Leaders of Hamas: ইজৰাইল হামাছৰ যুদ্ধৰ মাজতে চৰ্চালৈ অহা কেইজনমান ব্যক্তি

most wanted leaders of hamas
Leaders of Hamas: ইজৰাইল হামাছৰ যুদ্ধৰ মাজতে চৰ্চালৈ অহা কেইজনমান ব্যক্তি

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৫ অক্টোবৰ: ইজৰাইলৰ ওপৰত পেলেষ্টৈইনী সন্থাসবাদী সংগঠন হামাছে কৰা আক্ৰমণে পুনৰ বিশ্ববাসীৰ আগত যুদ্ধৰ বিভীষিকাৰ এক কলা ছবি দাঙি ধৰিছে । সন্থাসবাদ নিমূল কৰি বিশ্ব শান্তিৰ পোষকতা কৰা দেশসমূহৰ বাবে এই যুদ্ধই এক ডাঙৰ প্ৰত্যাহ্বান হিচাপে থিয় দিছে । স্থল, জল আৰু আকাশমাৰ্গেৰে ইজৰাইলক লক্ষ্য কৰি হামাছৰ এই আক্ৰমণত ১৩০০ৰো অধিক লোক নিহত হোৱাৰ লগতে ১৯০০ লোক আহত হৈছে ।

গাজাত শাসন কৰা এই সন্থাসাবাদী সংগঠনটো এদিন যে এইদৰে ইজৰাইলৰ বাবে মূৰৰ কামোৰণি হ’ব সেই কথা হয়নো কোনেও ভৱা নাছিল । যাৰ বাবে হামাছ বৰ্তমানৰ ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ বাবে ডাঙৰ প্ৰত্যাহ্বান ।

ইছলামিক ৰেডিষ্টেন্স মুভমেণ্ট বা আৰবী ভাষাত হাৰাকত আল-মুকাৱামা আল-ইছলামিয়া বুলি কোৱা হামাছৰ জন্ম হৈছিল ১৯৮৭ চনত । এই সংগঠনটোক ইজৰাইলে সদায় সন্থাসবাদী সংগঠন হিচাপে অভিহিত কৰি আহিছে আৰু সময়ে সময়ে প্ৰতিৰোধৰ বাবে হামাছৰ ওপৰত আক্ৰমণ কৰি আহিছে । ইজৰাইলৰ বাহিৰেও আমেৰিকা, ইউৰোপীয় সংঘ, ব্ৰিটেইনৰ লগতে অন্যান্য দেশসমূহে হামাছৰ যুদ্ধাসকলক সন্থাসবাদী বুলিয়ে কৈ আহিছে । বৰ্তমান এই যুদ্ধৰ ফলস্বৰূপে সমগ্ৰ বিশ্বতে চৰ্চালৈ অহা হামাছৰ অন্তৰালত লুকাই থকা ব্যক্তিকেইগৰাকী হৈছে-

শ্বেইখ আহমেদ ইয়াছিন

এই সংগঠনটোৰ প্ৰথম নেতৃত্ব লৈছিল শ্বেইখ আহমেদ ইয়াছিনে । ইনতিফাদাৰ সময়ত গাজাত এইগৰাকী ইয়াছিন পেলেষ্টাইনীয়ে শৰণাৰ্থী হিচাপে বাস কৰিছিল। মনকৰিবলগীয়া যে, শ্বেইখ আহমেদ ইয়াছিনে নেতৃত্ব লোৱা হামাছৰ শিপা বিশ্বৰ অন্যতম চুন্নী মুছলমান গোট মুছমিল ব্ৰাদাৰহুডলৈকে শিপাই আছে ।

মুছমিল ব্ৰাদাৰহুডৰ প্ৰতিষ্ঠা হৈছিল ১৯২০ চনত । শ্বেইখ আহমেদ ইয়াছিন পেলেষ্টাইনী ধৰ্মগুৰু হোৱাৰ লগতে ইজিপ্তত প্ৰতিষ্ঠা হোৱা মুছমিল ব্ৰাদাৰহুডৰ এগৰাকী সক্ৰিয় কৰ্মী আছিল । এইগৰাকী ইয়াছিনে ইনতিফাদাৰ সময়তে মুছলিম ব্ৰাদাৰহুডৰ ৰাজনৈতি শাখা হিচাপে হামাছক প্ৰতিষ্ঠা কৰে ।

