North East Express Train Derails: বিহাৰত লাইনচ্যুত অসম অভিমুখী নৰ্থ ইষ্ট এক্সপ্ৰেছ, ৪ জনৰ মৃত্যু, আহত ১০০ জন

4 Dead 100 Injured After North East Express Train Derails In Bihar
বিহাৰত লাইনচ্যুত অসম অভিমুখী নৰ্থ ইষ্ট এক্সপ্ৰেছ

নেশ্যনেল ডেস্ক. ১২ অক্টোবৰ: দিল্লীৰ পৰা কামাখ্যালৈ আহি থকা অৱস্থাত বিহাৰত লাইনচ্যুত নৰ্থ ইষ্ট এক্সপ্ৰেছ ৰেলখন (North East Express Train Derails)। বুধবাৰে নিশা বিহাৰত গুৱাহাটী অভিমুখী ১২৫০৬ নম্বৰৰ নৰ্থ ইষ্ট এক্সপ্ৰেছ ৰে’লখন লাইচ্যুত হোৱাৰ ফলত কমেও চাৰিজন লোক নিহত হোৱাৰ লগতে প্ৰায় ১০০ জন লোক আহত হৈছে। এগৰাকী বিষয়াই জনোৱা মতে, বক্সাৰ সমীপৰ ৰঘুনাথপুৰ ষ্টেচনৰ কাষতে নিশা প্ৰায় ৯.৩৫ বজাত এই দুৰ্ঘটনাটো সংঘটিত হয় । দিল্লীৰ আনন্দ বিহাৰ টাৰ্মিনাছ(Anand Vihar Terminus in Delhi)ৰ পৰা যাত্ৰা কৰা ৰেলখনৰ গন্তব্যস্থান আছিল কামাখ্যা ৰেল জংচন।

কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী কুমাৰ চৌবে(Union Minister Ashwini Kumar Choubey)য়ে সংবাদ প্ৰতিষ্ঠানৰে হোৱা বাৰ্তালাপত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী(National and state disaster response forces)ৰ কেইবাটাও দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰা বুলি অৱগত কৰিছে। লগতে আহত লোকসকলক পাটনাস্থিত এইমছলৈ প্ৰেৰণ কৰা বুলিও তেওঁ জানিবলৈ দিয়ে।

দুৰ্যোগ ব্যৱস্থাপনা বিভাগ, স্বাস্থ্য বিভাগ, আৰু বক্সাৰ আৰু ভোজপুৰৰ জিলা বিষয়াসকলৰ সৈতে যোগাযোগত থকাৰ কথা উল্লেখ কৰি সাহায্য আৰু উদ্ধাৰৰ কাম ক্ষিপ্ৰতাৰে কৰি থকা বুলি বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱে(Bihar Deputy Chief Minister Tejashwi Yadav) জানিবলৈ দিয়ে ।

ইফালে অসমৰ মুখ্যমন্ত্রী কার্যালয়েও ৰঘুনাথপুৰত সংঘটিত এই দুর্ভাগ্যজনক ৰেল দুৰ্ঘটনাৰ ঘটনাটোৰ লগতে উদ্ধাৰ অভিযানক নিৰীক্ষণ কৰি থকা বুলি প্রকাশ কৰিছে ৷

মুখ্যমন্ত্রী কার্যালয়ে লগতে কয় যে, অসম চৰকাৰৰ তৰফৰ পৰা বক্সাৰৰ জিলা কৰ্তৃপক্ষ আৰু অন্যান্য সংস্থাসমূহৰ সৈতেও যোগাযোগত আছে।

ইতিমধ্যে ভাৰতীয় ৰেল বিভাগে মুকলি কৰি বহুকেইটা হেল্পলাইন নম্বৰ। সেই হেল্পলাইন নম্বৰকেইটা হৈছে — পাটনা: ৯৭৭১৪৪৯৯৭১, দনাপুৰ: ৮৯০৫৬৯৭৪৯৩, বাণিজ্যিক নিয়ন্ত্ৰণ: ৭৭৫৯০৭০০০৪, আৰা: ৮৩০৬১৮২৫৪২, নতুন দিল্লী -০১১২৩৩৪১০৭৪, ৯৭১৭৬৩১৯৬০, আনন্দ বিহাৰ টাৰ্মিনেল – ৯৭১৭৬৩২৭৯১ আৰু বাণিজ্যিক নিয়ন্ত্ৰণ বিভাগ – ৯৭১৭৬৩৩৭৭৯ ।

লগতে পঢ়ক: Preacher accused of sex crimes: যৌন নিৰ্যাতনৰ অপৰাধত স্বয়ম্ভু ধৰ্ম প্ৰচাৰকক আটক দিল্লী আৰক্ষীৰ