Operation Ajay: ইজৰাইলৰ পৰা ৰাওনা হোৱা তৃতিয়টো দল পুৱা উপস্থিত হ’বহি ভাৰত

Operation Ajay Third batch of 197 Indian nationals fly out from Israel
peration Ajay: ইজৰাইলৰ পৰা ৰাওনা হোৱা তৃতিয়টো দল পুৱা উপস্থিত হ’বহি ভাৰত

ইণ্টাৰনেশ্যনেল ডেস্ক,১৫ অক্টোবৰ: যোৱা ৭ অক্টোবৰত গাজাৰ পৰা সন্ত্ৰাসবাদী গোট হামাছে ইজৰাইলত চলোৱা আক্ৰমণৰ পাছতেই আতংকিত হৈ পৰিছিল দেশখনত থকা প্ৰবাসী ভাৰতীয়সকল (Israel-Hamas War) । পৰৱৰ্তী সময়ত আৰম্ভ হোৱা ইজৰাইল-হামাছৰ যুদ্ধৰ মাজতে ইজৰাইল ত্যাগ কৰি স্বদেশলৈ উভতি আহিব বিচাৰিছিল ভাৰতীয় লোকসকল । দেশখনত আবদ্ধ ভাৰতীয় লোকসকলক সুকলমে স্বদেশলৈ উভতাই অনাৰ সুবিধাৰ্থে যোৱা ১২ অক্টোবৰত মুকলি কৰিছিল ‘অপাৰেচন অজয়’(Operation Ajay)।

এই ‘অপাৰেচন অজয়’ৰ অংশ হিচাপে বিশেষ বিমানযোগে ইতিমধ্যে যোৱা দুটা দিনত দুটা দল উপস্থিত হৈছিলহি ভাৰত। শেহতীয়াকৈ ১৯৭ গৰাকী ভাৰতীয়ৰ তৃতীয়টো দলে বিশেষ বিমানেযোগে শনিবাৰে স্বদেশলৈ ৰাওনা হৈছে(Third batch of 197 Indian nationals fly out from Israel)।

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে(Minister of External Affairs S Jaishankar) x-ত এটা পোষ্টৰ জৰিয়তে এই কথা উল্লেখ কৰি লিখিছে, “অপাৰেচন অজয় আগবাঢ়িছে। তেল আভিভস্থিত ভাৰতীয় দূতাবাসে ঘোষণা কৰিছে যে শনিবাৰে বেন গুৰিয়ন বিমানবন্দৰৰ পৰা দুখন বিশেষ বিমানে যাত্ৰা কৰিব । ইয়াৰে প্ৰথমখন স্থানীয় সময় অনুসৰি সন্ধিয়া প্ৰায় ৫:৪০ বজাত উৰা মাৰে। দ্বিতীয়খন বিমানে ৩৩০ গৰাকী যাত্ৰী লৈ ইজৰাইলৰ স্থানীয় সময় অনুসৰি নিশা ১১:০০ বজাত ৰাওনা হ’ব ।

ইজৰাইলৰ স্থানীয় সময় অনুসৰি সন্ধিয়া প্ৰায় ৫.৪০ বজাত (ভাৰতীয় সময় অনুসৰি নিশা ৮.১০ বজাত) ১৯৭ গৰাকী ভাৰতীয় নাগৰিকৰ তৃতীয়টো দল স্বদেশলৈ ৰাওনা হৈছে। এই কথা উল্লেখ কৰি ইজৰাইলত থকা ভাৰতৰ ৰাষ্ট্ৰদূত সঞ্জীৱ চিংলাই লগতে কয়, “আমি সকলোকে শান্ত হৈ থাকিবলৈ আহ্বান জনাইছো। ইজৰাইলত থকা আমাৰ সকলো নাগৰিকক স্বগৃহলৈ ওভতাৰ সুবিধাখিনি প্ৰদান কৰিবলৈ দূতাবাসে ২৪ ঘণ্টা কাম কৰি আছে। আমি আমাৰ শিক্ষাৰ্থী, যত্ন লওঁতা আৰু ব্যৱসায়িক লোকসকলৰ কাষ চাপিছো। তেওঁলোকৰ মাজৰে একাংশই আমাৰ সৈতে স্বেচ্ছাসেৱক হিচাপে কাম কৰি আছে।

ইজৰাইলত থকা ভাৰতীয় দূতাবাসে X ৰ জৰিয়তে এটা প’ষ্টত উল্লেখ কৰিছে যে, স্বগৃহলৈ উভতিব বিচাৰি পঞ্জীয়ন কৰা আনসকল ভাৰতীয় নাগৰিককো ইমেইলযোগে পৰৱৰ্তী বিমানৰ সবিশেষ বাৰ্তা প্ৰেৰণ কৰা হ’ব (Indian Embassy in Israel)।

মিছনৰ ডাটাবেছত সকলো ভাৰতীয়ক পঞ্জীয়ন কৰিবলৈ ভাৰতীয় দূতাবাসে আৰম্ভ কৰা অভিযানৰ পিছত ‘প্ৰথম আহা, প্ৰথমে পাবা’ আধাৰত যাত্ৰীসকলক বাছনি কৰিছে । তাৰোপৰি তেওঁলোকৰ উভতি অহাৰ ব্যয় ভাৰত চৰকাৰে বহন কৰিছে। বৃহস্পতিবাৰে ইজৰাইলৰ পৰা অহা প্ৰথমখন চাৰ্টাৰ বিমানত যাত্ৰী আছিল ২১২ গৰাকী ভাৰতীয় । পৰৱৰ্তী ২৩৫ গৰাকী ভাৰতীয়ৰ দ্বিতীয়টো দলে শুকুৰবাৰে মাজ নিশা উপস্থি হৈছিলহি ভাৰত । এই পৰ্যন্ত মুঠ ৬৪৪ গৰাকী ভাৰতীয় নাগৰিকক ইজৰাইলৰ পৰা স্বগৃহলৈ স্থানান্তৰ কৰা হৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, ইজৰাইলত প্ৰায় ১৮ হাজাৰ ভাৰতীয় নাগৰিকে বাস কৰে আৰু কাম কৰে । এইসকলৰ ভিতৰত যত্ন লোৱা লোক, শিক্ষাৰ্থী, কেইবাগৰাকীও আই টি পেছাদাৰী আৰু হীৰা ব্যৱসায়ীও আছে। যোৱা ৭ অক্টোবৰত গাজা ষ্ট্ৰিপত অৱস্থান কৰা সন্ত্ৰাসবাদী দল হামাছে ইজৰাইলৰ ওপৰত স্থলপথ, আকাশমাৰ্গ আৰু সাগৰীয় পথেৰে চলোৱা আকস্মিক আক্ৰমণৰ পিছত দেশখনত থকা প্ৰবাসী ভাৰতীয়সকলৰ বাবে স্বেচ্ছামূলক প্ৰস্থান জৰুৰি হৈ পৰিছিল।

উল্লেখ্য যে, ইজৰাইলৰ ওপৰত চলা এই আকস্মিক আক্ৰমণত ১৩০০ৰো অধিক লোকৰ মৃত্যু হৈছে । ইয়াৰ বিপৰীতে ইজৰাইলৰ প্ৰতিশোধমূলক বিমান আক্ৰমণত গাজাত কমেও ১৯০০ লোক নিহত হৈছে।

লগতে পঢ়ক: Journalist killed in Lebanon: ইজৰাইলৰ মিচাইল আক্ৰমণত ৰয়টাৰৰ এগৰাকী সাংবাদিক নিহত, আহত ৬ সাংবাদিক