৰ এই আক্ৰমণত কেইবা ডজন সৈনিক আৰু আৰক্ষীৰ লোক নিহত হয় । তাৰোপৰি কেইবাগৰাকী ইজৰাইলীক গাজাত পণবন্দী কৰি ৰখা হৈছে বুলি টাইমছ অৱ ইজৰাইল(Times of Israel)ৰ বাতৰিত প্ৰকাশ পাইছে । হামাছৰ আকস্মিক আক্ৰমণৰ পিছতে ইজৰাইল বায়ু সেনা(Israel Defence Forces)ই প্ৰতি আক্ৰমণ স্বৰূপে গাজা ষ্ট্ৰিপত এক শক্তিশালী আৰু মাৰাত্মক বিমান আক্ৰমণ আৰম্ভ কৰে(Air strike in Gaza Strip) । ইজৰাইল বায়ু সেনাই হামাস সন্ত্ৰাসবাদীয়ে ব্যৱহাৰ কৰা অঞ্চলসমূহ ধ্বংস কৰিবলৈ বহু সংখ্যক যুঁজাৰু বিমান ব্যৱহাৰ কৰিছিল।

আইএএফৰ পূৰ্বৰ এটা পোষ্টত কোৱা হৈছে যে, হামাছে ৰকেট আক্ৰমণ চলোৱাৰ ২৪ ঘণ্টাৰ পিছতো সন্ত্ৰাসবাদী সংগঠনটোৱে স্থল আক্ৰমণ চলাই গৈছিল । তাৰোপৰি গাজা সীমান্তত কফাৰ আজা বাহিনী(Kfar Aza) আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীচালনা চলি আছিল। ইজৰাইল প্ৰতিৰক্ষা বাহিনীয়ে সেই স্থানত উপস্থিত থকা সন্ত্ৰাসবাদীবোৰক নিষ্ক্ৰিয় কৰাৰ(Attempting to neutralise all terrorists) বাবে চেষ্টা চলাই থকা বুলি দ্য টাইমছ অফ ইজৰাইলত প্ৰকাশ পাইছে।

ইফালে, হামাছৰ এই আকস্মিক আক্ৰমণৰ পাছতে ইজৰাইলৰ নিৰাপত্তা কেবিনেটে “যুদ্ধ পৰিস্থিতি”ত অনুমোদন জনায় আৰু চৰকাৰৰ মৌলিক আইনৰ অনুচ্ছেদ ৪০ (Article 40 of Basic Law) অনুসৰি গুৰুত্বপূৰ্ণ সামৰিক পদক্ষেপ গ্ৰহণ কৰে। এই কথা ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্স-ত উল্লেখ কৰে । ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ মতে, স্থানীয় সময় অনুসৰি শনিবাৰে পুৱা ৬ বজাত গাজা ষ্ট্ৰীপৰ পৰা ইজৰাইলৰ ওপৰত চলা সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতে যুদ্ধ ঘোষণা কৰা হৈছিল।

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে(Israeli Prime Minister Benjamin Netanyahu) হামাছক কঠোৰ সতৰ্কবাণী জাৰি কৰি দাবী কৰে যে,হামাছে এক ভয়ংকৰ যুদ্ধৰ আৰম্ভনি কৰিছে আৰু ইজৰাইল প্ৰতিৰক্ষা বাহিনীয়ে (আইডিএফ) ইহঁতক দমন কৰিবলৈ সকলো শক্তি ব্যৱহাৰ কৰিব।

লগতে পঢ়ক: Israel Palestine War: বেথলেহমত আৱদ্ধ মেঘালয়ৰ ২৭ গৰাকী তীৰ্থযাত্ৰীৰ ইজিপ্তত প্ৰৱেশ