Impact of spirituality on youth: যুৱ মানসিকতা আৰু তাৰ ওপৰত আধ্যাত্মিকতাৰ প্ৰভাৱ

Impact of spirituality on youth Youth mentality and its influence on spirituality
Impact of spirituality on youth: যুৱ মানসিকতা আৰু তাৰ ওপৰত আধ্যাত্মিকতাৰ প্ৰভাৱ

বৰ্তমান সময়ক কোৱা হয় ভোগ সৰ্বস্ব সময়। ভোগবাদী প্ৰৱণতাই সকলোকে গ্ৰাস কৰাৰ অভিযোগ সৰ্বত্ৰে। ভোগবাদৰ লগে লগে চূড়ান্তভাৱে অৱনমিত হৈছে নৈতিকতা আৰু সামাজিক প্ৰমূল্যবোধ। আধুনিক সমাজ ব্যৱস্থা, অতি আধুনিক মনোভাব, তথ্য আৰু প্ৰযুক্তিবিদ্যাৰ শীৰ্ষলৈ আৰোহণ, ব্যক্তিকেন্দ্ৰিকতা, ব্যক্তি স্বাৰ্থ আদিয়ে বৰ্তমান সমাজৰ একোটা উপাদান হিচাপে ক্ৰিয়া কৰিব লৈছে আৰু ক’ব নোৱাৰাকৈয়ে আমি প্ৰতিদিনে তাৰ মোহাচ্ছন্ন হৈ পৰিছোঁ। যিখন সমাজক আমি এটা বৃহত্তৰ পৰিয়াল হিচাপে এটা সময়ত আমি গণ্য কৰিছিলোঁ, সেইখন সমাজ এতিয়া আমাৰ বাবে খণ্ড বিখণ্ড হৈ পৰিছে, সংকীৰ্ণ হৈ পৰিছে। ইয়াৰ কাৰণ নিশ্চয় আমাৰ সংকীৰ্ণ মানসিকতা(Narrow mindedness)।

কিন্তু বৰ্তমানৰ এই ভোগবাদী সমাজত যুৱ প্ৰজন্মৰ ভৱিষ্যত কি? বহুতেই বৰ্তমান সময়ত যুৱ মানসিকতাৰ ওপৰত আলোচনা কৰে, যুৱ মানসিকতাৰ স্খলন হোৱা বুলি সমালোচনা কৰে। কিন্তু যুৱ মানসিকতাক সমালোচনা কৰাৰ পূৰ্বে সেই স্খলিত যুৱ মানসিকতাৰ বাবে ক্ৰিয়াশীল কাৰকসমূহ নিশ্চয় অনুধাৱন কৰাটো উচিত হ’ব (Functional factors of degenerative youth mentality)। কাৰণ যুৱ মানসিকতাৰ বিপথগামিতাৰ অন্তৰালত নিহিত হৈ আছে ওপৰত উল্লেখিত উপদানবোৰ। গতিকে আমি সঠিক আৰু শুদ্ধ যুৱ মানসিকতা গঢ় দিবলৈ হ’লে প্ৰথমতে ইয়াত প্ৰভাৱ পেলাব পৰা কাৰকসমূহৰ বিষয়ে চর্চা কৰিব লাগিব, সেইবোৰৰ পৰা যুৱ প্ৰজন্মক কেনেদৰে আঁতৰাই ৰাখিব পাৰি তাৰ পথ উলিয়াব লাগিব।

সুস্থ যুৱ মানসিকতাৰ বাবে সুস্থ দিকদর্শন দিব লাগিব(Healthy guidance for healthy youth mindset)। এটা কথা মনত ৰখা ভাল যে যুৱক-যুৱতীসকল হৈছে একপ্ৰকাৰ সাগৰত মেলি দিয়া গুৰিয়ালহীন নাৱৰ দৰে। যিফালেই বতাহৰ সোঁত বব, সেইফালেই নাৱে গতিপথ ল’ব। সেয়ে যুৱ প্ৰজন্মক গুৰিয়ালহীন নাৱৰ দৰে এৰি দিয়াটো উচিত নহয়। এইক্ষেত্ৰত পৰিয়াল তথা অভিভাৱকৰ যেনেদৰে দায়িত্ব আছে, ঠিক তেনেদৰে সমাজৰো দায়িত্ব আছে। পৰিয়াল তথা সমাজৰ যৌথ প্ৰচেষ্টাত এক সুস্থ যুৱ মানসিকতা গঢ়ি তোলাটো সম্ভৱ।

প্ৰথম কথা হ’ল ঘৰখন। এখন ঘৰৰ পৰিৱেশে কৈশোৰ অৱস্থাৰ পৰাই তেওঁলোকক প্ৰভাৱিত কৰে। সুস্থ, সাংস্কৃতিক আৰু আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰা এখন ঘৰৰ সন্তান কেতিয়াও বিপথগামী হ’ব নোৱাৰে। যিখন ঘৰত সদায় সুস্থ চিন্তা-চৰ্চা হয়, এটা সংস্কৃতিবান পৰিৱেশ বিৰাজ কৰি থাকে, য’ত তন মনৰ সুস্থ বিকাশ আৰু সামাজিক দায়বদ্ধতাৰ ওপৰত আধ্যাত্মিক দৰ্শন চৰ্চিত হয়, তেনে ঘৰৰ সন্তানৰ মানসিকতা সদায় উচ্চ স্তৰৰ হ’ব।

