Assamese modern song launch: অসমীয়া সংগীতৰ বৰ্ণিল ক্ষেত্ৰত দুটি সুন্দৰ আধুনিক গীতৰ সংযোজন

Assamese modern song launch at Guwahati press club
Assamese modern song launch: অসমীয়া সংগীতৰ বৰ্ণিল ক্ষেত্ৰত দুটি সুন্দৰ আধুনিক গীতৰ সংযোজন

নিউজ ডেস্ক, ১৫ অক্টোবৰ: অসমীয়া সংগীতৰ বৰ্ণিল ক্ষেত্ৰখনত শেহতীয়াভাৱে সংযোজন ঘটা দুটি সুন্দৰ অসমীয়া আধুনিক গীত ‘জীৱন গাথা’ [Story of Life] আৰু ‘জুৰিটিৰ ধুনীয়া লহৰ’ৰ দৃশ্য-শ্ৰাব্য সংস্কৰণ যোৱা ১৪ অক্টোবৰত গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচন কৰা হয় (Assamese modern song launch)। প্ৰেছ ক্লাৱ(Guwahati Press Club)ত অনুষ্ঠিত হোৱা এখনি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত পি কে ডি প্ৰডাকচনৰ দ্বাৰা নিবেদিত এই গীত দুটি উন্মোচন কৰে বিশিষ্ট সংগীতজ্ঞ আৰু কণ্ঠশিল্পী ক্ৰমে ৰমেন চৌধুৰী, জে পি দাস, দ্বীপেন বৰুৱা, সমৰ হাজৰিকা, অনুপম চৌধুৰী, অতুল মেধি আৰু বিপুল বৰুৱাই ৷

আধুনিক অসমীয়া সংগীতৰ বিশিষ্ট সুৰকাৰ, সংগীতকাৰ তথা গায়ক জে পি দাস আৰু প্ৰতিভাশালী শিল্পী কৃপাময় দাসৰ কণ্ঠত হিয়া জুৰ পেলোৱা নতুন উপস্থাপনা শৈলীৰ আবেদনময়ী ‘জীৱন গাথা’ গীতটি কথাৰে সজাইছে বিশিষ্ট শিল্পী প্ৰয়াত অপূৰ্ব বেজবৰুৱাই ৷ জে পি দাসে সুৰ কৰা গীতটিৰ সংগীত তথা ভিডিঅ’ পৰিচালনা কৰিছে অভিজিৎ বৰ্মনে ৷ এই সুন্দৰ সুসংগত দ্বৈতকণ্ঠৰ গীতটিত দুয়োজনৰ গায়কীয়ে ইজনে সিজনক নিখুঁতভাৱে পৰিপূৰক কৰি তুলিবলৈ সক্ষম হৈছে ৷ ‘জীৱন গাথা’ গীতটিৰ সহঃ কণ্ঠশিল্পী হিচাপে জড়িত হৈ আছে নৱপ্ৰজন্মৰ এগৰাকী প্ৰতিভাসম্পন্ন শিল্পী অংশুমান বৰা ৷

আনহাতে ‘জুৰিটিৰ ধুনীয়া লহৰ’ত কণ্ঠ নিগৰাইছে ডাঃ প্ৰেৰণা দাসে ৷ ডাঃ দাসৰ সুৱদী কণ্ঠত গীতটিয়ে সঁচাকৈ শ্ৰোতা, দৰ্শকৰ হূদয়ত এটা মিঠা লহৰ তুলিবলৈ সক্ষম হ’ব বুলি আমি বিশ্বাসী ৷ গীতটি কথা, সুৰ আৰু সংগীতেৰে সজাইছে দিগন্ত ভাৰতীয়ে ৷ অভিজিৎ বৰ্মনৰ দ্বাৰা পৰিচালিত এই ভিডিঅ’টোত অভিনয় কৰিছে ডাঃ প্ৰেৰণা দাস, অংশুমান বৰা, পিংকী হীৰা আৰু অৰূপ দাসে ৷ গীতটিৰ কৰিঅ’গ্ৰাফী বাবুচা বিজয় দাসৰ ৷

এই গীত দুটিৰ লগতে বনকোঁৱৰ আনন্দিৰাম দাসৰ চাৰি বছৰমান আগতে উন্মোচিত হোৱা আঠোটি বনগীতৰ এটি শ্ৰব্য সঁফুৰা ‘সুৱদি সুৰীয়া সুবাস’ৰ গীতো কৃপাময় দাসৰ উদ্যোগত আৰু পি কে ডি প্ৰডাকচনৰ জৰিয়তে জনপ্ৰিয় ইউটিউব চেনেলত শীঘ্ৰে মুক্তি দিয়া হ’ব ৷ এই অনুষ্ঠানটিতে আই আই টি গুৱাহাটীৰ অধ্যাপক শচীন্দ্ৰ কুমাৰ কাকতি, দিগন্ত ভাৰতী, অভিজিৎ বৰ্মন, মীৰা দাস চহৰীয়া, হীৰা দাস, মিনতি চৌধুৰীকে ধৰি বিশিষ্ট ব্যক্তিসকলক সম্বদ্ধৰ্না জনোৱা হয় ৷ অসমীয়া আধুনিক সংগীতৰ সোঁতৰ বিপৰীতে নিভাঁজ আৰু মিঠা গীত দুটিয়ে দুটা পৃথক পৰিৱেশ অংকন কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক: Gayan-Bayan statue unveiled: নগাঁৱত গায়ন-বায়ন, সূত্ৰধাৰৰ প্ৰতিমূৰ্তি উন্মোচন