Israel carrying out strikes in Lebanon: এণ্টি টেংক মিছাইল আক্ৰমণৰ প্ৰতিশোধ স্বৰূপে এইবাৰ লেবাননত ইজৰাইলৰ আক্ৰমণ

Israel carrying out strikes in Lebanon after anti-tank missile fire IDF
Israel carrying out strikes in Lebanon: এণ্টি টেংক মিছাইল আক্ৰমণৰ পিছত লেবাননত ইজৰাইলৰ আক্ৰমণ

টেল আভিভ, ১১ অক্টোবৰ: ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনী(Israeli Defence Forces)ৰ উদ্ধৃতিৰে দ্যা ইজৰাইল টাইমছে প্ৰকাশ কৰা বাতৰি অনুসৰি, সন্ত্ৰাসবাদীয়ে এণ্টি টেংক গাইডেড মিছাইলেৰে সীমান্তত কৰা আক্ৰমণৰ প্ৰতিশোধ স্বৰূপে এইবাৰ ইজৰাইল সেনাই লেবাননলৈ লক্ষ্য কৰি আক্ৰমণ আৰম্ভ কৰিছে (Israel carrying out strikes in Lebanon)।

সংবাদ প্ৰতিষ্ঠানটোৱে লগতে কলে, ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে অতি শীঘ্ৰেই এই আক্ৰমণৰ অধিক তথ্য প্ৰকাশ কৰিব । ইয়াৰ পূৰ্বে, আইডিএফে জনাইছিল যে লেবাননৰ পৰা আৰৱ আল-আৰামছে(Community of Arab Al Aramshe) সম্প্ৰদায়ৰ কাষৰ এটা সামৰিক ঘাটিলৈ এটা এণ্টি-টেংক মিছাইল নিক্ষেপ কৰা হৈছিল (Anti tank missile launched from Lebanon)।

এই কথা ইজৰাইলী প্ৰতিৰক্ষা বাহিনীয়ে এক্সত উল্লেখ কৰি লিখিছিল যে, “লেবাননৰ পৰা ব্লুলাইনত আৰব আল-আৰামশ্বে সম্প্ৰদায়ৰ কাষৰীয়া এটা সামৰিক ঘাটিলৈ লক্ষ্য কৰি এণ্টি টেংক মিছাইল নিক্ষেপ কৰা হৈছিল।”

ইজৰাইলস্থিত আন এটা সংবাদ প্ৰতিষ্ঠান i24NEWS English য়ে প্ৰকাশ কৰা অনুসৰি, “লেবানন সীমান্তৰ সমীপত থকা উত্তৰ ইজৰাইললৈ লক্ষ্য কৰি এণ্টি টেংক মিছাইল নিক্ষেপেৰে আক্ৰমণ কৰা হৈছে।”

এই বাতৰি অনুসৰি সীমান্তৱৰ্তী চহৰ ৰোশ হানিক্ৰা(Rosh HaNikra)ৰ সমীপত সন্দেহজনক অনুপ্ৰৱেশৰ চেষ্টা চলোৱাৰ এটা ঘটনাও সংঘটিত হৈছিল।

ইফালে আইডিএফে জনোৱা অনুসৰি, তেওঁলোকে গাজা ইছলামিক ইউনিভাৰ্চিটি(Islamic University of Gaza)ক লক্ষ্য কৰি লৈছে, যি গাজা ষ্ট্ৰিপত হামাছৰ বাবে ৰাজনৈতিক আৰু সামৰিক শক্তিৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে কাম কৰে(Important centre of political and military power for Hamas)।

এক্স-ত শ্বেয়াৰ কৰা এটা পোষ্টৰ জৰিয়তে আইডিএফে জনাই, “গাজা ষ্ট্ৰিপৰ সন্ত্ৰাসবাদী সংগঠন হামাছৰ বাবে ৰাজনৈতিক আৰু সামৰিক শক্তিৰ গুৰুত্বপূৰ্ণ কেন্দ্ৰ আৰু অস্ত্ৰ-শস্ত্ৰৰ উৎপাদনৰ লগতে সামৰিক প্ৰশিক্ষণ প্ৰতিষ্ঠান হিচাপে কাম কৰা ইছলামিক বিশ্ববিদ্যালয়খনক শেহতীয়াকৈ যুঁজাৰু বিমানে আক্ৰমণ কৰিছে।”
জানিব পৰা অনুসৰি আইডিএফে গাজা ষ্ট্ৰিপত বৰ্তমানেও আক্ৰমণ অব্যাহত ৰাখিছে।

