Operation Ajay: বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ সভাপতিত্বত “অপাৰেচন অজয়”ৰ প্ৰস্তুতিৰ পৰ্যালোচনা

EAM S Jaishankar reviews preparations for Operation Ajay registration for Indians in Israel begins
Operation Ajay: বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ সভাপতিত্বত "অপাৰেচন অজয়"ৰ প্ৰস্তুতিৰ পৰ্যালোচনা

নতুন দিল্লী, ১২ অক্টোবৰ: ইজৰাইলত আবদ্ধ হৈ থকা ভাৰতীয় নাগৰিকসকলক ঘূৰাই অনাৰ বাবে ভাৰত চৰকাৰে আৰম্ভ কৰা “অপাৰেচন অজয়”ৰ(Operation Ajay) প্ৰস্তুতি সন্দৰ্ভত আজি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ সভাপতিত্বত এখনি পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয় (External Affairs Minister S Jaishankar chaired a meeting)।

এক সূত্ৰৰ পৰা জানিব পৰা মতে, বৃহস্পতিবাৰৰ পৰা ইজৰাইলত থকা ভাৰতীয় নাগৰিকসকলৰ পঞ্জীয়নৰ কাম আৰম্ভ হৈছে।

ইজৰাইল-হামাছৰ মাজত চলি থকা যুদ্ধ(War between Israel and Hamas)ৰ ফলত দেশখনত আবদ্ধ হৈ পৰা ভাৰতীয় নাগৰিকসকলক(Indian citizens stuck in Israel) স্বদেশলৈ ঘূৰাই অনাৰ বাবে ভাৰত চৰকাৰে বুধবাৰৰ পৰা আৰম্ভ কৰিছিল ‘অপাৰেচন অজয়’ ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ চৰকাৰী মুখপাত্ৰ অৰিন্দম বাগচি(MEA Official Spokesperson Arindam Bagchi)য়ে তেওঁৰ ছ’চিয়েল মিডিয়া ছাইট ‘এক্স’ত উল্লেখ কৰে যে, ভাৰতীয় নাগৰিকসকলক স্বদেশলৈ উভতি অহাত সহায় কৰিবলৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ দলটো বৰ্তমান সাজু ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইজৰাইলত আৱদ্ধ ভাৰতীয় নাগৰিকসকলক ঘূৰাই আনিবলৈ অপাৰেচন অজয় মুকলি দিয়াৰ পাছতেই বৃহস্পতিবাৰে ভাৰতীয়সকলৰ পঞ্জীয়ন আৰম্ভ হোৱা বুলি এটা সূত্ৰই জানিবলৈ দিছে (Prime Minister Narendra Modi launched Operation Ajay)।

ইজৰাইলত প্ৰায় ১৮,০০০ ভাৰতীয় নাগৰিক আছে আৰু ইয়াৰ ভিতৰত এহাজাৰ ভাৰতীয় শিক্ষাৰ্থী থকা বুলি মধ্য পশ্চিম ভাৰতত থকা ইজৰাইলৰ কনছুলেট জেনেৰেল কোব্বি শোশানীয়ে(Israels Consulate General to Midwest India Kobbi Shoshani) জানিবলৈ দিছে। লগতে কনছুলেট জেনেৰেল গৰাকীয়ে বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ‘অপাৰেচন অজয়’ আৰম্ভ কৰাৰ বাবে অভিনন্দন জনায়, যাৰ অধীনত ভাৰতে ইজৰাইলত প্ৰায় ১৮ হাজাৰ ভাৰতীয়ক ঘূৰাই অনাৰ পৰিকল্পনা কৰিছে।

শ্বোছানীয়ে আৰু জোৰ দি কয় যে ইজৰাইলত থকা ভাৰতীয় ব্যৱসায়ী সমাজক ইজৰাইলে ভাল পায় আৰু সন্মান কৰে, কাৰণ তেওঁলোকে দেশখনৰ অৰ্থনীতিৰ ক্ষেত্ৰখনত বহুখিনি অৰিহণা যোগাই আহিছে ।

বিষয়াগৰাকীৰ মতে, বৃহস্পতিবাৰে সন্ধিয়ালৈ টেল আভিভৰ পৰা প্ৰথমখন বিমান যাত্ৰা কৰাৰ সম্ভাৱনা আছে।

আনহাতে ইজৰাইলত থকা ভাৰতীয় দূতাবাসে তেওঁলোকৰ ছ’চিয়েল মিডিয়াৰ ছাইটত এটা আপডেট শ্বেয়াৰ কৰি উল্লেখ কৰে যে, মিছনৰ উপ-প্ৰধান ৰাজীৱ বোদৱাদে আৰু বাণিজ্যিক প্ৰতিনিধি নবীন ৰামকৃষ্ণই ইজৰাইলত থকা ভাৰতীয় কোম্পানীসমূহৰ সৈতে মত বিনিময় কৰি সম্ভাৱ্য সকলো সহায় আগবঢ়োৱাৰ বাবে বাৰ্তালাপ কৰিছে।

ইয়াৰ পূৰ্বে বুধবাৰে ইজৰাইলত বাস কৰা ভাৰতীয় প্ৰবাসী সকললৈ এক বাৰ্তাত ইজৰাইলত থকা ভাৰতীয় ৰাষ্ট্ৰদূত সঞ্জীৱ চিংলাই কয় যে পৰিস্থিতি “অতি নিবিড়ভাৱে” নিৰীক্ষণ কৰি থকা হৈছে হৈছে আৰু ভাৰতীয় নাগৰিকসকলক সুৰক্ষিত ৰখাৰ বাবে দূতাবাসে দিনে-নিশাই কাম কৰি আছে।

তেওঁ লগতে কয় যে, আমি সকলোৱে অতি কঠিন সময়ৰ মাজেৰে পাৰ হৈছো । অনুগ্ৰহ কৰি শান্ত আৰু সজাগ হৈ থাকক আৰু স্থানীয় সুৰক্ষা প্ৰট’কলসমূহ পালন কৰি সুৰক্ষা আশ্ৰয় শিবিৰৰ কাষত থাকক ।

ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধ তীব্ৰতৰ হোৱাৰ পাছতেই ইজৰাইলত থকা ভাৰতীয় দূতাবাসে ভাৰতীয় নাগৰিকৰসকলৰ সহায়ৰ লগতে দূতাবাসত পঞ্জীয়নৰ বাবে হেল্পলাইন নম্বৰো মুকলি কৰি দিছে । সেইয়া হৈছে +৯৭২-৩৫২২৬৭৪৮ আৰু +৯৭২-৫৪৩২৭৮৩৯২ অথবা cons1.telaviv@mea.gov.in ।