Gayan-Bayan statue unveiled: নগাঁৱত গায়ন-বায়ন, সূত্ৰধাৰৰ প্ৰতিমূৰ্তি উন্মোচন

Gayan-Bayan statue unveiled in Nagaon
নগাঁৱত গায়ন-বায়ন, সূত্ৰধাৰৰ প্ৰতিমূৰ্তি উন্মোচন

নগাঁও, ১৫ অক্টোবৰ: গায়ন-বায়ন- অসমীয়া বৈষ্ণৱ সত্ৰীয়া পৰম্পৰাৰ এটা প্ৰধান অংগ ৷ অংকিয়া ভাওনাত বায়নসকলৰ দৰে গায়নসকলেও বৰধেমালি, সৰুধেমালিত সহযোগ কৰে। গায়ন সকলে কাঁহৰ বৰ তাল হাতে হাতে লৈ খোলৰ চেঁৱে চেঁৱে বজাই যায় আৰু গীতসমূহ বায়নৰ লগে লগে গায়ন সকলেও উচ্চাৰণ কৰি গাই যায় আৰু গীতৰ তালে তালে নিজৰ নৃত্য প্ৰদৰ্শন কৰে ।

একেধৰণে সূত্ৰধাৰ হৈ একাধাৰে গায়ক, নৰ্তক, ঘোষক আৰু পৰিস্থিতিৰ এগৰাকী ব্যাখ্যাকাৰী । তাৰোপৰি ভাওনাৰ শ্লোক, অপিচ আৰু বচনৰ ওপৰত সম্পূৰ্ণ পৰিচালনাৰ ভাৰ থাকে এইগৰাকী সূত্ৰধাৰৰ ওপৰতে ।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অপূৰ্ব সৃষ্টি এই গায়ন বায়ন আৰু সূত্ৰধাৰৰ এটি পূৰ্ণাংগ মূৰ্তি দেওবাৰে নগাঁও চহৰৰ মাজমজিয়াত উন্মোচন কৰা হয় । শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও শাখাৰ উদ্যোগত উদযাপন কৰা গুৰুজনাৰ ৫৭৫ সংখ্যক আবিৰ্ভাৱ মহোৎসৱৰ লগত সংগতি ৰাখি দেওবাৰে নগাঁও চহৰৰ মাজমজিয়াত এই পূৰ্ণাংগ মূৰ্তিটো উন্মোচন কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক  শৰ্মাই (Gayan-Bayan statue unveiled)।

উল্লেখ্য যে, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও জিলা শাখাই উদযাপন কৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ । এই উপলক্ষ্যে দেওবাৰে নগাঁও জিলা শাখাৰ উদ্যোগত নগাঁও চহৰৰ মাজেৰে উলিওৱা হয় ভাগৱত আৰু সাংস্কৃতিক শোভাযাত্ৰা । তাল খোল আৰু হৰিনামৰ ধ্বনিত একপ্ৰকাৰ মুখৰিত হৈ পৰে নগাঁও চহৰ।

লগতে পঢ়ক: Impact of spirituality on youth: যুৱ মানসিকতা আৰু তাৰ ওপৰত আধ্যাত্মিকতাৰ প্ৰভাৱ