Assembly Elections 2023 : ঘোষণা হ’ল দেশৰ ৫খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ তাৰিখ

election commission announces dates for assembly election 2023 in rajasthan chhattisgarh telangana madhya pradesh mizoram via press conference
Assembly Elections 2023 : ঘোষণা হ'ল দেশৰ ৫খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ তাৰিখ

নতুন দিল্লী, ৯ অক্টোবৰ: সোমবাৰে ভাৰতীয় নিৰ্বাচন আয়োগে(Election Commission of India) দেশৰ পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰে । সময়সূচী অনুসৰি চলিত বৰ্ষৰ ৭ আৰু ১৭ নৱেম্বৰত দুটা পৰ্যায়ত ছত্তীশগড়ত নিৰ্বাচন অনুষ্ঠিত হ’ব।

বাকী চাৰিখন ৰাজ্য ক্ৰমে মিজোৰাম, মধ্যপ্ৰদেশ, ৰাজস্থান আৰু তেলেংগানাৰ বিধানসভাৰ নিৰ্বাচন এটা পৰ্যায়তে অনুষ্ঠিত হ’ব(Assembly Elections 2023) ।

সোমবাৰে এখন সংবাদমেল সম্বোধন কৰি দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে(Chief Election Commissioner Rajiv Kumar) কয় যে পাঁচখন ৰাজ্যৰ ভোটগণনা ৩ ডিচেম্বৰত সম্পন্ন হ’ব।

ছত্তীশগড়ত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম তাৰিখ হৈছে ২০ অক্টোবৰ। ২৩ অক্টোবৰৰ ভিতৰত প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব ।

ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম তাৰিখ হৈছে ৩০ অক্টোবৰ আৰু ২ নৱেম্বৰৰ ভিতৰত প্ৰাৰ্থীসকলে মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব।

নিৰ্বাচনৰ তাৰিখ ঘোষণাৰ লগে লগে বলবৎ হৈছে নিৰ্বাচনী আচৰণ বিধি (Model Code of Conduct)। শনিবাৰে আয়োজিত সংবাদমেলখনত ৰাজীৱ কুমাৰৰ লগতে দুগৰাকী নির্বাচন আয়ুক্তও উপস্থিত থাকে ৷

অহা বছৰৰ এপ্ৰিল-মে’ মাহত হ’বলগীয়া লোকসভা নিৰ্বাচন(Lok Sabha elections)ৰ কেইমাহমান পূৰ্বে পাঁচখন ৰাজ্যত হ’ব লগা এই নিৰ্বাচন অতি গুৰুত্বপূৰ্ণ হিচাবে বিবেচিত হৈছে ।

ছত্তীশগড়, মধ্যপ্ৰদেশ আৰু ৰাজস্থানত কংগ্ৰেছ আৰু বিজেপি হৈছে মুখ্য খেলুৱৈ। তেলেংগানাত শাসকীয় ভাৰত ৰাষ্ট্ৰ সমিতি, কংগ্ৰেছ আৰু বিজেপিৰ মাজত ত্ৰিকোণীয় প্ৰতিদ্বন্দ্বিতা হ’ব বুলি আশা কৰা হৈছে।

মধ্যপ্ৰদেশ বিধানসভা(Madhya Pradesh assembly)ত আসন আছে ২৩০খন । ২০১৮ চনৰ নিৰ্বাচনত কংগ্ৰেছে ৪১.৫ শতাংশ ভোটৰ সৈতে ১১৪খন আসন লাভ কৰাৰ বিপৰীতে বিজেপিয়ে ৪১.৬ শতাংশ ভোটেৰে ১০৯খন আসন লাভ কৰিছিল।

পৰৱৰ্তী সময়ত বিজেপিত যোগদান কৰা জ্যোতিৰাদিত্য সিন্ধিয়াৰ প্ৰতি অনুগত বুলি বিবেচিত একাংশ বিধায়কৰ পদত্যাগৰ পিছত ২০২০ চনত কংগ্ৰেছ চৰকাৰে সংখ্যাগৰিষ্ঠতা হেৰুৱাইছিল। ইয়াৰ পিছতেই শিৱৰাজ সিং চৌহান(Chief Minister Shivraj Singh Chouhan) ক মুখ্যমন্ত্ৰী হিচাপে লৈ ৰাজ্যখনত বিজেপি ক্ষমতালৈ আহিছিল।

ৰাজস্থানত ২০০খন আসন আছে আৰু য’ত কংগ্ৰেছে ২০১৮ চনত ৯৯ খন আসন দখল কৰি ৰাজ্যখনত প্ৰায় সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল । ৩৯.৮ শতাংশ ভোটৰ অংশীদাৰিত্ব থকা দলটোৱে বিগত ৫ বছৰে মুখ্যমন্ত্ৰী অশোক গেহলট(Chief Minister Ashok Gehlot) ৰ নেতৃত্বত ৰাজ্যখন শাসন কৰি আহিছে । আনহাতে ২০১৮ চনৰ নিৰ্বাচনত বিজেপিয়ে ৩৯.৩ শতাংশ ভোটেৰে ৭৩খন আসন লাভ কৰি বিৰোধীৰ আসনত বঢ়িব লগা হৈছিল ।

তেলেংগানা বিধানসভাৰ ২০১৮ চনৰ নিৰ্বাচনত শাসকীয় দল বি আৰ এছে মুঠ ১১৯খন আসনৰ ভিতৰত ৪৭.৪ শতাংশ ভোটৰ অংশীদাৰিত্বৰে ৮৮খন আসন লাভ কৰিছিল । ইফালে ২৮.৭ শতাংশ ভোটৰ অংশীদাৰিত্বৰে ১৯খন আসনত জয়ী হৈ দ্বিতীয় স্থানত আছিল কংগ্ৰেছ দল।

২০১৮ চনৰ নিৰ্বাচনত ছত্তীশগড়ত কংগ্ৰেছে ক্ষমতা দখল কৰিছিল আৰু ৰাজ্যিক বিধানসভাৰ ৯০খন আসনৰ ভিতৰত ৬৮খন আসন লাভ কৰিছিল । দলটোৰ ভোটৰ অংশীদাৰিত্ব আছিল ৪৩.৯ শতাংশ। আনহাতে ৩৩.৬ শতাংশ ভোটেৰে বিজেপিয়ে ১৫খন আসনত জয়লাভ কৰিছিল ।

৪০ জনীয়া মিজোৰাম বিধানসভাত মিজো নেচনেল ফ্ৰণ্টে ৩৭.৮ শতাংশ ভোটৰ অংশীদাৰিত্বৰে ২৬খন আসন লাভ কৰি ২০১৮ চনৰ নিৰ্বাচনত বিজয়ী হৈ ওলাই আহিছিল। ইয়াৰ বিপৰীতে কংগ্ৰেছে ৫খন আৰু বিজেপিয়ে এখন আসন লাভ কৰিছিল ।

ৰাজনৈতিক দলসমূহে পাঁচখন ৰাজ্যত হ’ব লগা বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি ইতিমধ্যেই আৰম্ভ কৰিছে আৰু দলসমূহৰ শীৰ্ষ নেতাসকলেও বিভিন্ন ৰেলীত অংশ লৈ জনসাধাৰণক উদ্দেশ্যি ভাষণ দিয়াৰ লগতে বিভিন্ন প্ৰতিশ্ৰুতি ঘোষণা কৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক: Deadline to exchange Rs 2000 banknotes over: ২০০০ টকীয়া নোট জমা কৰাৰ অন্তিম তাৰিখ ওকলিল, এতিয়া কি থাকিব বিকল্প ?