সেয়ে পিতৃ-মাতৃয়ে সন্তানৰ ক্ষেত্ৰত সদায় কেইটামান কথাত গুৰুত্ব প্ৰদান কৰিব লাগে। প্ৰথম কথাটো হৈছে চৰিত্ৰ পাঠ। সৎ চৰিত্ৰৰ লোকৰ মানসিকতাও সদায় সৎ হয়। সেয়ে চৰিত্ৰৰ ওপৰত অতি তীক্ষ্ণ দৃষ্টি ৰখাটো অভিভাৱকৰ কৰ্তব্য। কিন্তু কেৱল চৰিত্ৰৱান হ’বলৈ উপদেশ দিয়াটোৱেই শেষ দায়িত্ব নহয়। ইয়াৰ বাবে পিতৃ-মাতৃ তথা পৰিয়ালৰ সদস্যসকলেও এই আদৰ্শ প্ৰতিফলিত কৰিব লাগিব।
সন্তানক যিমান সম্ভৱ সময় দিব লাগে অভিভাৱকে। কাৰণ অভিভাৱকৰ পৰা অৱহেলিত সন্তান সদায় বিপথগামী হোৱাৰ সম্ভাৱনা বেছি থাকে (Children neglected by their parents always go astray)।

বৰ্তমান কৰ্তব্যৰ অজুহাতত বহু পিতৃ-মাতৃয়ে নিজ সন্তানক আনৰ হাতত গতাই থৈ ঘণ্টাৰ পিছত ঘণ্টা আঁতৰত থাকে। আনকি কেতিয়াবা টোপনিৰ পৰা সাৰ নাপাওঁতেই ঘৰৰ পৰা ওলাই গৈ পুনৰ বিছনাত পৰাৰ পিছতহে বহু অভিভাৱক আহি ঘৰ সোমায়। তেনে ক্ষেত্ৰত সন্তানৰ মানসিক অৱস্থাত বিৰূপ প্ৰভাৱ পৰে। সেয়ে যেনেদৰেই নহওক, অভিভাৱকে সন্তানৰ বাবে সময় উলিওৱাটো অন্যতম দায়িত্ব।

সন্তান যিমানেই ডাঙৰ নহওক কিয়, পিতৃ-মাতৃয়ে অন্তত দিনটোত এবাৰ হ’লেও বুকুৰ মাজত সুমুৱাই লৈ সাৱটি ধৰিব লাগে। সন্তানৰ বুকুৰ উমে পিতৃ-মাতৃক আৰু পিতৃ-মাতৃৰ বুকুৰ উমে সন্তানক এক অনাবিল আনন্দ আৰু অনন্য প্ৰশান্তি দিয়ে। লগতে তেনে কৰিলে সন্তানৰ পৰা বিচ্ছেদিত হোৱাৰ সম্ভাৱনীয়তাও বহুখিনি কমে। এয়া গৱেষণাৰ পৰা লাভ কৰা তথ্য।

আজিকালি আধুনিকতাৰ নামত আমাৰ প্ৰায়বোৰ ঘৰতে কিছুমান অশুভ পৰম্পৰা গা কৰি উঠিছে। সেইবোৰৰ পৰা যিমান পাৰি আঁতৰি থাকিব লাগে। মনত ৰাখিব, ঘৰত আয়োজিত অনুষ্ঠানবোৰত সদায় সুস্থ সাংস্কৃতিক বাতাবৰণ অক্ষুণ্ণ থাকিব লাগে। যিকোনো বিজতৰীয়া উপাদানৰ পৰা সন্তানক আঁতৰাই ৰাখিব লাগে।

সন্তানে পিতৃ-মাতৃ তথা জ্যেষ্ঠজনৰ ভৰি স্পৰ্শ কৰি আশীৰ্বাদ লোৱাটো আমাৰ ভাৰতীয় সংস্কৃতিৰ এক অনন্য পৰম্পৰা। এই পৰম্পৰাৰ আঁৰত লুকাই আছে অন্য এক দর্শনো। জ্যেষ্ঠজনক ভৰি চুই সেৱা কৰাৰ পৰম্পৰা ৰক্ষা কৰিব পাৰিলে যুৱ প্ৰজন্মৰ অৱক্ষয় ৰোধ কৰিব পৰা যাব বুলি বিভিন্ন দৰ্শনত ইতিমধ্যে প্ৰকাশ পাইছে। সেয়ে ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত সন্তানক এবাৰ বুকুৰ সংস্পৰ্শলৈ অনা বা সন্তানে সেৱা জনোৱাটো দৈনন্দিন অভ্যাসত পৰিণত কৰিব লাগে।

