Durga Puja 2023: ব্যতিক্ৰমী কাৰ্যসূচীৰে নগাঁৱৰ এখন দুৰ্গা পূজা কমিতি

Durga Puja 2023 A Durga Puja committee in Nagaon is an exceptional programme
Durga Puja 2023: ব্যতিক্ৰমী কাৰ্যসূচীৰে নগাঁৱৰ এখন দুৰ্গা পূজা কমিতি

নগাঁও, ২৩ অক্টোবৰ: ১৯৭৩ চনতে স্থাপিত হোৱা নগাঁও চহৰৰ আৰ কে পথত থকা নগাঁও হিন্দু মিলন মন্দিৰে প্ৰতিবছৰে শাৰদীয় দুৰ্গা পূজাত (Saradiya Durga Puja) এক ব্যতিক্ৰমী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে । বিশেষকৈ জনসচতেনতা,অসমৰ পৰম্পৰাগত লোকশিল্প আদিক দুৰ্গাপূজাৰ সময়ত প্ৰতীকী ৰূপত প্ৰচাৰত গুৰুত্ব দি আহিছে নগাঁও হিন্দু মিলন মন্দিৰ দুৰ্গা পূজা সমিতিয়ে (Durga Puja 2023) ।

এইবাৰো নগাঁও হিন্দু মিলন মন্দিৰ দুৰ্গা পূজা সমিতিয়ে দুৰ্ঘটনা ৰোধৰ লগতে নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ লক্ষ্যৰে গ্ৰহণ কৰিছে ব্যতিক্ৰমী কাৰ্যসূচী(Accident prevention and awareness against drugs) ।

পূজা মণ্ডপত সজোৱা এটা দৃশ্যত এখন গাড়ীত চালকৰ আসনত বহি থকা লোকজন দুৰ্ঘটনাত পতিত হোৱা দেখুৱাইছে । ইয়াত চালকজনৰ হাতত আছে এটা সুৰাৰ বটল । কিছু আঁতৰত এজন যানবাহন নিয়ন্ত্ৰণত নিয়োজিত আৰক্ষীক দেখুওৱা হৈছে । এই দৃশ্যৰ কাষতে এখন কাগজত লিখা আছে সুৰাপান কৰি গাড়ী চলোৱাৰ পৰিণাম(Consequences of drinking and driving)।

দ্বিতীয় দৃশ্যত দুখন মটৰ চাইকেলত উঠি অহা যুৱকে দুগৰাকী যুৱতীৰ ডিঙিৰ পৰা সোণৰ চেইন কাঢ়ি নিয়াৰ দৃশ্য দেখুওৱা হৈছে (Snatching gold chain) । কিছুদূৰ যোৱাৰ পিচত আৰক্ষীয়ে চুৰি কাৰ্যত লিপ্ত যুৱক দুজনক আগভেটি ধৰা দৃশ্য দেখুওৱা হৈছে । দৃশ্যটোৰ লগত লগাই ৰখা কাগজ এখনত লিখা আছে, চুৰি কৰি সাৰি যাব নোৱাৰি ।

তৃতীয় দৃশ্যত দুৰ্ঘটনাত পতিত হোৱা দুখন মটৰ চাইকেল দেখুওৱা হৈছে (Motorcycle involved in accident) । ইয়াৰে এখন মটৰ চাইকেলৰ চালকজনৰ মৃত্যু হৈছে । যিহেতু তেওঁ হেলমেট পৰিধান কৰা নাছিল । ইফালে দুৰ্ঘটনাত পতিত হেলমেট পৰিধান কৰা আনজন যুৱক আনখন মটৰ চাইকেলৰ চালক । হেলমেট পৰিধান কৰি থকাৰ হেতুকে তেওঁ দুৰ্ঘটনাটোত সামান্য আঘাত প্ৰাপ্ত হ’লেও মৃত্যু নহল । এই দৃশ্যৰ লগত ৰখা কাগজখনত লিখা আছে ‘হেলমেট পিন্ধাৰ কাৰণে বাচি গলো’।

আন এটা দৃশ্যত এখন ৰাইজমেল দেখুওৱা হৈছে । য’ত অঞ্চলৰ বয়োজ্যেষ্ঠ ব্যক্তিয়ে পৰামৰ্শ দিছে আপোনাৰ সন্তানে ঘৰৰ বাহিৰত কি কৰি আছে দৃষ্টি ৰাখক (Monitor your child) । অৰ্থাৎ এই দৃশ্যৰ জৰিয়তে প্ৰতীকীভাবে সন্তানে ঘৰৰ বাহিৰত কি কৰি আছে দৃষ্টি দিবলৈ আহ্বান জনাইছে ।

একেধৰণে আন এটা দৃশ্যত দুজন নিচাসক্ত যুৱকক দেখুওৱা হৈছে । তেওঁক এজন বয়োজ্যেষ্ঠ ব্যক্তিয়ে আহ্বান জনাইছে ‘অকনমান আনন্দৰ বাবে জীৱনটো কিয় ধ্বংস কৰিছা (Life ruined for a little pleasure)।’

এই ধৰণে বহুকেই বিষয়বস্তুৰে নগাঁও হিন্দু মিলন মন্দিৰ দুৰ্গা পূজা সমিতিয়ে জনসাধাৰণৰ মাজত সচতেনতা অনাৰ লক্ষ্যৰে প্ৰতীকী ৰূপত সজাই তুলিছে পূজা মণ্ডপৰ চৌহদ ।

উল্লেখযোগ্য যে হিন্দু মিলন মন্দিৰৰ পূজা মণ্ডপৰ মূল তোৰণভাগ নগাঁও চহৰৰ মাজমজিয়াত থকা ক্লক টাৱাৰৰ দৃশ্যৰে সুশোভিত কৰা হৈছে (View of Clock Tower)। হিন্দু মিলন মন্দিৰ সমিতিৰ সভাপতি প্ৰহ্লাদ বনিক আৰু সম্পাদক সুজিত দাসে কয় যে, জনসচেতনতা হৈছে হিন্দু মিলন মন্দিৰৰ মূল উদ্দেশ্য । সেয়ে প্ৰতিবাৰে দুৰ্গা পূজাত এনেধৰণৰ দৃশ্যসমূহ প্ৰতিকী অৰ্থত দেখুওৱাৰ চেষ্টা কৰা হয় ।

লগতে পঢ়ক: এইবাৰ দেৱী দুৰ্গাৰ আগমন আৰু গমন কিহত হ’ব ?