Sikkim flash floods: কেবিনেট সচিবে কৰিলে ছিকিমৰ পৰিস্থিতিৰ পৰ্যালোচনা

Sikkim flash floods: কেবিনেট সচিবে কৰিলে ছিকিমৰ পৰিস্থিতিৰ পৰ্যালোচনা
কেবিনেট সচিবে কৰিলে ছিকিমৰ পৰিস্থিতিৰ পৰ্যালোচনা

নতুন দিল্লী, ৯ অক্টোবৰ: সোমবাৰে কেবিনেট সচিব ৰাজীৱ গৌবা(Cabinet Secretary Rajiv Gauba)ই ছিকিমৰ পৰিস্থিতিৰ পৰ্যালোচনা কৰি ৰাজ্যখনৰ বাবে সকলো ধৰণৰ সমৰ্থন আৰু সহায়ৰ আশ্বাস প্ৰদান কৰে ।

কেন্দ্ৰীয় গৃহ সচিব অজয় ভাল্লা, ছিকিমৰ মুখ্য সচিব, সচিব পথ পৰিবহণ আৰু ঘাইপথ সচিব, সামৰিক পৰিক্ৰমা সচিব, ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (National Disaster Management Authority) সদস্য সচিব, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (National Disaster Response Force)ৰ সঞ্চালক প্ৰধান, ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ সঞ্চালক, গৃহ পৰিক্ৰমা মন্ত্ৰালয় আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়া উপস্থিত থকা ৰাষ্ট্ৰীয় সংকট ব্যৱস্থাপনা কমিটী(National Crisis Management Committee)ৰ বৈঠকখনৰ অধ্যক্ষতা কৰি গৌবাই ৰাজ্যখনৰ বাবে প্ৰয়োজনীয় সকলো ধৰণৰ সমৰ্থন আৰু সহায়ৰ ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশনা প্ৰদান কৰে ।

বৈঠকত গৌবাই ৰাজ্যখনৰ শেহতীয়া বিধ্বংসী বান(Sikkim flash floods)ত ক্ষতিগ্ৰস্তসকলৰ সাহায্য আৰু উদ্ধাৰ ব্যৱস্থাৰ এটা এটাকৈ পৰ্যালোচনা কৰে। কেবিনেট সচিবগৰাকীয়ে অতি কম সময়ৰ ভিতৰত লোকসকলক স্থানান্তৰ কৰাটো ছিকিম চৰকাৰ আৰু কেন্দ্ৰীয় সংস্থাসমূহ(Government of Sikkim and central agencies)ৰ বাবে অগ্ৰাধিকাৰ হ’ব লাগে বুলি উল্লেখ কৰি ক্ষতিগ্ৰস্ত অঞ্চলসমূহত শীঘ্ৰেই বেইলী দলং(Bailey Bridges) স্থাপনৰ পৰামৰ্শ আগবঢ়ায়।

গৌবাৰ উদ্ধৃতি দি কেবিনেট সচিবালয়ৰ এক বিবৃতিত কোৱা হৈছে যে, “য’ত দলংবোৰ উটি গৈছে, সেই স্থানত লোকসকলৰ বাবে পথ সংযোগ পুনৰুদ্ধাৰ কৰিবলৈ অগ্ৰাধিকাৰৰ ভিত্তিত বেইলী দলং স্থাপন কৰা উচিত।

কেবিনেট সচিবগৰাকীয়ে আশ্বাস দিয়ে যে “কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনৰ বাবে সকলো ধৰণৰ সহায় আৰু সহযোগীতা আগবঢ়াব ।

বৈঠকত গৃহ সচিবগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে ২৪ ঘন্টাই সৰ্বোচ্চ পৰ্যায়ত পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু আন্তঃমন্ত্ৰালয়ৰ এটা সমন্বয় দলে (Inter-Ministerial Coordination Team) পৰিস্থিতিৰ বুজ ল’বলৈ ছিকিমত উপস্থিত হৈছেগৈ। তাৰোপৰি ছিকিম চৰকাৰলৈ প্ৰয়োজনীয় অতিৰিক্ত কেন্দ্ৰীয় সাহায্য মুকলি কৰি দিয়া হৈছে।

ছিকিমৰ মুখ্য সচিবগৰাকী(Sikkim Chief Secretary)য়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বৈঠকখনত অংশগ্ৰহণ কৰি ৰাজ্যখনৰ অধিকাংশ অঞ্চলতে পথ সংযোগ স্থাপন কৰা হৈছে বুলি অৱগত কৰে।

তেওঁ লগতে জনায় যে, বতৰৰ অৱস্থা উন্নত হোৱাৰ ফলত আৱদ্ধ লোকসকলক বিমানেৰে স্থানান্তৰ কৰিবলৈ সম্ভৱ হৈ উঠিছে । ছিকিমৰ মুখ্য সচিবগৰাকীয়ে কয় যে, আজি পুৱা মুঠ ৮০ গৰাকী লোকক স্থানান্তৰিত কৰা হৈছে । তাৰোপৰি ৰাজ্যখনত স্থাপন কৰা ২৮টা সাহায্য শিবিৰত ৬,৮০০ৰো অধিক লোকে আশ্ৰয় গ্ৰহণ কৰিছে। ইয়াৰ উপৰিও ক্ষতিগ্ৰস্ত অঞ্চলসমূত খাদ্য সামগ্ৰী, ঔষধ আৰু এল পি জিকে ধৰি সকলো অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰা হৈছে।

বৈঠকত উপস্থিত থকা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ সঞ্চালক(Director General IMD) প্ৰধানগৰাকীয়ে জনাই যে বতৰৰ পূৰ্বানুমান অনুসৰি ১১ৰ পৰা ১৩ অক্টোবৰলৈকে বতৰ অনুকূল হৈ থকাৰ সম্ভাৱনা আছে ।

বৈঠকত উপস্থিত থকা এন ডি আৰ এফৰ সঞ্চালক প্ৰধানগৰাকীয়ে কমিটীক অৱগত কৰে যে উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে ৰাজ্যখনত ছয়টা দল মোতায়েন কৰা হৈছে। ইয়াৰ ওপৰিও এনডিআৰএফৰ তিনিটা সংৰক্ষিত দল শিলিগুৰিত ষ্টেণ্ডবাই হিচাপে ৰখা হৈছে। লগতে ৰাজ্যখনক উদ্ধাৰ আৰু পুনৰুদ্ধাৰৰ প্ৰচেষ্টাত সহায় কৰিবলৈ বিভিন্ন সামগ্ৰীৰে সেনা আৰু বায়ু সেনাৰ পৰ্যাপ্ত সংখ্যক দল মোতায়েন কৰা হৈছে।

লগতে পঢ়ক: Assembly Elections 2023 : ঘোষণা হ’ল দেশৰ ৫খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ তাৰিখ