Preacher accused of sex crimes: যৌন নিৰ্যাতনৰ অপৰাধত স্বয়ম্ভু ধৰ্ম প্ৰচাৰকক আটক দিল্লী আৰক্ষীৰ

Preacher accused of sex crimes Delhi Police nab self styled preacher for sexual assault
যৌন নিৰ্যাতনৰ অপৰাধত স্বয়ম্ভু ধৰ্ম প্ৰচাৰকক আটক দিল্লী আৰক্ষীৰ

নতুন দিল্লী, ১১ অক্টোবৰ : দুগৰাকী মহিলা ভক্তই দাখিল কৰা যৌন নিৰ্যাতনৰ দুটা গোচৰ(Cases of sexual assault)ৰ সৈতে জড়িত থকাৰ অভিযোগত এজন স্বয়ম্ভু ধৰ্ম প্ৰচাৰকক দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে (Preacher accused of sex crimes)।

ধৃত বিনোদ কাশ্যপ (৩৩) নামৰ অভিযুক্তজনে নতুন দিল্লীৰ কাকৰোলা নামেৰে এটা অঞ্চলত মাতা মাছানী চৌকী দৰবাৰ নামেৰে এটা অনুষ্ঠান চলাই আহিছিল । তাৰোপৰি তেওঁৰ নামত এটা ইউটিউব চেনেলো(YouTube channel) আছে য’ত বৃহৎ সংখ্যক চাবস্ক্ৰাইবাৰে চেনেলটো ফ’ল’ কৰি আহিছে ।

এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়া অনুসৰি, দুয়োটা গোচৰতে অভিযোগ কৰা হৈছে যে তেওঁ মহিলা ভক্ত দুগৰাকীক তেওঁলোকৰ সমস্যা সমাধান কৰি দিয়াৰ অজুহাতত মাতা মাছানী চৌকী দৰবাৰলৈ মাতি পঠিয়াই । ইয়াৰ পিছতে অভিযুক্ত ধৰ্ম প্ৰচাৰকজনে মহিলাদুগৰাকীক তেওঁলোকৰ সমস্যাৰ পৰা মুক্তি পাবলৈ গুৰু সেৱা কৰিবলৈ জোৰ প্ৰদান কৰাৰ লগতে তেওঁলোকক যৌন অত্যাচাৰ চলায় (Preacher assaulted women sexually)। লগতে মহিলাদুগৰাকীক বাহিৰত এই কাণ্ডৰ বিষয়ে কাকো অৱগত নকৰিবৰ বাবে সকীয়াই দিয়ে ।

আৰক্ষী বিষয়াগৰাকীয়ে লগতে কয় যে, আমি আই পি চিৰ ৩৭৬ আৰু ৫০৬ ধাৰাৰ অধীনত ২টা গোচৰ পঞ্জীয়ন কৰি অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছো । লগতে ঘটনাটোক লৈ অধিক তদন্ত অব্যাহত আছে বুলিও আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে ।

লগতে পঢ়ক: Israel Palestine conflict: তীব্ৰতৰ হৈছে ইজৰাইল-পেলেষ্টাইনৰ যুদ্ধ