ইজৰাইলৰ এক ক্ষেপণাস্ত্ৰ আক্ৰমণত এইগৰাকী ইয়াছিনৰ মৃত্যু হয় । ২০০৪ চনত শ্বেইখ আহমেদ ইয়াছিনে হুইল চেয়াৰত বহি নামাজৰ বাবে গৈ থকা সময়তে ইজৰাইলে ক্ষেপণস্ত্ৰৰে আক্ৰমণ কৰে আৰু সেই আক্ৰমণতে তেখেতৰ মৃত্যু হয় ।

ছালাহ শ্বেহাদ

হামাছৰ সামৰিক শাখা হৈছে আল-কাছাম ব্ৰিগেড । এই শাখাটোৰ সামৰিক নেতা আছিল ছালাহ শ্বেহাদ । হামাছৰ গঠন হোৱাৰ পাছৰে পৰা শ্বেহাদ সংগঠনটোৰ এগৰাকী সক্ৰিয় কৰ্মী আছিল । যাৰ বাবে বহু কম সময়ৰ ভিতৰত এইগৰাকী শ্বেহাদ সংগঠনটোৰ আটাইতকৈ প্ৰভাৱশালী নেতা হিচাপে পৰিগণিত হৈছিল ।

গাজাত জন্ম গ্ৰহণ কৰা ছালাহ শ্বেহাদক ১৯৮৪ আৰু ১৯৮৮ চনত দুবাৰকৈ ইজৰাইল কৰ্তৃপক্ষই গ্ৰেপ্তাৰ কৰিছিল । ইজৰাইলে তেওঁক ১২ বছৰ ধৰি কাৰাদণ্ড দিয়ে যদিও ২০০০ চনৰ ১৪ মে’ত তেখেতক মুকলি কৰি দিয়ে । বিভিন্ন সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি, কাছামৰ ৰকেট উৎপাদন, ইজৰাইলৰ অসামৰিক লোকৰ ওপৰত আক্ৰমণৰ লগতে গাজালৈ চোৰাং সামৰিক অস্ত্ৰ-শস্ত্ৰ সৰবৰাহৰ লগত শ্বেহাদ জড়িত আছিল । তদুপৰি হামাছৰ কেইবাটাও সন্থাসবাদী আক্ৰমণৰ মাষ্টামাইণ্ড আছিল ছালাহ শ্বেহাদ ।

অৱশেষত ২০০২ চনৰ ২ জুলাই তাৰিখে ইজৰাইলী প্ৰতিৰক্ষা বাহিনীয়ে গাজা চহৰত থকা শ্বেহাদৰ ঘৰত বিমানেৰে আক্ৰমণ কৰে । এই আক্ৰমণৰ ফলতে শ্বেহাদৰ লগতে তেওঁৰ পত্নী আৰু কন্যাৰ মৃত্যু হয় । এই আক্ৰমণৰ ফলত কেইবাটাই ঘৰ ধ্বংস হোৱাৰ লগতে আন ১৫ জন লোকৰ মৃত্যু হৈছিল । ইয়াৰ ভিতৰত আছিল ৭ টা শিশু । এই আক্ৰমণত প্ৰায় ১৫০ গৰাকী লোক আহত হৈছিল ।

ইয়াহয়া আল-ছানৱাৰ

ইয়াহয়া আল-ছানৱাৰ হৈছে গাজা ষ্টিপত হামাছৰ বৰ্তমানৰ পেলেষ্টাইনী নেতা । তেখেতৰ জন্ম হৈছিল ১৯৬২ চনত । ছানৱাৰ আছিল হামাছৰ নিৰাপত্তা শাখাৰ অন্যতম সহ-প্ৰতিস্থাপক আৰু হামাছৰ ভিতৰত দ্বিতীয় শক্তিশালী নেতা । ২০১৫ চমত এইগৰাকী ইয়াহয়া আল-ছানৱাৰক আমেৰিকা চৰকাৰে সন্থাসবাদী হিচাপে ঘোষণা কৰিছিল ।

খালেদ মাছাল

খালেদ মাছালে হামাছৰ কুৱেইট শাখাৰ নেতৃত্ব হৈছিল । ১৯৯২ চনত তেখেত হামাছৰ পলিটব্যুৰো প্ৰতিষ্ঠাপক সদস্য হোৱাৰ লগতে ইয়াৰ অধ্যক্ষ হয় । ২০০৮ চনত শ্বেইখ আহমেদ ইয়াছিন আৰু তেওঁৰ উত্তৰাধিকাৰী আব্দেল আজিজ আল-ৰানটিছিক ইজৰাইলে হত্যা কৰাৰ পাছত তেখেত হামাছৰ মুৰব্বী হয় ।