আজিৰ দিনটোৰ আৰম্ভনিতেই ইজৰাইল প্ৰতিৰক্ষা বাহিনীৰ মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল জনাথন কনৰিকাছে জনোৱা অনুসৰি, হামাছৰ আক্ৰমণত ইজৰাইলৰ ১২০০ নাগৰিক নিহত হোৱাৰ লগতে ২৭০০ৰো অধিক লোক আহত হৈছে । তেও লগতে উল্লেখ কৰিলে যে,ইজৰাইল বাহিনীয়ে গাজাত এই অভিযান কাৰ্যকৰী কৰিবলৈ ইতিমধ্যে সাজু হৈছে।

আইডিএফৰ মুখপাত্ৰজনে জনোৱা অনুসৰি, গাজা সীমান্তত প্ৰায় ৩ লাখ সৈনিক নিয়োজিত কৰা হৈছে আৰু চলি থকা যুদ্ধৰ অন্তত হামাছৰ সামৰিক ক্ষমতা সম্পূৰ্ণৰূপে নাইকিয়া হোৱাটো তেওঁলোকে নিশ্চিত কৰিব।

এক্স-ত পোষ্ট কৰা এটা লাইভ ভিডিঅ’ত আইডিএফৰ মুখপাত্ৰজনে লগতে কয়, “আমি আমাৰ ইনভেণ্টৰী, সশস্ত্ৰ সৈনিক, আমাৰ আৰ্টিলাৰী কোৰ আৰু আন বহুতো সৈনিকক সংৰক্ষিত অঞ্চলবোৰৰ পৰা প্ৰেৰণ কৰিছো।ইতিমধ্যেই আমাৰ 300000 সৈনিক গৈ গাজা ষ্ট্ৰিপৰ সমীপত উপস্থিত হৈছেগৈ । এই মিশ্যন কাৰ্যকৰী কৰিবলৈ ইজৰাইল চৰকাৰ সম্পূৰ্ণৰূপে সাজু হৈছে । যুদ্ধৰ অন্তত হামাছৰ সামৰিক ক্ষমতা নাইকীয়া হোৱাটো আমাৰ সেনাই নিশ্চিত কৰিব যাতে, পাছলৈ ইজৰাইলী নাগৰিকসকলক ভাবুকি অথবা হত্যাকাণ্ডৰ দৰে ঘটনা সংঘটিত কৰিব নোৱাৰে ।

টাইমছ অৱ ইজৰাইলৰ বাতৰি অনুসৰি, “হামাছৰ ওপৰত বিমান আক্ৰমণ অব্যাহত থকাৰ মাজতেই বুধবাৰে ইজৰাইল প্ৰতিৰক্ষা বাহিনীয়ে কৈছিল যে তেওঁলোকে চুবুৰীয়া অঞ্চল আল ফুৰকানত থকা সন্ত্ৰাসবাদী গোটটোৰ ২০০ তকৈও অধিক লক্ষ্যত আঘাত কৰিবলৈ সক্ষম হৈছে ।

বাতৰিটোত প্ৰকাশ পোৱা অনুসৰি, ইজৰাইলৰ ওপৰত কৰা আক্ৰমণৰ মূল ষড়যন্ত্ৰকাৰী বুলি ধাৰণা কৰা হামাছৰ সামৰিক শাখাৰ মুৰব্বী মহম্মদ ডেইফৰ পিতৃৰ ঘৰটো নিৰাপত্তা বাহিনীয়ে বোমাৰে আক্ৰমণ কৰি ধ্বংস কৰিছে।

লগতে পঢ়ক: Israel Palestine conflict: তীব্ৰতৰ হৈছে ইজৰাইল-পেলেষ্টাইনৰ যুদ্ধ