সন্তানে হওক বা ঘৰৰ অন্য সদস্য, ঘৰৰ পৰা ক’ৰাবলৈ ওলাই যোৱাৰ সময়ত ঘৰটোৰ ফালে চাই এটা প্ৰণাম জনোৱাটো এক আধ্যাত্মিক দৰ্শন। ইয়াৰ দ্বাৰা নিজৰ ঘৰখনৰ প্ৰতি এইটো কৃতজ্ঞতা প্ৰকাশ কৰা হয় যে তোমাৰ ছত্রছায়াতে কুশলে আছোঁ আৰু ভালে-কুশলে আহি যেন পুনৰ তোমাৰ ছত্রছায়াতে থাকিব পাৰো। এই আধ্যাত্মিক দৰ্শনে মানুহক বিপথগামিতাৰ পৰা বহুখিনি ৰক্ষা কৰে বুলি কোৱা হয়(Spiritual philosophy saves people a lot)।

আমাৰ প্ৰায়বোৰ ঘৰতে নামঘৰ, মন্দিৰ বা চুবুৰী বা গাঁৱত নামঘৰ, মন্দিৰ বা মছজিদ আদি আছে। আমি জ্যেষ্ঠসকলে কৰাৰ দৰে কনিষ্ঠসকলকো উক্ত উপাসনাস্থলীবোৰক শ্ৰদ্ধা আৰু প্ৰণিপাত জনাবলৈ শিকাব লাগে(Impact of spirituality on youth)। পুৱা-গধূলি বা প্ৰয়োজনীয় সময়ত উপাসনাস্থলীত গৈ নিৰ্দিষ্ট অনুষ্ঠানত অংশগ্ৰহণ কৰা, ঘৰৰ পৰা ওলোৱা-সোমোৱা কৰোতে সেইবোৰৰ প্ৰতি শ্ৰদ্ধাশীলভাৱে শিৰ নত কৰা অভ্যাস গঢ় দিবলৈ চেষ্টা কৰিব লাগে (Spirituality important in youth development)।

আনহাতে, ঘৰত মাজে-সময়ে কিছুমান আধ্যাত্মিক অনুষ্ঠানৰ আয়োজন কৰি থাকিব লাগে আৰু তাত সন্তানৰ অংশগ্ৰহণ নিশ্চিত কৰিব লাগে। আধ্যাত্মিক দৰ্শনৰ চর্চা, তাত অংশগ্ৰহণ আৰু বিভিন্ন চৰিত্ৰ গঠনমূলক আধ্যাত্মিক কাহিনীয়ে সন্তানৰ চৰিত্ৰ গঠনত সহায় কৰে (Spirituality as positive youth development construct)। সেয়ে আমাৰ যিসমূহ মহান আধ্যাত্মিক গ্ৰন্থ আছে তাৰ কাহিনী, সাৰমৰ্ম, মহৎ বাণীসমূহ সন্তানক অৱগত কৰাব লাগে।

এটা নিৰ্দিষ্ট বয়সত সন্তানক ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণৰ সুবিধা দিব লাগে। এই সুবিধা পৰিয়াল তথা সমাজ দুয়োফালৰ পৰা দিব লাগে। সামাজিক দায়বদ্ধতা গ্ৰহণ কৰিলে তেওঁলোক পৰিপক্ক হৈ উঠিব আৰু সামাজিক অৰিহণা আগবঢ়াবলৈ উৎসুক হ’ব।

আধ্যাত্মিক জ্ঞানৰ চর্চা এনে পৰ্যায়ত হ’ব লাগে যাতে সেয়াই অতি ধৰ্মান্ধতাৰ পৰিৱৰ্তে বিজ্ঞান মনস্ক আধ্যাত্মিকতা প্ৰদান কৰে। এনেকুৱা আধ্যাত্মিক জ্ঞান প্ৰদান কৰিব লাগে যাতে তাৰ পৰা তেওঁলোকৰ সামাজিক প্ৰমূল্যবোধ সৃষ্টি হয়। পৰিয়াল তথা সমাজৰ বাবে চিন্তা কৰাৰ শক্তি আৰ্জিত হয়।

আধ্যাত্মিক দৰ্শনৰ চৰ্চা আৰু তাক নিজৰ ৰক্তত প্ৰবাহিত কৰিব পাৰিলে যুৱ প্ৰজন্মই নিজক সঠিক পথত পৰিচালিত কৰাত কোনো সমস্যাৰে সৃষ্টি হ’ব নোৱাৰে। এক কথাত ক’বলৈ হ’লে এক সুস্থ মানসিকতা গঢ়ি উঠাত আধ্যাত্মিক দৰ্শনৰ এক সুদূৰ প্ৰসাৰী প্ৰভাৱ আছে। কিন্তু সেই আধ্যাত্মিকতা আমি কোনটো পৰ্যায়ত প্ৰদান কৰিব লাগিব সেই দিশটোৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব।

লগতে পঢ়ক: Durga Puja 2023: এইবাৰ দেৱী দুৰ্গাৰ আগমন আৰু গমন কিহত হ’ব ?