তেওঁৰ নেতৃত্বতে ২০০৬ চনত পেলেষ্টাইনৰ বিধানসভাৰ নিৰ্বাচনত হামাছে সংখ্যাগৰিষ্ঠতা লাভ কৰি সমগ্ৰ বিশ্বকে স্তম্ভিত কৰি তুলিছিল । ২০১৭ চনত মাছালে কাৰ্যকালৰ সীমা শেষত হামাছৰ পলিটব্যুৰোৰ অধ্যক্ষৰ পৰা পদত্যাগ কৰে ।

উল্লেখ্য যে, ১৯৬৭ চনৰ ছয় দিনীয়া যুদ্ধৰ পাছতে মাছালে পশ্চিম পাৰৰ পৰা পলায়ন কৰি আৰৱৰ অন্যান্য প্ৰান্তত বাস কৰিবলৈ লৈছিল । তেতিয়া তেখেতে হামাছৰ বাহ্যিক নেতৃত্ব লোৱা বুলি প্ৰচাৰ হয় ।

ইছমাইল হানিয়েহ

১৯৬২ চনত গাজা ষ্ট্ৰিপৰ আল ছাতি শৰণাৰ্থী শিবিৰত জন্ম গ্ৰহণ কৰা হানিয়েহে গাজাৰ ইছলামিক বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল। সেই সময়ছোৱাতে তেখেত হামাছৰ সৈতে জড়িত হৈ পৰিছিল । আৰবী সাহিত্যিত স্নাতক ডিগ্ৰী লাভ হানিয়েহ হামাছৰ এটা কাৰ্যালয়ৰ মুৰব্বী হিচাপে নিযুক্তি লাভ কৰে । তেতিয়াৰ পৰাই তেখেত হামাছৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ পৰে ।

২০০৬ চনত পেলেষ্টাইনৰ বিধানসভা নিৰ্বাচনত জয়ী হোৱা হামাছৰ অন্যতম মুৰব্বী আছিল হানিয়েহ । সেয়েহে তেখেত প্ৰধানমন্ত্ৰী হৈছিল । কিন্তু দায়িত্বভাৰ গ্ৰহণ কৰা এবছৰৰ পাছতে ২০০৭ চনৰ ১৪ জুনত ফাতাহ-হামাছৰ সংঘাতৰ বাবে ৰাষ্ট্ৰপতি মাহমুদ আব্বাছে হানিয়েহক কাৰ্যভাৰৰ পৰা বৰ্খাস্ত কৰিছিল । কিন্তু নিজৰ শক্তিৰে গাজা ষ্টিপত তেখেতে প্ৰধানমন্ত্ৰী কৰ্তৃত্ব অব্যাহত ৰাখিছিল । ২০১৭ চনৰ ৬ মেত তেওঁ হামাছৰ ৰাজনৈতিক মুৰব্বীৰ দায়িত্ব গ্ৰহণ কৰে ইছমাইল হানিয়েহে।

মহম্মদ ডেইফ

হামাছৰ সশস্ত্ৰ শাখাৰ এজ্জদিন আল কাছাম ব্ৰিগেডছৰ মুৰব্বী ডেইফ ইজৰাইলৰ এক নম্বৰ ৰাজহুৱা শত্ৰু । প্ৰকাশিত তথ্য অনুসৰি এই গৰাকী ডেইফক প্ৰায় ৬ বাৰ হত্যা কৰিবলৈ চেষ্টা চলালইছিল ইজৰাইলে । তদুপৰি ২০১৫ চনৰ পৰা আমেৰিকাৰ “আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী”ৰ তালিকাত আছে মহম্মদ ডেইফ।

ইজৰাইলৰ অভিযোগ অনুসৰি ডেইফ হৈছে ইজৰাইলৰ ওপৰত হামাছৰ আক্ৰমণৰ মাষ্টামাইণ্ড । ইজৰাইলৰ প্ৰধান শত্ৰু মহম্মদ ডেইফ বুলি কোৱা হৈছে যদিও এতিয়ালৈকে ইজৰাইলেও সঠিকভাৱে ডেইফক চিনাক্ত কৰিব পৰা নাই । মহম্মদ ডেইফৰ প্ৰকৃত নাম মহম্মদ ডায়াব আল মাছৰী ডেইফ । তেখেতৰ জন্ম হৈছিল ১৯৬৫ চনত গাজাৰ খান ইউনিছ শৰণাৰ্থী শিবিৰত। ১৯৮০ চনৰ পৰা ইজৰাইলৰ বিৰুদ্ধে হামাছৰ বহু অভিযানত গুৰু দায়িত্ব পালন কৰিছিল ডেইফে ।

লগতে পঢ়ক: Operation Ajay: ইজৰাইলৰ পৰা ৰাওনা হোৱা তৃতিয়টো দল পুৱা উপস্থিত হ’বহি ভাৰত