Durga Puja 2023: এইবাৰ দেৱী দুৰ্গাৰ আগমন আৰু গমন কিহত হ’ব ?

Durga Puja 2023 Lets learn about arrival and departure of Goddess Durga this year
Durga Puja 2023: এইবাৰ দেৱী দুৰ্গাৰ আগমন আৰু গমন কিহত হ'ব ?

নিউজ ডেস্ক, ১২ অক্টোবৰ: শৰৎ মানেই যেন পূজাৰ বতৰা (Durga Puja 2023)। সেয়েহে দুৰ্গা পূজাৰ প্ৰস্তুতিক লৈ এতিয়া সৰ্বত্ৰে ব্যস্ততা(Preparations for Durga Puja)। পূজালৈ মাজত আছে মাথো মাত্ৰ কেইটামান দিন । তাৰ পাছতে পূজাৰ আনন্দত সকলোতে বিৰাজ কৰিব এক উখল-মাখল পৰিৱেশে ।

পিছে আপুনি বাৰু জানেনে, এইবাৰ মা দুৰ্গাই ধৰাৰ বুকুলৈ কিহত আহিব আৰু কিহেৰে কিহত গমন কৰিব (Arrival and departure of Goddess Durga) ?

পঞ্জিকা অনুসৰি, এইবাৰ দেৱী দুৰ্গাৰ আগমন আৰু গমন দুয়োটাই ঘোঁৰাত হ’ব, অৰ্থাৎ এইবাৰ ‘ছত্ৰভংগ’ হ’ব।

দুৰ্গা পূজাৰ ষষ্ঠী : এইবাৰ দুৰ্গা পূজাৰ ষষ্ঠী পৰিছে ২০ অক্টোবৰত অৰ্থাৎ এইমাহৰ তৃতীয়টো শুকুৰবাৰে। সেইদিনা পুৱা মা দুৰ্গাৰ ষষ্ঠ্যদিকল্পনাৰম্ভ আৰু ষষ্ঠীৰ বিহিত আৰম্ভ পূজা হ’ব। সন্ধিয়ালৈ দেৱী দুৰ্গাৰ বোধন, আমন্ত্ৰণ আৰু অধিবাস হ’ব ।

দুৰ্গা পূজাৰ সপ্তমী : ২১ অক্টোবৰ, শনিবাৰ হৈছে পূজাৰ সপ্তমী দিন। সেইদিনা দুৰ্গা দেৱীৰ নৱপত্ৰিকা প্ৰৱেশ, স্থাপন, সপ্তম্যাদিকল্পাৰম্ভ আৰু পূজা প্ৰশস্তা হ’ব। দেৱীৰ অৰ্ধৰাত্ৰ বিহিত পূজা হ’ব এই সপ্তমীতে।

দুৰ্গা পূজাৰ অষ্টমী : ২২ অক্টোবৰ, দেওবাৰে অষ্টমী। সেইদিনা মা দুৰ্গাৱৰ মহাষ্টম্যাদী কল্পাৰম্ভ আৰু মহাষ্টমীৰ বিহিত পূজা আয়োজিত হ’ব। সেইদিনা অনুষ্ঠিত হ’ব সন্ধি পূজাৰ লগতে বলিদান।

দুৰ্গা পূজাৰ নৱমী : ২৩ অক্টোবৰ, সোমবাৰে হ’ব নৱমী। সেইদনা মহানৱমীকল্পাৰম্ভ আৰু মহানৱমীৰ বিহিত পূজা হ’ব। দেৱীৰ নৱৰাত্ৰিক ব্ৰত সমাপ্ত হ’ব এই মহানৱমীত।

দুৰ্গা পূজাৰ বিজয়া দশমী : ২৪ অক্টোবৰ, মঙলবাৰে পৰিছে বিজয়া দশমী। সেইদিনা দেৱী দুৰ্গাক বিসৰ্জন কৰা হ’ব। দুৰ্গা দেৱীৰ দশমীৰ বিহিত পূজা সমাপনৰ অন্তত হ’ব নিৰঞ্জন প্ৰশস্তা। নিৰঞ্জনৰ পিছতে অপৰাজিতা পূজা আৰু লগে লগে আৰু এটা বছৰৰ অপেক্ষাৰে ভক্তসকলে বিদায় দিব দেৱী দুৰ্গাক।

লগতে পঢ়ক: PM Modi Uttarakhand visit: উত্তৰাখণ্ড ভ্ৰমণৰ আৰম্ভনিতে প্ৰধানমন্ত্ৰীৰ পাৰ্বতী কুণ্ড দৰ্শন