Israel Palestine conflict: তীব্ৰতৰ হৈছে ইজৰাইল-পেলেষ্টাইনৰ যুদ্ধ

Hamas threatens Ashkelon with major rocket attack as Israel Palestine conflict grows intense
তীব্ৰতৰ হৈছে ইজৰাইল-পেলেষ্টাইনৰ যুদ্ধ

টেল আভিভ, ১০ অক্টোবৰ: ইজৰাইল আৰু সন্ত্ৰাসবাদী সংগঠন হামাছৰ মাজত চলি থকা চলি থকা সংঘৰ্ষৰ উত্তেজনা বৃদ্ধি পোৱাৰ লগে লগে(Israel Palestine conflict) হামাছৰ ইজ আদ-দিন আল-কাছাম ব্ৰিগেডৰ মুখপাত্ৰ আবু ওবেইদাই ইজৰাইলৰ উপকূলীয় চহৰ আচকেলনক অনাগত সময়ত এটা ডাঙৰ ৰকেট বেৰেজৰ ভাবুকি প্ৰদান কৰা বুলি টাইমছ অৱ ইজৰাইলত প্ৰকাশ পাইছে(Terrorist group Hamas) । হামাছৰ নেতাজনে এই আক্ৰমণৰ বলি নহ’বৰ বাবে লোকসকলক ঘৰৰ পৰা ওলাই যাবলৈও নিৰ্দেশনা প্ৰদান কৰিছে (Coastal city of Ashkelon)।

টাইমছ অৱ ইজৰাইল(Times of Israel)ত উল্লেখ কৰা অনুসৰি, আবু ওবেইদাই তেওঁৰ টেলিগ্ৰাম চেনেলত এই নিৰ্দেশনা দি কৈছে, “শত্ৰুৰ দ্বাৰা আমাৰ লোকসকলক স্থানান্তৰিত কৰা আৰু গাজা ষ্ট্ৰিপৰ কেইবাটাও অঞ্চলত তেওঁলোকক ঘৰ এৰি পলাই যাবলৈ বাধ্য কৰাৰ অপৰাধৰ প্ৰতিক্ৰিয়া স্বৰূপে, আমি অধিকৃত চহৰ আচকেলনৰ বাসিন্দাসকলক সন্ধিয়া ৫ বজাৰ পূৰ্বে সেই স্থান এৰি যাবলৈ সময়সীমা বান্ধি দিছো ।”

আল জাজিৰাই মঙলবাৰে প্ৰকাশ কৰা অনুসৰি হামাছৰ আকস্মিক আক্ৰমণ(Surprise attack by Hamas)ৰ পিছত ইজৰাইলে শক্তিশালী ৰূপত প্ৰতিশোধ লোৱাৰ পৰিণতি স্বৰূপে ইজৰাইলৰ বিমান আক্ৰমণত ৭৭০ গৰাকীতকৈও অধিক পেলেষ্টাইনী নিহত হৈছে । গাজাত স্বাস্থ্য মন্ত্ৰালয়ে(Health Ministry in Gaza) প্ৰকাশ কৰা অনুসৰি ইজৰাইলৰ বিমান আক্ৰমণত কমেও ৭৭০ গৰাকী পেলেষ্টাইনী নিহত আৰু ৪ হাজাৰ আহত হৈছে। মন্ত্ৰণালয়ৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, নিহতসকলৰ ভিতৰত ১৪০টা শিশু আৰু ১২০গৰাকী মহিলাও আছে।

ইয়াৰ উপৰিও শনিবাৰৰ পৰা পশ্চিম উপকূলীয় অঞ্চলত কমেও ১৮ গৰাকী লোক নিহত হোৱাৰ লগতে প্ৰায় ১০০ লোক আহত হৈছে বুলি আল জাজিৰাৰ বাতৰিত প্ৰকাশ পাইছে । ইফালে, ৭ অক্টোবৰত হামাছে ইজৰাইলৰ ওপৰত বৰ্বৰভাৱে চলোৱা আকস্মিক আক্ৰমণত কমেও ৯০০ ইজৰাইলী নিহত হোৱাৰ লগতে ২৬১৬ গৰাকীতকৈ অধিক লোক আহত হয় ।

ইজৰাইল ডিফেন্স ফৰ্চে (Israel Defence Forces) এক্সত শ্বেয়াৰ কৰা যুদ্ধৰ আপডেট অনুসৰি, চলিত সংঘৰ্ষত হামাছে গাজাত প্ৰায় ৩০ জন লোকক পণবন্দী কৰি ৰাখিছে। লগতে উল্লেখ কৰিছে যে গাজাৰ পৰা ইজৰাইলৰ ওপৰত প্ৰায় ৪,৫০০ ৰকেট নিক্ষেপ কৰা হৈছিল । ইয়াৰ পিছতে ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে গাজাত হামাছৰ ১২৯০ টা লক্ষ্যস্থানত আঘাত কৰিবলৈ সক্ষম হৈছিল ।

ইজৰাইল ডিফেন্স ফৰ্চৰ এজন মুখপাত্ৰই নিশ্চিত কৰা অনুসৰি এই যুদ্ধত ১২৩ জন সৈনিক নিহত হৈছে আৰু এজনক অপহৰণ কৰিছে । এই কথা ইতিমধ্যে তেওঁলোকৰ পৰিয়ালক অৱগত কৰা হৈছে । ইফালে হামাছক কঠোৰ সতৰ্কবাণীৰে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে(Israeli Prime Minister Benjamin Netanyahu) হুংকাৰ দি কয় যে “যদিও ইজৰাইলে এই যুদ্ধ আৰম্ভ কৰা নাছিল, কিন্তু ইয়াক সমাপ্ত কৰিব”।

নেতানিয়াহুৱে ৰাষ্ট্ৰলৈ এক ভাষণ প্ৰদান কৰি কয়, “ইজৰাইল এতিয়া যুদ্ধত আছে। আমি এই যুদ্ধ বিচৰা নাছিলো। কিন্তু আমাৰ ওপৰত অতি নিষ্ঠুৰ আৰু বৰ্বৰ উপায়েৰে আক্ৰমণ কৰি আমাক যুদ্ধ কৰিবলৈ বাধ্য কৰা হৈছিল । কিন্তু ইজৰাইলে এই যুদ্ধ আৰম্ভ কৰা নাছিল যদিও ইজৰাইলে ইয়াক সমাপ্ত কৰিব ।

হামাছৰ বিৰুদ্ধে প্ৰতিশোধ লোৱাৰ অংশ হিচাপে ইজৰাইলে তিনিলাখ সৈন্য সংগঠিত কৰিছে। টাইমছ অৱ ইজৰাইলৰ বাতৰি অনুসৰি ১৯৭৩ চনৰ ইয়ম কিপ্পুৰ যুদ্ধৰ পিছত চাৰিলাখ সংৰক্ষিত লোকক মাতি অনা এইটোৱেই হৈছে ইজৰাইলৰ সৰ্ববৃহৎ সংগঠন। ইফালে শেহতীয়া তথ্য অনুসৰি, ইজৰাইলৰ বায়ুসেনাই গাজা ষ্ট্ৰিপত থকা সন্ত্ৰাসবাদী সংগঠনটোৰ বহুকেইটা লক্ষ্যস্থানত ব্যাপক ৰূপত আক্ৰমণ অব্যাহত ৰাখিছে।

লগতে পঢ়ক: Hamas attack on Israel: ইজৰাইল বায়ুসেনাই ধ্বংস কৰিলে হামাছৰ নৌসেনাৰ মুখ্য কাৰ্যালয়