PM Modi Uttarakhand visit: উত্তৰাখণ্ড ভ্ৰমণৰ আৰম্ভনিতে প্ৰধানমন্ত্ৰীৰ পাৰ্বতী কুণ্ড দৰ্শন

PM Modi Uttarakhand visit On day-long visit to Uttarakhand PM Modi performs puja at Parvati Kund in Pithoragarh
উত্তৰাখণ্ড ভ্ৰমণৰ আৰম্ভনিতে প্ৰধানমন্ত্ৰীৰ পাৰ্বতী কুণ্ড দৰ্শন

নেশ্যনেল ডেস্ক, ১২ অক্টোবৰ: দেৱভূমি উত্তৰাখণ্ডৰ ভ্ৰমণৰ আৰম্ভনীতে বৃহস্পতিবাৰে পুৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী(Prime Minister Narendra Modi)য়ে পিথোৰাগড়ৰ পাৰ্বতী কুণ্ড দৰ্শন কৰাৰ লগতে কৰিলে পূজা অৰ্চনা (Parvati Kund in Pithoragarh)।

পাহাৰীয়া ৰাজ্যখনলৈ দিনজোৰা ভ্ৰমণত তেখেতৰ দিনযোৰা ব্যস্ততাৰ আৰম্ভনিতেই প্ৰধানমন্ত্ৰী মোদীয়ে পবিত্ৰ আদি-কৈলাশ(Holy Adi-Kailash)ৰ পৰা আশীৰ্বাদ বিচাৰিছিল। ইয়াৰ আধ্যাত্মিক গুৰুত্ব আৰু অসংমিশ্ৰিত আৰু শ্বাসৰুদ্ধকাৰী প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে এই স্থান বিশ্বজুৰি বিখ্যাত।

উত্তৰাখণ্ড ভ্ৰমণৰ আৰম্ভনিতে প্ৰধানমন্ত্ৰীৰ পাৰ্বতী কুণ্ড দৰ্শন

প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ তথ্য অনুসৰি, আজি পিথোৰাগড় জিলাৰ গুঞ্জি গাঁৱত উপস্থিত হৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে স্থানীয় লোকৰ সৈতে মত বিনিময় কৰাৰ লগতে স্থানীয় কলা আৰু শিল্পকৰ্মৰ ওপৰত আলোকপাত কৰা এখনি প্ৰদৰ্শনীও পৰিদৰ্শন কৰিব (PM Modi Uttarakhand visit)।

“তেখেতে সেনা, ভাৰত-তিব্বত সীমান্ত আৰক্ষী (Indo-Tibetan Border Police) আৰু সীমান্ত পথ সংস্থা (Border Roads Organisation)ৰ জোৱানসকলৰ সৈতেও মত বিনিময় কৰিব । ইয়াৰ পিছতে দুপৰীয়া প্ৰায় ১২ বজাত প্ৰধানমন্ত্ৰী মোডীয়ে আলমোৰা জিলাৰ জাগেশ্বৰৰ জাগেশ্বৰ ধামত উপস্থিত হৈ পূজা আৰু দৰ্শন কৰিব।” প্ৰায় ৬২০০ ফুট উচ্চতাত অৱস্থিত এই ধামত প্ৰায় ২২৪টা শিলৰ মন্দিৰ আছে।’- পিএমঅ’ৰ এক বিবৃতিত এই কথা উল্লেখ কৰা হৈছে।

উত্তৰাখণ্ড ভ্ৰমণৰ এই সময়চোৱাত প্ৰধানমন্ত্ৰী মোডীয়ে গ্ৰাম্য উন্নয়ন, পথ, বিদ্যুৎ, জলসিঞ্চন, খোৱাপানী, উদ্যান শস্য, শিক্ষা, স্বাস্থ্য আৰু দুৰ্যোগ ব্যৱস্থাপনাকে ধৰি বহুকেইটা খণ্ডত প্ৰায় ৪২০০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব ।

প্ৰধানমন্ত্ৰী কাৰ্যালয়ে জনোৱা মতে, যিবোৰ প্ৰকল্পৰ বাবে আধাৰশিলা স্থাপন কৰা হ’ব, সেইবোৰৰ ভিতৰত আছে ২১,৩৯৮টা পলি-হাউছ নিৰ্মাণৰ আঁচনি, যাতে ফুল আৰু শাক-পাচলিৰ উৎপাদিত সামগ্ৰী বৃদ্ধিৰ লগতে ইয়াৰ মান উন্নত কৰা হয় ।

তাৰোপৰি আপেলৰ খেতিৰ বাবে এখন আঁচনি, ৰাষ্ট্ৰীয় ঘাইপথৰ পথ উন্নীতকৰণৰ বাবে পাঁচটা প্ৰকল্প, ৰাজ্যখনত দুৰ্যোগৰ প্ৰস্তুতি আৰু মোকাবিলাৰ বাবে একাধিক পদক্ষেপ যেনে দলং নিৰ্মাণ, ডেৰাডুনত ৰাজ্যিক জৰুৰীকালীন অভিযান কেন্দ্ৰৰ উন্নীতকৰণ, ভূমিস্খলন প্ৰতিৰোধৰ বাবে পদক্ষেপ অন্যত্বম ।

প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ আনুষ্ঠানিক বিবৃতিটোত উল্লেখ কৰা অনুসৰি, প্ৰধানমন্ত্ৰী মোডীয়ে বালিয়ানালা আৰু নৈনিতালত ভূমিস্খলন প্ৰতিৰোধৰ পদক্ষেপ, অগ্নি নিৰ্বাপন, স্বাস্থ্য আৰু বনাঞ্চল সম্পৰ্কীয় অন্যান্য আন্তঃগাঁথনিৰ উন্নয়ন, ৰাজ্যখনৰ ২০ খন মডেল ডিগ্ৰী কলেজত হোষ্টেল আৰু কম্পিউটাৰ লেব নিৰ্মাণ, আলমোৰাৰ সোমেশ্বৰত ১০০খন বিচনাযুক্ত মহকুমা চিকিৎসালয় স্থাপন, চম্পাৱতত ৫০খন বিচনাযুক্ত চিকিৎসালয় স্থাপন, নৈনিতালৰ হালদ্বানী ষ্টেডিয়ামৰ এষ্ট্ৰ’টাৰ্ফ হকী খেলপথাৰ নিৰ্মাণ, ৰুদ্ৰপুৰৰ ভেলোড্ৰম ষ্টেডিয়াম নিৰ্মাণ, জাগেশ্বৰ ধাম (আলমোৰা), হাট কালিকা (পিথোৰাগড়) আৰু নৈনা দেৱী (নৈনিতাল) মন্দিৰকে ধৰি বহুকেইটা মন্দিৰৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে মানসখণ্ড মন্দিৰ মালা মিছন আঁচনিৰ অধীনত ইয়াৰ আধাৰশিলা স্থাপন কৰিব ।

লগতে পঢ়ক: North East Express Train Derails: বিহাৰত লাইনচ্যুত অসম অভিমুখী নৰ্থ ইষ্ট এক্সপ্ৰেছ, ৪ জনৰ মৃত্যু, আহত ১০০ জন