Cash For Query: সংসদত আদানি গোটৰ বিৰুদ্ধে প্ৰশ্ন কৰি বিপদত সাংসদ মহুৱা মৈত্ৰ !

Cash For Query MP Mahua Moitra in trouble after asking questions against Adani group in Parliament !
সংসদত আদানি গোটৰ বিৰুদ্ধে প্ৰশ্ন কৰি বিপদত সাংসদ মহুৱা মৈত্ৰ !

নিউজ ডেস্ক, ২০ অক্টোবৰ: লোকসভাত আদানি গোটৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰি বিপদত তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰ(Trinamool Congress MP Mahua Moitra)। বিগত সময়ছোৱাত সাংসদগৰাকীয়ে লোকসভাত উপৰ্যুপৰি আদানি গোটৰ সন্দৰ্ভত বিভিন্ন প্ৰশ্ন উত্থাপন কৰি আহিছিল ।

সংসদত উত্থাপন কৰা এনে প্ৰশ্নৰ বাবেই তৃণমূল কংগ্ৰেছৰ এইগৰাকী সাংসদৰ বিৰুদ্ধে এগৰাকী বিজেপি সাংসদে এক গুৰুতৰ অভিযোগ আনিছে । বিজেপি সাংসদ নিশিকান্ত ডুবে(BJP MP Nishikant Dubey)য়ে মহুৱা মৈত্ৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি উল্লেখ কৰিছে যে, তেওঁ ধনৰ বিনিময়ত এইধৰণৰ প্ৰশ্ন উত্থাপন কৰিছে (Cash For Query)।

বিজেপি সাংসদগৰাকীৰ এই অভিযোগৰ পাছতে এতিয়া ন্যায়ালয়ৰ কাষ চাপিছে তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰই। ইতিমধ্যে সাংসদগৰাকীয়ে দিল্লী উচ্চ ন্যায়ালয়ত দাখিল কৰিছে এখন আবেদন।

সাংসদগৰাকীয়ে দিল্লী উচ্চ ন্যায়ালয়ত দাখিল কৰা এই আবেদনৰ শুনানি গ্ৰহণ কৰা হ’ব শুকুৰবাৰে । মৈত্ৰই ন্যায়ালয়ত দাখিল কৰা আবেদনত বিজেপি সাংসদ নিশিকান্ত ডুবে, এগৰাকী অধিবক্তা, কেইবাটাও সামাজিক মাধ্যমৰ প্লেটফৰ্ম আৰু সংবাদ সংস্থাৰ বিৰুদ্ধে বিভিন্ন ভুৱা আৰু অপমানজনক বিষয় উত্থাপনৰ লগতে এইসমূহৰ প্ৰচাৰত নিষেধাজ্ঞাৰ নিৰ্দেশ বিচাৰি আবেদন দাখিল কৰিছে।

যোৱা ১৭ অক্টোবৰত দাখিল কৰা এই আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ শচীন দত্তই । পশ্চিমবংগৰ কৃষ্ণনগৰ লোকসভা সমষ্টিৰ পৰা সংসদলৈ নিৰ্বাচিত মৈত্ৰই আবেদনখনৰ জৰিয়তে নিশিকান্ত ডুবে, অধিবক্তা জয় অনন্ত দেহাদ্ৰী, সামাজিক মাধ্যম এক্স, ছাৰ্চ ইঞ্জিন গুগল, ইউটিউৱৰ লগতে ১৫ টাকৈ সংবাদ প্ৰতিষ্ঠানৰ বিৰুদ্ধে অপমানজনক আৰু দুৰ্ভাগ্যজনক মন্তব্য প্ৰকাশ, প্ৰচাৰত স্থায়ীৰূপে বাধা প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে ।

উল্লেখ্য যে, বিজেপি সাংসদ নিশিনাক্ত ডুবেয়ে তৃণমূল কংগ্ৰেছৰ সাংসদগৰাকীৰ বিৰুদ্ধে সংসদত প্ৰশ্ন উত্থাপনৰ বাবে উপঢৌকন লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল । লগতে বিজেপি সাংসদগৰাকীয়ে লোকসভাৰ অধ্যক্ষ ঔম বিৰলা(Speaker of Lok Sabha Om Birla)ক অনুৰোধ জনাইছিল যে, মহুৱা মৈত্ৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ উচিত তদন্ত কৰা হওক আৰু এই তদন্তৰ বাবে এখন সমিতি গঠন কৰা হওক।

বিজেপি সাংসদ ডুবেয়ে অধিবক্তা জয় অনন্ত দেহাদ্ৰীৰ পৰা লাভ কৰা এখন পত্ৰৰ উদ্ধৃতি দি লোকসভাৰ অধ্যক্ষলৈ প্ৰেৰণ কৰিছে এখন পত্ৰ । লোকসভাৰ অধ্যক্ষলৈ লিখা পত্ৰখনত ডুবেয়ে দাবী কৰা অনুসৰি, শেহতীয়াকৈ মহুৱা মৈত্ৰয়ে সংসদত কৰা ৬১ টা প্ৰশ্নৰ ৫০ টাই কেৱল আদানী গোটৰ ওপৰত গুৰুত্ব আৰোপ কৰি কৰা হৈছে । পত্ৰখনত ডুবেয়ে লগতে উল্লেখ কৰে যে, অধিবক্তাগৰাকীয়ে তৃণমূল কংগ্ৰেছৰ এগৰাকী নেতাক উৎকোচ দিয়াৰ প্ৰমাণ দিছে । তেনেক্ষেত্ৰত বিষয়টোক কোনোপধ্যেই অস্বীকাৰ কৰিব নোৱাৰি ।

ইফালে এক্সৰ এটা পোষ্টত মহুৱা মৈত্ৰই উল্লেখ কৰে যে পত্ৰখনৰ বিষয়বস্তু হাস্যকৰ । তেওঁৰ মতে এই কাম প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ কোনো লোকে কৰিছে, যি বিজেপিৰ আইটি চেলত সৃজনশীল লেখক হিচাপেও কাম কৰি আহিছে । মোডী আৰু আদানিক প্ৰশংসাৰে উপচাই থকা এই চক্ৰটোৱে প্ৰতিগৰাকী বিৰোধী নেতাক তেওঁলোকৰ কথিত দুৰ্নীতিৰ সৈতে জড়িত কৰিবলৈ চেষ্টা কৰি থাকে ।

মহুৱা মৈত্ৰই দিল্লী উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনখনত তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহ নস্যাত কৰাৰ লগতে এনে অভিযোগৰ জৰিয়তে জনমানসত তেওঁৰ ভাৱমূৰ্তি কলুষিত কৰিবলৈ চেষ্টা কৰিছে বুলি উল্লেখ কৰিছে ।

লগতে পঢ়ক: OIL pipeline blast: দুলীয়াজানত অইল ইণ্ডিয়াৰ তৈলখাদত ভয়ংকৰ কাণ্ড, আতংকিত স্থানীয় লোক