India vs Pakistan World Cup 2023: পাকিস্তানৰ বিৰুদ্ধে আজি শুবমন গিলে খেলিবনে?

আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত আৰু পাকিস্তানৰ হাইভল্টেজ খেলখন (India vs Pakistan World Cup 2023) । ক্ৰিকেট বিশ্বকাপৰ বহু প্ৰত্যাশিত এই খেলখনক লৈ ক্ৰিকেট প্ৰেমীসকলৰ মাজত পাৰ নোপোৱা চৰ্চা ।

কিন্তু ভাৰতীয় দলৰ অ’পেনিং বেটছমেন শুবমান গিলে খেলিব নে নেখেলে তাক লৈয়ো ক্ৰীড়া প্ৰেমী ৰাইজৰ মাজত এতিয়াও বহু প্ৰশ্ন উত্থাপন হৈ আছে (ICC world cup) ।

শেহতীয়াকৈ ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰোহিন শৰ্মাই শুবমন গিলৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে (Major update on Shubman Gill) । এই খেলখনৰ পূৰ্বে হোৱা সংবাদমেলত অধিনায়ক ৰোহিত শৰ্মাই কয়, পাকিস্তানৰ বিৰুদ্ধে শুবমান গিলে খেলাৰ ৯৯ শতাংশ সম্ভাৱনা আছে । খেলখনৰ প্ৰাকমূহুৰ্তত শুবমন গিল দলৰ প্ৰথম ১১ জনৰ খেলুৱৈ ভিতৰত অন্তৰ্ভূক্ত হ’ব নে নহয় সেই সন্দৰ্ভত সিদ্ধান্ত লোৱা হ’ব ।

উল্লেখযোগ্য যে, ডেংগুত আক্ৰান্ত হৈ শুবমন গিল চেন্নাইত চিকিৎসাধীন হৈ আছিল । যাৰ বাবে গিলে বিশ্বকাপৰ প্ৰথন দুখন খেল অষ্ট্ৰেলিয়া আৰু আফগানিস্তানৰ বিৰুদ্ধে খেলিব পৰা নাছিল ।

লগতে পঢ়ক: Impact of spirituality on youth: যুৱ মানসিকতা আৰু তাৰ ওপৰত আধ্যাত্মিকতাৰ প্ৰভাৱ