Journalist killed in Lebanon: ইজৰাইলৰ মিচাইল আক্ৰমণত ৰয়টাৰৰ এগৰাকী সাংবাদিক নিহত, আহত ৬ সাংবাদিক

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৪ অক্টোবৰ: ইজৰাইল আৰু হামাছৰ যুদ্ধৰ ফলস্বৰূপে সাংঘাটিক ধৰণেৰে আতংকই বিৰাজ কৰিছে দক্ষিণ লেবাননত (Israel Hamas war) । শেহতীয়াকৈ শুকুৰবাৰে ইজৰাইলে নিক্ষেপ কৰা ক্ষেপণাস্ত্ৰৰ আক্ৰমণৰ ফলত দক্ষিণ লেবাননত সংবাদ প্ৰতিষ্ঠান ৰয়টাৰৰ এগৰাকী সাংবাদিক নিহত হোৱাৰ লগতে আহত হয় আন ৬ গৰাকীকৈ সাংবাদিক (Reuters journalist killed, 6 wounded in shelling in Lebanon)।

ৰয়টাৰত প্ৰকাশিত খবৰ অনুসৰি, ৰয়টাৰ, আল জাজিৰা, এজেন্স ফ্ৰান্সকে ধৰি বহুকেইটা সংবাদ মাধ্যমৰ পৰা যোৱা সাংবাদিকৰ দলটোৱে ইজৰাইল সীমান্তৰ আলমা আল-ছাবৰ ওচৰত বাতৰি সংগ্ৰহ কৰি আছিল । সেই সময়তে ইজৰাইলৰ ফালৰ পৰা অহা এটা ক্ষেপণাস্ত্ৰ বিস্ফোৰণৰ ফলত ঘটনাস্থলীতে এগৰাকী সাংবাদিকে প্ৰাণ হেৰুৱাবলগীয়া হোৱাৰ লগতে আন ছয়গৰাকী সাংবাদিক আহত হয়। ইতিমধ্যে এই ঘটনা সন্দৰ্ভত লেবাননৰ প্ৰধানমন্ত্ৰী নাজিব মিকাটিৰ লগতে হিজবুল্লাহৰ এজন সাংবাদিকে ইজলাইক জগৰীয়া কৰিছে ।

মনকৰিবলগীয়া যে, এই ঘটনা সন্দৰ্ভত এতিয়ালৈকে ইজৰাইলৰ প্ৰতিৰক্ষা বিভাগে কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই (Israel Palestine conflict)। শুকুৰবাৰে ইজৰাইলৰ ৰাষ্ট্ৰসংঘৰ দূত গিলাড এৰডানে কয়, “নিশ্চিতভাৱে সাংবাদিক আঘাতপ্ৰাপ্ত আৰু নিহত হোৱোতো আমি নিবিছাৰো । আমি যুদ্ধৰ মাজত আছো । গতিকে এই সন্দৰ্ভত দেশে তদন্ত কৰিব ।”

এই ঘটনাৰ সন্দৰ্ভত ৰয়টাৰে এক বিবৃতি প্ৰকাশ কৰি কয়,  “নিহত হোৱা সাংবাদিকগৰাকীৰ নাম ইছাম আব্দুল্লা । তেওঁ এগৰাকী ফটো সাংবাদিক আছিল । ৰয়টাৰৰ দাবী অনুসৰি লাইভ ভিডিঅ’ কভাৰেজৰ সময়তে ছাম আব্দুল্লাক হত্যা কৰা হৈছে (Reuters video journalist Issam Abdallah killed) ।”

“সংবাদ প্ৰতিষ্ঠানলৈ লাইভ ভিডিঅ’ৰ চিগনেল প্ৰেৰণ কৰি থকাৰ সময়ত আব্দুল্লাই কেমেৰাটো পাহাৰৰ ধাল এটাৰ ফালে মূখ কৰাইছিল। ঠিক সেই সময়তে এটা ভয়াৱহ বিস্ফোৰণে কেমেৰাটো জোকাৰি যায় । লগে লগে সেই স্থানৰ আকাশ বতাহ ধোঁৱাৰে ভৰি পৰে আৰু সকলোৱে চিঞৰ বাখৰ কৰবলৈ আৰম্ভ কৰে ।” বিবৃতিটোত ৰয়টাৰে এইদৰে উল্লেখ কৰে।

এছ’চিয়েটেড প্ৰেছ আৰু আল জাজিৰাকে ধৰি অন্যান্য সংবাদ মাধ্যমৰ মতে এই ক্ষেপণাস্ত্ৰ ইজৰাইলৰ । কিন্তু ৰয়টাৰে সন্দেহ কৰা মতে এই ক্ষেপণাস্ত্ৰসমূহ প্ৰকৃততে ইজৰাইলে নিক্ষেপ কৰিছিল নে নাই সেইটো এতিয়াও স্পষ্ট নহয় ।

সংবাদ প্ৰতিষ্ঠান আল জাজিৰাই এক বিবৃতিত উল্লেখ কৰে যে, এই কাণ্ডত তেওঁলোকৰ দুজন সাংবাদিক আহত হৈছে । ইয়াৰ বাবে ইজৰাইলক দোষাৰোপ কৰি কয় যে “এই অপৰাধমূলক কাৰ্য্য”ৰ আঁৰৰ সকলোকে জবাবদিহি কৰা উচিত। আমাৰ দলটোৱে বাকী আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সৈতে দৃশ্যগ্ৰহণ কৰি থকাৰ সময়তে আমাৰ সম্প্ৰচাৰ বাহনখন বোমা বিস্ফোৰণ কৰি সম্পূৰ্ণৰূপে ধ্বংস কৰি দিয়ে ।

লগতে পঢ়কঃ Israel carrying out strikes in Lebanon: এণ্টি টেংক মিছাইল আক্ৰমণৰ প্ৰতিশোধ স্বৰূপে এইবাৰ লেবাননত ইজৰাইলৰ আক্ৰমণ