Push-Pull Loco: ভাৰতীয় ৰে’লৱেত নতুন সংযোজন Push-Pull Loco ইঞ্জিন সংলগ্ন ৰে’ল, ৰেল মন্ত্ৰীয়ে শ্বেয়াৰ কৰিলে প্ৰথমখন ফটো

New addition to Indian Railways Push-Pull Loco first picture shared by Railway Minister
ভাৰতীয় ৰে'লৱেত নতুন সংযোজন Push-Pull Loco ইঞ্জিন সংলগ্ন ৰে'ল, ৰেল মন্ত্ৰীয়ে শ্বেয়াৰ কৰিলে প্ৰথমখন ফটো

নতুন দিল্লী, ১২ অক্টোবৰ: অতিমাত্ৰা তেল খৰচ হোৱা পুৰণি কলীয়া সেই পাৱাৰ জেনেৰেটৰ চালিত ৰে’ল ইঞ্জিন(Diesel engine generator) এতিয়া অতীত হোৱাৰ পথত। ভাৰতীয় ৰে’লৱেত নতুনকৈ সংযোজন হ’বলৈ গৈ আছে পুছ-পুল ল’কো(Push-Pull Loco) ইঞ্জিন সংযোজিত ৰে’লসেৱা। এই ল’কো ইঞ্জিন প্ৰতিখন ৰে’লৰ দুয়োটা মূৰত সংলগ্ন কৰা হ’ব। এই ল’কো ইঞ্জিনটো অচিৰেই ভাৰতীয় ৰেলৱেত সংযোজন কৰা হ’ব । বুধবাৰে কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে(Railway Minister Ashwini Vaishnaw) এই পুছ-পুল ল’কোৰ প্ৰথমখন ছবি তেওঁৰ X হেণ্ডেলত পোষ্ট কৰে।

ৰে’ল যাত্ৰীৰ সুবিধাৰ সমান্তৰালকৈ ভাৰতীয় ৰে’লৱেই(Indian Railways) আধুনিক প্ৰযুক্তিৰ সংযোজনৰ ওপৰতো গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হৈছে । ইয়াৰ শেহতীয়া উদাহৰণ হৈছে পুছ-পুল ল’কো। এই অত্যাধুনিক ৰে’লখনৰ দুয়োটো মূৰত থাকিব দুটা লোকোমোটিভ অৰ্থাৎ ইঞ্জিন । এই ল’কোমোটিভৰ দ্বাৰা ৰে’লখনক দুয়োফালৰ পৰাই টানিব পৰা যাব। অৰ্থাৎ কোনো এটা গন্তব্যস্থান পোৱাৰ পিছত এতিয়া ইঞ্জিন সলনি কৰাৰ প্ৰয়োজন নাথাকিব । ৰে’লৰ সন্মুখ অথবা শেষৰফালে সংলগ্ন ল’কোমোটিভে পুনৰ যিফালে যাব লাগে সেইফালেই লৈ যাব। বৰ্তমান এই পুছ-পুল ল’কো ইঞ্জিনবোৰ চিত্তৰঞ্জন ল’কোমোটিভত নিৰ্মাণ কৰি থকা হৈছে।

ভাৰতীয় ৰে’লৱেৰ তথ্য অনুসৰি দ্বিতীয় শ্ৰেণীৰ শ্লীপাৰ ডবা আৰু দ্বিতীয় শ্ৰেণীৰ অসংৰক্ষিত ডবাসমূহো উন্নীত কৰা হ’ব। এই নতুন ডবাসমূহ বৰ্তমান চেন্নাইৰ ইন্টিগ্ৰেল ক’চ ফেক্টৰীত নিৰ্মাণ কৰি থকা হৈছে। যদিও নতুন ৰে’লখনৰ নাম এতিয়াও নিৰ্ধাৰণ হোৱা নাই, তথাপিও ইয়াত বন্দে ভাৰতৰ দৰেই বহুকেইটা সুবিধা উপলব্ধ হ’ব বুলি জানিব পৰা গৈছে।

ৰে’লৱেৰ সূত্ৰৰ পৰা জানিব পৰা মতে, এই নতুন অত্যাধুনিক ৰে’লৰ নিৰ্মাণৰ কাম বৰ্তমানেও অব্যাহত আছে। যদি সকলো পৰিকল্পনা অনুসৰি হয়, তেন্তে অক্টোবৰৰ মাজভাগলৈকে পুছ-পুল আপগ্ৰেডেড শ্লীপাৰ ৰে’লখন সাজু হৈ উঠিব আৰু চলিত বৰ্ষৰ শেষৰফালেই ৰে’লসমূহত এই পুছ-পুল ল’কোমোটিভ সংযোজন ঘটিব পাৰে ।

লগতে পঢ়ক: Operation Ajay: বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ সভাপতিত্বত “অপাৰেচন অজয়”ৰ প্ৰস্তুতিৰ পৰ্যালোচনা